Ads Area

Abir Love Story 37 | Published by Indranee Sharma | Love Story

কথাটো শেষ কৰিবলৈও নিদিলে মোক আয়ুয়ে । গুচিয়েই গ’ল । মই যেন বুজিবলৈকো সময় নাপালোঁ ।তাৰ পিছে পিছে ‘পেটু মামা’ বুলি চিঞৰি চিঞৰি গৈ থকা থুপুলৈ চাবলৈকো তাৰ সময়েই নহ’ল । নিজেই শিকাইছিল থুপুক, পেটুৱা মামা বুলি মাতিবলৈ । নুফুটি সেইটো ‘পেটু মামা’ হৈছিলে । আজি তাৰ ইমান কিহৰ খং যে এনেকৈ গুচি গ’ল !
ককাও আচৰিত হ’ল । তালৈকে মোলৈকে চাহ বনাই লৈ অনা তৰাও একে ঠাইতে ৰ’ল ।
পিছে উষ্টাডি মাৰি গুচি গ’লে কি হ’ব,ফোনটো বিছনাতে পেলাই থৈ গ’ল । সেইয়াহে তাৰ মগজ । অলপ পাছত আকৌ আহিবই । টাৱেলখন লৈ বাথৰুমত সোমালোঁ । সাংঘাটিক ভাগৰ লাগিছে আজি । কথাবোৰ যেন মোৰ কাৰণে বেছি গধুৰ হৈছে হঠাতে । হিবাৰ মুখখন বাৰে বাৰে ভাঁহি আছে মনত ।
ইমান নিৰ্লিপ্ততা কেতিয়া আহে মানুহৰ মাজলৈ ?

Abir Love Story 36 | Published by Indranee Sharma | Love Story


সুখ-দুখৰ প্ৰতি কিহে কৰে ইমান বেছি উদাসীন ?
কিহৰ তাড়নাত মানুহে সামৰি থয় উন্মাদনা অথবা একাত্মতা !
চকচকীয়া সোণৰ গহনা এটা যথেষ্ট হয় নে বিষাদৰঙী চোলাৰে ঢাকি ৰখা মানুহ এজনীক উজ্বলাই তুলিবলৈ !
কিয় কৰিলে তাই এনেকুৱা সেইয়া মোৰ বাবে বুজি পোৱা টান,কিন্তু…
বাহিৰত আয়ুৰ মাত,ফোন নিবলৈ আহিছে । বাথৰৱটো পিন্ধিয়েই ওলাই আহিলোঁ ।
:এক মিনিট ৰ ।
:কি হ’ল ?


:ভাত খাই যা, মাংস আছে ।
:ভোক নাই মোৰ ।
তাৰ চকুকেইটা পানী পানী । কান্দিছিলে । কিন্তু কান্দিবলৈ কি হ’ল ? মইতো তাক প্ৰায়েই এনেকৈ কৈ থাকোঁ । আজি এনেকুৱা কি হৈ গ’ল ?
একো নক’লো আৰু,কোৱাৰ ইচ্ছা নাই ।
:কিবা লাগিলি হ’বলা আকৌ ?
ককাই বুজি পাইছে ।
কিনো কওঁ?ভীষণ দুৰ্বল লাগিছে নিজকে । যেন মই লাহে লাহে হেৰুৱাই গৈ আছোঁ মোৰ দুখৰ সময়ত মোক সামৰি ৰখা মানুহবোৰক । হিবাই নিকাহ কৰাৰ আগতেও মোক একো নক’লে,আয়ুয়ে কি ক’ব খুজিছে মই বুজা নাই,মা,ককা,থুপু,অনিৰুদ্ধ সকলোৱে আৱৰি থাকিলেও মই আয়ুৰ অনুপস্থিতি সহিব নোৱাৰোঁ । সেইয়া প্ৰেম নহয়,সেইয়া মৰম । যদি কাইলৈ অনিৰুদ্ধয়ে সেইয়া নুবুজে মই স-সন্মানেৰে আঁতৰাই পঠিয়াম তেওঁক । আয়ুৰ প্ৰতি মোৰ ভালপোৱা থুপুৰ দৰে পৱিত্ৰ, নিষ্পাপ ।
আয়ুক মই বন্ধ কোঠাত বিচৰা নাই কেতিয়াও, ভিৰৰ মাজত হাতখন খামুচি আগবাঢ়িবলৈ হে বিচাৰিছিলো । সেইয়াটো ভুল হ’ব নোৱাৰে ।
পাৰে জানো ?ভাত খাই ককা বিছনাত পৰিছে,তৰা আৰু মোৰ বিচনা দুখন লগ লগাই পাৰোঁ । থুপু গোটেইখন বাগৰি ফুৰে । আজিও শোৱাৰ আগতে উৎপাত । বহুত যত্ন কৰি তৰাই শুৱাইছে অলপ আগতে । ফোনটো লৈ বেলকনিত বহিলো । চাৰে এঘাৰ বাজিল । অনিৰুদ্ধলৈ ফোন কৰিলোঁ । তেওঁ মোৰ মাতত বুজি পালে মই ভালে নাই..

:কি হ’ল ?
:হিবাই বিয়া পাতিলে ।
:কেতিয়া ?
অনিৰুদ্ধ যেন অলপো আচৰিত হোৱা নাই । মোৰ বাহিৰে কাৰো কাৰণেই এইটো যেন ডাঙৰ কথাই নহয় ।
:You are not shocked ?
:not at all.
:কিয় ?
:হিবাৰ দৰে ছোৱালী বহুত দেখিছোঁ মই । শেষত এনেকুৱাই কৰে ।
:তাৰমানে তাই আয়ুৰ লগত টাইম পাছ কৰি আছিল ?
:সেইটো কোৱা নাই মই । তাইৰ মনত হয়তো সঁচাকৈ আয়ুষ্মানৰ কাৰণে ভালপোৱা আছিল,কিন্তু হিবাই সদায় প্ৰথমতে পৰিয়াল আৰু আশে পাশে থকা মানুহৰ কথা ভাবিব । মই জানো সেইটো । হঠাৎ মানুহ সলনি নহয় অনন্যা । সৰুৰেপৰাই তাই তেনেকৈ ডাঙৰ হৈছে চাগে,দেখি আহিছে এনেকুৱা কথাবোৰ ।তোমাৰ ফ্রেণ্ডক পাই চাগে অকণমান মুকলিকৈ ফুৰিলে,কথা পাতিলে । তাত আপত্তি ক’ত ? কিন্তু সেই অকণমান সময়ৰ কাৰণে তাই গোটেই সমাজখনৰ বিৰুদ্ধে যাব নিবিচাৰিবও পাৰে,বা বিচাৰিলেও নোৱাৰিব পাৰে ন ? আৰু ভায়েকৰ এনেকুৱা হোৱাৰ পাছত তাই অলপ ভয় খালে ।
:ভয় খালে মানুহে বিয়া পাতে ? She is just 23 you know ? আৰু কেইবছৰমান পিছতো বিয়া পাতিব পাৰিলে হয় । আয়ুৰ কাৰণে অকণমান ৰ’ব পৰিলে হয়..
: আয়ুষ্মান ইমান চিৰিয়াছ আছিল জানো ?
:মানে ?


:সঁচাকৈ একো নাজানা তুমি ?
:কি ?
:তোমাক লৈ সি খুব পজেচিভ । কিবা এটা তো আছে তাৰ মনত..
অনিৰুদ্ধৰ সুৰত অভিমান,ঈৰ্ষা, ভালপোৱা সকলোবোৰ মিশ্ৰিত । কিয় কৈছে বুজিছোঁ যদিও ক’লো..
:সৱেই কি পৃথিৱীত মোকেই ভাল পায় নেকি ? হিবাৰ লগত মোৰ তুলনাও নহয় । ইমান ধুনীয়া ছোৱালী, ইমান ভাল,ইমান অমায়িক । আয়ুয়ে তাইক ভাল পাইছিল । মই কিয় মাজত আহিম বাৰু ?
:People don’t get attracted to you Ananya,they get attached to you.You have that aura. Nobody would like to lose you.
তোমাৰ লগত থাকিলে নিজকে সাহসী যেন লাগে,পৰিপূৰ্ণ যেন লাগে । তোমাৰ চেহেৰা লৈ চাবলগীয়া একো বাকী নাথাকেগৈ । আৰু নিজেহে ভাবা বেয়া বুলি,কৃতিকাৰ বিয়াত যেতিয়া সেই ড্ৰেচটো পিন্ধিছিলা,উফফ !!!!!

মনে মনে থাকিলোঁ । আয়ুৰ কথাবোৰ যেন এতিয়াহে বুজিছোঁ মই । মই তাৰ বাবে এটা অভ্যাস । সুখে দুখে তাৰ আশে পাশে থকা ৰ’দ বৰষুণৰ ছাতি । হিবাৰ লগত তাৰ যিয়েই নাথাকক,তাতোকৈ বেছি তাৰ দুখ লাগিছে মই আঁতৰি যোৱাটোক লৈহে । অনিৰুদ্ধই কথাবোৰ ইমান ধুনীয়াকৈ কেনেকৈ বুজি পায় ।আৰু বহুত কথাই কৈ আছে তেওঁ,শুনি আছোঁ । সোনকালেই লগ পোৱাৰ কথা কৈ ফোন থ’লে তেওঁ ।

কাইলৈ আয়ুৰ লগত মুকলিকৈ কথা হ’ম ।

অফিচৰ ব্যস্ততাৰ মাজতো মাজে মাজে আয়ুক মেছেজ কৰি আছো । একেলগে লাঞ্চ কৰিবলৈ মাতিলো সি নাহিলে,মেছজৰ ৰিপ্লাই নাই । কামৰ বোজা দুগুণ এতিয়া । অমৃত যদিও কামত চোকা তথাপিও অনিৰুদ্ধৰ দৰে মেনেজ কৰিব নোৱাৰে । জোখতকৈ বেছি প্ৰমিজ কৰে ক্লায়েন্টক । ফলত আমি দুগুণ বেছি কাম কৰিবলগীয়া হয় । আজিও মোৰ ওপৰত কাম এসোপা জাপি নিজে গুচি গ’ল ।চাৰে আঠ বাজি গ’ল,এতিয়াও অফিচতে আছোঁ । অৱশ্যে টানিয়া,প্ৰশান্ত আৰু দুজনমান এতিয়াও আছে । কৃতিকা সোনকালে যায়গৈ ।

চাহ কেইবাকাপো খালোঁ যদিও মূৰটো বিষাইছে।আৰু নোৱাৰি । বেগটো সামৰি যাবলৈ উঠিলোঁ ।

চিনাকি সুগন্ধি এটাই বুকুখন কঁপাই থৈ গ’ল । এইয়া কেনেকৈ সম্ভৱ ????
ঘূৰি চালোঁ, অমৃতৰ সৈতে হাঁহি হাঁহি সোমাই আহিছে অনিৰুদ্ধ ।
বগা চাৰ্ট আৰু ব্লু জিনছৰ সৈতে চিনাকি হাঁহিটোৰে মোৰ ওচৰলৈ আহি থকা মানুহজন সঁচা নে বাৰু ???
সকলোৰে লগত হাঁহি মাতি কথা পাতি শেষতহে মোৰ ওচৰলৈ আহিল
:Let’s go.


পিছে পিছে মন্ত্ৰমুগ্ধৰ দৰে খোজ ল’লো । লিফ্টখন আহি পাওঁতেই তাৰপৰা আয়ু ওলাই আহিল ।  ময়েইতো কৈ আছিলোঁ একেলগে যাম বুলি । সি তাৰমানে ৰৈ আছিল,কিন্তু ৰিপ্লাই কিয় কৰা নাছিল ?
:Hi Ayusman.
:Hello Anirudh.
আয়ুয়ে সেমেকা মুখ এখন লৈ অনিৰুদ্ধৰ হাতত হাত মিলাই মোৰ ফালে চালে ।
:অনন্যা,হিবা আছে নে গ’ল ?
সি এনেই সুধিছে ,মই জানো ।
:আছে,যাবলৈ ৰেডি হৈছে।ন বজাৰ কেবত যাব ।
:Okay thanks.
আয়ু আঁতৰি গ’ল । অপৰাধবোধে হেঁচা মাৰি ধৰিলে মোক ।

গাড়ীত বহি অনিৰুদ্ধই হাতদুখন টানি নিলে মোৰ ।
:কালি খালা এইকেইটা ? ৰঙা কৰি পেলালে মানে..
ৰঙা পৰি থকা সৰু নখকেইটা তেওঁ লাহেকৈ নিজৰ ওঁঠত লগাই দিলে ।
কামুৰি কামুৰি নখৰ অৱস্থা নাই । চিন্তা বেছি হ’লেই যে নখ খাওঁ তেওঁ জানে । টান মাৰি আঁতৰাই আনিলোঁ ।
:এনেকৈ গুচি আহিল যে?
:তোমাৰ কাৰণে ?
:মোৰ কাৰণে ?

মায়ে ফোন কৰিছিল তেওঁলৈ । মাৰ বিশ্বাস নাই কাৰো ওপৰতে।অনিৰুদ্ধৰ ওপৰতো নাই । সেইবাবে মায়ে তেওঁৰ ঘৰৰ মানুহক লগ কৰাৰ কথা ক’লে । মোক লগ কৰাই দিবলৈ ক’লে । অনিৰুদ্ধই কিছুমান কথা যে লুকুৱাই ৰাখিছে সেইয়া বুজিলোঁ ভালকৈ । মায়ে হঠাৎ এনেকুৱা কিয় কৰিলে সেইটোহে নুবুজিলোঁ ।

:অনন্যা,তুমি ঘৰলৈ যোৱা ।
কি কয় অনিৰুদ্ধই ?
বুকুখন ধক কৈ উঠিল ।
:ঘৰলৈ ? কিয় ?


:তোমাৰ মা বহুত কষ্টত আছে । I know that. You should be by her side.
একো বুজি পোৱা নাই মই । অনিৰুদ্ধই কি ক’ব খুজিছে ? মায়ে প্ৰথমদিনাই অনিৰুদ্ধক সকলো কথা কৈ নিদিয়ে মই খুব ভালকৈ জানো । মই বাৰে বাৰে সুধি থকাৰ পিছতো অনিৰুদ্ধই একোকে নকয় ।একান্তমনে গাড়ী চলাই আছে । মোক কিয় ঘৰলৈ যাবলৈ কৈছে সেইয়াও খুলি নকয় । অশান্তি পাই গৈছোঁ । অলপদূৰ আহি তেওঁ নিজেই ক’লে ।
:ইমান ডাঙৰ ঘৰটোত অকলে অকলে আছে মানুহগৰাকী । মই কল কৰোঁতে তোমাৰ ৰূমটো দেখুৱাইছে, ইমান ডাঙৰ ঘৰ,কোনোৱেই নাই । আগতে তৰা আছিল, তাইও ইয়ালৈ গুচি আহিল বুলি ক’লে । তোমাৰ দেউতা কিবা কামত বাহিৰত আছে বুলি ক’লে ।
বাহিৰত ?
তিনিদিন আগতে হস্পিতালৰ অহা মানুহটো ক’ৰ বাহিৰত আছে ? মায়ে নিশ্চয় কিবা লুকুৱাইছে । সুধিবই লাগিব । কথা পাতি পাতি ঘৰ পালেহি ।
:কাইলৈ আহিম, ককাৰ লগতো কথা পাতিম । আজি কাম আছে অলপ ।
:কেতিয়া ঘূৰিব ?
:আৰু নাযাওঁ ।I finished my knowledge transfer and mendatory trainings before time. All credit goes to you.
শুনি কিমান সুখী হ’লো বুজাব নোৱাৰো, ছিটবেল্টডাল খুলি সাৱটি ধৰিলোঁ তেওঁক । বতাহত হালি পৰিব খোজা গছ এজোপাই যেন আশ্ৰয় পালে ।
খুলি ক’ব নোৱাৰিলোঁ কেতিয়াও.. আপোনাক মিছ কৰিছা,মনত পৰি থাকে,ঘূৰি আহক । এইবোৰ শব্দ ওলাই নাহে মোৰ মুখৰপৰা । একোৱেই নোৱাৰোঁ ক’ব । কিন্তু অনিৰুদ্ধই সকলো বুজে ।
:আজি কি হ’ল ? Always I have to initiate everything right..
লাজ পাই আঁতৰি আহিলোঁ..
:অনন্যা ।
:হমম।মাৰ লগত কথা পাতিবা । I know you are not ready for marriage now, we can discuss it later..:মোৰ কথা বাদ দিছোঁ,আপুনি ৰেডি ?

: অকল মা পাপা আৰু তোমাৰ ঘৰৰ মানুহক দেখুৱাই হে এইবিলাক কৰিম । বিয়াৰ দৰকাৰ আছে জানো আমাক ? তোমাৰ ইমান responsibility নথকা হ’লে মই তোমাক কেতিয়াও মোৰ পৰা দূৰত থাকিবলৈ নিদিলোঁহেঁতেন ।
:হ’ব হ’ব । ইমান বেছি ফিল্মি কিয় মানে !
:এবাৰ লগত থাকিলে গম পাবা ।
চকুটো টিপিয়াই হাঁহি দিলে,সৱ বুজি পালো । বেগটো লৈ নামি আহিলোঁ । নেদেখা হোৱালৈকে চাইয়ে আছে অনিৰুদ্ধই ।
সদায় এনেকৈয়ে ৰৈ থাকিবনে বাৰু মোৰ বাবে !!!

দৰ্জা খোলাৰ লগে লগে থুপু দৌৰি আহি কোলাত উঠিলে হি । মুখৰ চাৰিওফালে ভাত লাগি আছে । ৰঙা গেঞ্জী আৰু ডায়েপাৰ পিন্ধি ঘূৰি ফুৰিছে, পেণ্ট নাই।হাতত নেমু এটা ।
:ককা ধুম কই কই দিঠে ।
মানে ককাই এছাট দিলে । ভাত লগা মুখেৰে মোক মেৰিয়াই ধৰোঁতে গোটেই চুলিত ভাত লাগিছে ।আজিকালি এইবোৰ ভাল লগা হৈছে । সি এতিয়া বহুত দেৰি কোঁচৰ পৰা নানামে । ককাৰ দৰৱ পেলাই এছাট খালে,এতিয়া মোৰ আগত অকণমান বেজাৰ কৰিবই,আলপদেৰি ডিঙিতে ওলমি থাকিব । বৰ কোমল ইহঁতৰ অন্তৰবোৰ । আমাৰো হোৱা হ’লে । মোৰ চাগে অন্তৰ বুলি একো বাকীয়েই নাই এতিয়া ।

:ককা,দেউতাৰ লগত কথা পাতিছিল নেকি ?

:মাৰে হে কালি কৰিছিল । দেউতাৰ ঠিকেই আছে বুলিলে দেখোন ।
থুপুক তেনেকৈয়ে লৈ মালৈ ফোন কৰিলোঁ । দেউতা হস্পিতালৰ পৰা বাহিৰে বাহিৰে মাৰ্ঘেৰিটাৰ ঘৰলৈ হে গ’ল । বগা বাংলোৰ ফালে নাচালেই । মায়ে কোৱাৰ পাছতো নগ’ল । কিয় দেউতাই আজিকালি অকলে থাকি ভাল,এই অসুখীয়া অৱস্থাতো মূল ঘৰখনলৈ যাবলৈ ইচ্ছা নকৰিলে ।

আচৰিত !

:ককাক তুমি গালি দিয়া ক’ ।

কোঁচত তেতিয়াও থুপুৰ গোচৰ শেষ হোৱাই নাই । আকৌ এবাৰ নিজকে এসাগৰ পানীত ওপঙি ফুৰা কাগজৰ নাও খনৰ দৰেই লাগিছে । কোন দিশে যাওঁ মই । ইমানবোৰ খেলিমেলি সামৰিম কেতিয়া মই ? নে এনেকৈয়ে সকলো এৰি কেৱল নিজৰ কথা ভাবি আগবাঢ়িম ।

:থুপু,ভিতৰলৈ যা ।
বেলকনিৰ দৰ্জাখন জপাই ফুলৰ টাবত লুকুৱাই ৰখা চিগাৰেটৰ পেকেটটো উলিয়াই আনিলোঁ । পাফ কেইটামান একেলগে টানি উৰুৱাই দিলোঁ ধোঁৱাৰ কুণ্ডলী । মোৰ জীৱনটোৰ দৰেই উৰি ফুৰিছে ধোঁৱা বোৰ । যেনি তেনি ।

গেইটত বসন্তী ৰখাই আয়ু সোমাই আহিছে ।

( আগলৈ )

Abir Love Story

Note Next Part Coming Soon

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

 

 

 

Tags

Post a Comment

0 Comments
close