Abir Love Story 35 | Published by Indranee Sharma | Love Story

:তুমি এবাৰ তেওঁক লগ কৰি লোৱা,প্লিজ ।
মা আচৰিত হ’ল।
:কাক ?
:অথনি যে ফটো..মানে এলবামত যে
:চুপ,একদম চুপ । এইবোৰ ধেমালি বুলি ভাবিছ নেকি মাজু । তোৰ এই যি মন যায় যেতিয়াই মন যায় কৈ দিয়া, কৰি দিয়া স্বভাৱটো এৰ ।
:নেৰোঁ, কিয় এৰিম । তুমি জানো নিজৰ জেদ এৰিছা ? সলাব পৰিছা নিজকে ? দেউতাক ভাল পাব পাৰিছা ? ভাল বোৱাৰী, ভাল মা, ভাল পত্নী হোৱাৰ অভিনয় কৰিব পাৰিছা ? নাই পৰা । সৱেই নোৱাৰে । অন্ততঃ তোমাৰ মোৰ দৰে মানুহে কেতিয়াও নোৱাৰে ।

Abir Love Story


মা অলপ পৰ থৰ লাগি ৰ’ল । থুপু মোৰ কোলাৰ পৰা নামি দৌৰি গৈ হোটেল ৰূমৰ ইণ্টাৰকমটো টিপিবলৈ লাগিল । বিছনাৰ এটা কোণত বহি পৰিল । সন্মুখৰ দুজন বহিব পৰা চোফাখনত মই । মায়ে মোবাইলটো উলিয়াই কিবা খুঁচৰি আছে । একো নাইকোৱা । মোৰ ফোনত অনিৰুদ্ধৰ মেছেজ,”অলপ আগতে ৰৈ আছোঁ’ ।
মায়ে একো নোকোৱা দেখি ময়ে মাক ক’লো । সেই মানুহজনৰ জোঁৱায়েক যে আমাৰ অফিচতে কাম কৰে । মই কিবা কৰি অফিচৰ ইণ্টাৰনেল চাইটৰ পৰা ফোন নম্বৰ পাই যাম ।
:ফোন কৰি কি বুলি ক’বি ?
এইবাৰ মোৰ ওচৰত একো উত্তৰ নাই । সেইয়া মইতো ভবাই নাই, কি বুলি কম ? ঠিকেই কৈছে মায়ে । কিছুমান কথাৰ কেৱল মাজৰখিনি হে আমি জানো, আৰম্ভণি আৰু শেষ ক’ত হ’ব কেনেকৈ হ’ব সেইয়া আমি নাজানো ।

আনকি আমি ভাবিবও নোৱাৰোঁ, আঁত হেৰায় বাৰে বাৰে ।
:নালাগে মাজু,থাকক এইবোৰ কথা । মোক আৰু বেছি দুখ হে দিব চাগে এইবোৰে । ভয় লাগে । আচলতে মই নিজে কি ক’ব খুজিছোঁ সেইটোহে মই জানো । কি শুনিব বিচাৰিছোঁ সেইটো নাজানো । যদি তেওঁ কয়,তেওঁ এতিয়া খুব সুখী পত্নীৰ সৈতে । তেতিয়া মই ঈৰ্ষাত জ্বলিম । কাহানিও সুখী নোহোৱা নিজৰ সংসাৰ খন তেওঁৰ লগত তুলনা কৰিম । আকৌ যদি তেওঁ কয় তেওঁ খুব অসুখী । তেতিয়া মই অপৰাধবোধত মৰিম । কি কৰিলোঁ,কিয় কৰিলোঁ সেইখিনি আকৌ ভাবি ভাবি জ্বলিম । দুফালৰপৰাই মোৰ সুখ নহয় মাজু । মই খোলাত জীয়াই ভাল পোৱা মানুহ । এনেকৈয়ে থাকোঁ দে । উদাৰ মন এটা ক’ৰপৰা বিচাৰি আনিম এতিয়া ? ভাল মানুহ হৈ সকলোকে মাফ কৰি মহান কেনেকৈ হ’ম এই আদবয়সত ! কথাবোৰ ক’বৰ ইচ্ছা আছে, কিন্তু একো শুনিবৰ ইচ্ছা নাই মোৰ । তোৰ দেউতাৰ লগত মিলি সংসাৰ কৰিবলৈ মই চেষ্টা নকৰা নহয় । কৰিছিলোঁ । কিন্তু মানুহটো নিজেই অসুখী । ভিতৰি খালি । একো নাই । বাহিৰটো ৰংচঙীয়া কৰি থয় ধুনীয়াকৈ । ময়োতো তেনেকুৱাই হৈ গৈ আছিলোঁ, যেতিয়ালৈকে এটা এটাকৈ বস্তুবোৰ হেৰাই যোৱা নাছিল, তেতিয়ালৈকে ময়ো একেই আছিলোঁ । তোৰ লগতো জানো কম অন্যায় কৰিলোঁ মই ? সেইকাৰণে এতিয়া ভূগিব দে মোক । এনেকৈয়ে থাকিব দে । নিজৰ দুখৰ বোজা আনক জাপি নিদিওঁ আৰু এতিয়া । থাকক নিজৰ লগতে  ।
:আশান্তিত থাকি ভাল পোৱা ? অভ্যাস কৰি লৈছা ?


:সুখৰ লগত,দুখৰ লগত মানুহে অভ্যাস এটা গঢ়ি লয়েই ।
:হমম ।
:গধূলি হ’ল । যা ককাই চিন্তা কৰিব । কাইলৈ দেওবাৰ নহয়,মলবোৰত ভিৰ বেছি হয় নেকি ?
:সন্ধিয়া সময়ত হয়,দুপৰীয়া গ’লে ভিৰ নোপোৱা । কি কিনা নো ?
:তই এইবোৰ কাপোৰ পিন্ধি ঘূৰি ফুৰ । ময়েই দেখি বেয়া পাইছোঁ । ওলাবি মোৰ লগত ।
:এইটোনো কি বেয়া,কটন হয়,ভালেইটো ।
:তই নালাগে দে লগত যাব । ময়েই আনিম,মিডিয়াম ৰাইট ?
:হমম ।


থুপুয়ে এইবাৰ আহি মাৰ ওচৰ পালেহি,কিবা এটা ক’বলৈ চেষ্টা কৰিছে । ভালকৈ বুজা নাই যদিও অনিৰুদ্ধৰ কথাই যে কৈছে বুজি পাইছোঁ । মায়েও কিবা এটা বুজিলে ।
:কিবা ক’বি মাজু ?
:তেনেকুৱা একো নাই । মানে..
:ককাই কৈছিল,অনিৰুদ্ধ নামটো ?
ইফালে দেখিবই নোৱাৰে,কিন্তু সেইকন সময়তে মোৰ গোটেই কাহিনী শুনাই দিলে ককাই । এতিয়া আৰু লুকুৱাই লাভ নাই ।
:হয় ।
:সৱ জানে সি ? তোৰ কথা,থুপুৰ কথা, আমাৰ ঘৰখনৰ কথা ?
:জানে ।
:অসমীয়া ল’ৰা এটা বিচাৰি নাপালি ? হিন্দী ক’ব লাগিব এতিয়া সৱেই ।
মায়ে হাঁহি দিলে । হাঁহিলে মাক ইমান ধুনীয়া লাগে । মানুহ ইমান ধুনীয়া হ’ব পাৰে নে ? আজিৰ এই হাঁহিটো যেন সদায় কাৰণে সাঁচি থৈ দিম ।
:মইতো তোৰ মা নহয়,বন্ধু হে । কৈ দে কি আছে । গোসাঁইটো তুমি আইচক্ৰীম খাবা ?
মায়ে তাক গোসাঁইটো বুলি মাতে । বুকুখন ভৰি গ’ল মায়ে তাৰ কাৰণে আইচক্ৰীম অৰ্ডাৰ দি তাক ব্যস্ত ৰাখিলে । মই যিমান পাৰোঁ আমাৰ মাজৰ কথাবোৰ অলপো লুকঢাক নৰখাকৈ কৈ গৈছোঁ । শুনি আছে একান্ত মনে । একো নাইকোৱা । মায়ে বুজিছে নে বাৰু আমাৰ কথাবোৰ ?
হঠাৎ মোক আচৰিত কৰি মায়ে এটা অদ্ভুত কথা সুধি পেলালে
:আয়ুয়ে দুখ নাই পোৱা ?
:আয়ু  ??? আই মিন সি আকৌ কেলেই দুখ পাব ?
:সি তোক ভাল পাওঁ বুলি নাইকোৱা আজিলৈকে ? আচৰিত ।
ইয়াত আচৰিত কি আছে ?

:ধেৎ কি কোৱা মা।সি মোক যে ভাল নাপায় আৰু । তাৰ এতিয়ালৈকে ধেৰ গাৰ্লফ্ৰেণ্ড হ’ল জানা । এতিয়া তো সি মোৰ আগৰ ৰূমমেট জনীৰ প্ৰেমত বলিয়া । কি সাংঘাতিক মৰমলগা ছোৱালী মা । কিন্তু লগ হে নাপাবা । তাই ঘৰলৈ গৈছে । আয়ুয়ে তাইক ভাল পায় । মই জানো নহয় ।
:হয় নেকি ? তোৰ আগত কি কয় তাইৰ কথা ? তাইৰ লগত কি কথা পাতে, ক’লৈ ফুৰিবলৈ যায়, কি খায় সেইবোৰ কয় নে ?
নকয় । নাইকোৱা কেতিয়াও ? কিন্তু কিয় নকয় !!!!!!
:মাজু, তোৰো কেতিয়াও ভাল লগা নাছিল তাক ?
:তাকতো মই বহুত ভাল পাওঁ মা । কিন্তু সেইয়া প্ৰেম নহয় । কেতিয়াও নাছিল । থুপুৰ কাৰণে মোৰ যেনেকুৱা মৰম,ঠিক তেনেকুৱাই । সেইটো এটা পাগল । মস্ত অঁকৰা । একো নাজানে দুনীয়াৰ কথা ।
:ঠিকেই আছে তেন্তে । তই যা এতিয়া । দেৰি হৈছে ।
:সিটো কথাৰ উত্তৰ নিদিলা যে ?
:কোনটো কথা ?
:অনিৰুদ্ধই দিয়া প্ৰস্তাৱটো ? কি কৰোঁ মই ? মিছা কথা কৈ জানো ইমান ডাঙৰ ডিছিচন লোৱা উচিত ?আইতাকে যদি পিছত গম পায় ?
:প্ৰেক্টিকেল হ মাজু । বৰ বেছি আদৰ্শ,সত্যৰ দোহাই দি নিজৰ মূৰটো নাখাবি । বয়সস্থ মানুহ এইবোৰ কথা নুবুজে । শান্তিত মৰিবও নোৱাৰিব । যি মিছা কথাই মানুহক অপকাৰ নকৰে,সেইয়া কোৱাত আপত্তি ক’ত ?
:তাৰমানে মই মিছা কম ?
:ভাবি ল নিজেই,মইনো কি ক’ম । নিজৰ জীৱনেই সুস্থিৰ নহয়, উপদেশ দিওঁ কেনেকৈ ?
:হমম । যাওঁ দিয়া । কাইলৈ আহিবা এপাক ।
:সন্ধ্যা আহিম, দিনত কাম আছে ।
:ঠিক আছে ।

থুপুয়ে আধা খাই আইচক্ৰীম খিনি গ্লাছৰ বাতিটোতে থৈ দিছে । যাবলৈ ওলাওঁতে লৈ যাব সেইটো । তাৰ নতুন ফ্রেণ্ড মানে অনিৰুদ্ধলৈ । মাক বুজাইছে গাড়ীত ৰৈ আছে, সি সেইখিনি নি দি দিব । নহ’লে বেয়া পাব হেনো তাক । মায়ে মোলৈ চাই হাঁহিছে ।
তাক বুজাই বঢ়াই লৈ আনিলোঁ । হাততে অকণ তথাপিও লৈহে এৰিলে । গোটেইখন গলি শেষ হৈছে ।দুয়োখন হাত ইখনৰ ওপৰত সিখন দি গলি যোৱা আইচক্ৰীম কণ লৈ আহি আছে  । কোঁচত নুঠে ।কেনেবাকৈ পৰি যায় বুলি । উপায় নাপায় অনিৰুদ্ধক ফোন কৰি মাতি দিছোঁ ওচৰলৈ ।
হোটেলৰ পৰা ওলায়েই অনিৰুদ্ধক দেখি যিটোহে দৌৰ দিলে, গোটেইখিনি মাটিত পৰি থাকিলে । মনটো তাৰ সেমেকি গ’ল । সেইখিনিতে ৰৈ লৈ মোৰ ফালে চাই আছে ।
বেচেৰাটো !

অনিৰুদ্ধই বুজি পোৱা নাছিল । মই কোৱাত তাৰ হাতত লাগি থকাকণ হাতেৰে চুচি খাই দিলে । আৰু মোৰ থুপু তাতেই সুখী ।
নিজেও নিজৰ হাতখন চেলেকি চালে । আৰু তাৰ পিছত হাতখন চোলাটোত মোহাৰি থৈ দিলে ।
তাৰ মানুহৰ প্ৰতি মৰম আছে, আত্মীয়তা আছে । ভগাই খাব লাগে বুলিও জানে ।

ঘূৰি অহা বাটত অনিৰুদ্ধই মাথোঁ সেইটো কথাই কৈ থাকিল, যে থুপু আৰু তেওঁৰ বণ্ডিং হৈছেই, এতিয়া আৰু একো চিন্তা নাই ।
আৰু মোৰ মনত এটা নতুন চিন্তা ।
মায়ে আয়ুৰ কথা তেনেকৈ কিয় ক’লে ?????


দেওবাৰৰ সন্ধিয়াবোৰ এতিয়া আগৰদৰে নহয় । ককাই তলৰপৰা নিজে চিংৰা কিনি আনিছে । তৰাই থুপুৰ কাৰণে খোৱাৰ যোগাৰ কৰিছে । আয়ুয়ে মোবাইলত পাবজি খেলিছে আৰু থুপু তাৰ কাষতে বহি সেইয়া চোৱাত ব্যস্ত । কিন্তু আয়ুক মই আজি ফোন কৰাও নাই, মতাও নাই । নিজেই আহিছে ।দুপৰিয়াতে অহা । আগতে এইবোৰ মই কেতিয়াও ভৱা নাছিলোঁ । কিন্তু কালি মাৰ লগত কথা পতাৰ পাছত মূৰত কিবা কিবি কথা কিছুমান পাক খাই ঘূৰি আছে ।
মা আহি দেখিলে আকৌ বা কি কয় ?
:আয়ু ।
:কি ?


:হিবা কেতিয়া আহিব ?
:নাজানো,আজিকালি ফোন নুঠায় মোৰ ।
:কি?তই মোক নাই কোৱা যে ? তহঁতৰ কাজিয়া হ’ল ?
:তোক কেলেই ? মই তোক সুধো নেকি অনিৰুদ্ধৰ কথা ।
মনে মনে থাকিলোঁ । এনেকুৱা উত্তৰেই পাওঁ মই সদায় তাৰ পৰা । পোনকৈ একো নকয়েই । আজিও বেলেগ নহয় । হাতত গৰম চিংৰা আৰু জেলেপী লৈ ককা সোমালহি । মুখ হাত ধুই ধূপ ধুনা লগালে ।তেনেকুৱা সময়তে হাতত বেগ এসোপা লৈ মা আহি সোমালহি । গোটেইবোৰ পেকেট মোলৈ দি এটা সৰু পেকেট এটা আয়ুক দিলে ।
মইহে নালাগে সৱেই আচৰিত হৈছোঁ ।
সি পেকেট খুলি পাৰ্ফিউমৰ বটল এটা উলিয়াই আনিলে ।
:এইটো মোক দিছে ?
:উম ।



:ঐ এইটো কি লিখিছে ? চেনেল ?
:শ্যেনেল । চেনেল নহয় গৰু ।
:ফটা লেবেল মাৰিছ ? তহঁতি যিটো চ’ন পাপৰি বুলি খাৱ, আমি সেইটোকে ঘোঁৰা গোবৰ বুলি খোৱা মানুহ । এইবোৰ নাম নুফুটিবই ন মুখত । বাহ, মজা গোন্ধাইছে, এইটো লগালে আৰাম ছে পোন্ধৰদিন চলি যাব গা নোধোৱাকে ।
:য়াক,ছি আয়ু।
তাৰ পাছত গোটেইকেইটা বহি চিংৰা আৰু জেলেপীৰ সৈতে চাহ খালোঁ । মায়ে গ্ৰীণ টি খালে ।পেকেটবোৰৰ মাজৰ পৰা ককাৰ কাৰণে এযোৰ খুব কোমল জোতাও ওলাল । মৰ্নিং ৱাকত যাওঁতে পিন্ধিবলৈ আনিছে । নিজে কেতিয়াও নিদিয়ে । ময়ে দিলোঁ ককাক । আগ্ৰহেৰে পিন্ধি মাক দেখুৱালে ।কথাবোৰ এনেকৈয়ে সহজ হৈ থাকক সদায় ।
:মোনে কি আনিছা ?
মায়ে হেণ্ডবেগৰ পৰা উলিয়াই তাক চকলেট এটা দিলে । সি সেইটো অকণ অকণ টুকুৰা কৰি ভগাই খাইছে ।
মা যাবলৈ ওলাল । এনেকুৱাতে ফোন বাজিল । ফোনটো ধৰি মাৰ মুখৰ ৰং বাৰে বাৰে সলনি হৈছে ।
:কি হৈছে ?
ককাৰ মুখত চিন্তাৰ ৰেশ ।
মায়ে ফোনটো ককালৈ আগবঢ়াই দিলে ।
:কি হৈছে বাহাদুৰ ? এতিয়া সি ক’ত ?
নিচাৰ জালত গাড়ী চলাই এক্সিডেন্ট হৈছে দেউতাৰ । নিজে বেছি দুখ পোৱা নাই যদিও ৰাস্তাৰে খোজকাঢ়ি যোৱা মানুহ এজনক বেয়াকৈ খুন্দিয়ালে । এতিয়া ঘৰত বাগানৰ মানুহৰ উৎপাত । দেউতা হস্পিতালত । ঘৰত অকল বাহাদুৰ । ভয়তে মালৈ ফোন কৰিছে ।
:ককা মোক দিয়া ফোনটো ।
মা আৰু ককা আচৰিত হ’ল । ফোনটো লৈ বাহাদুৰক ক’লো বাহিৰত থকা মানুহখিনিৰ এজনক দিবলৈ ।
:আমাৰ ঘৰটো ভাঙিলে আপোনালোকৰ মানুহজন ভাল হৈ যাব নেকি ? ডিব্ৰুগড়লৈ লৈ যাওক । খৰছ আমি দিম । লগতে পৰিয়ালক বেলেগ সহায় লাগিলেও কৰিম । আৰু দোষী মোৰ দেউতা হে । ঘৰটো মোৰ ককাৰ । সেইটো প্লিজ নাভাঙিব ।
মানুহজনে গালি শপনিৰে থকা-সৰকা কৰিছে, শুনি আছোঁ ধৈৰ্যৰে । এসময়ত শান্ত হ’ল । আঘাত পোৱা মানুহজনৰ সকলো দায়িত্ব ল’লো ।


:মা,কাইলৈ তুমি গৈ মানুহঘৰলৈ যাবা । পইছা দিয়াৰ লগতে সদায় খবৰ ৰাখিবা । মেণ্টেল চাপোৰ্ট দি থাকিবা । আৰু খেয়াল ৰাখিবা যাতে এইটো মেটাৰত কোনোবা থাৰ্ড পাৰচন সোমাই লৈ বেলেগ ৰূপ নিদিয়ে । মানুহখিনি অলপ বেছি ইমছ’নেল ।
:কৈছিলোঁ নে বোৱাৰী, আমাৰ এই পাৰিব । মই ভুল সিদ্ধান্ত নাই লোৱা বুজিছা ।
হুমুনিয়াহ এটা কাঢ়ি মা ওলাই গ’ল । মানুহজনীৰ চিন্তাবোৰৰ অন্ত পেলাব পাৰিম নে মই ???
:দাদাক কৈছোঁ, সি গৈছে মানুহ ঘৰলৈ । তোক ফোন কৰিব ৰাতি । মই যাওঁ । মোৰ লগতে ব’লক খুড়ী ।মই নমাই থৈ আহিম ।

একেলগে দুইটা ওলাই গৈছে ।
মানুহবোৰ কাষ চাপিছে লাহে লাহে ।

( আগলৈ )

Abir Love Story

Note Next Part Coming Soon

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

 

 

 

Tags

Post a Comment

0 Comments
close