Ads Area

Abir Love Story 38 | Published by Indranee Sharma | Love Story

গোটেই ৰাতি থুপু শোৱা নাই,নাকেৰে পানী বৈ আছে,গাটো অকণ গৰম । কোলাত লৈ লৈ তিনি বাজি গ’ল।বিছনাত শুৱাই দিলেই সি কান্দি দিয়ে,নাকটো চাগে বন্ধ হৈ হৈ যায় । কোলাত লৈ লৈ মুখেৰে যি টি গাই আছোঁ,এবাৰ মাজতে তৰাই জোৰকৈ হাঁহিও দিছে । এইবোৰ গান শুনিলে সি বোলে আৰু বেছি কান্দিবহে । কি কৰিম ভাবিয়েই নাই পোৱা । নিজৰেই ভাগৰ লাগিছে ।

abir


ইফালে কাইলৈ অফিচত মোৰ এটা জৰুৰী কাম শেষ কৰিব লাগে | ছুটি ল’বও নোৱাৰোঁ । কিয় বা হঠাৎ তাৰ গা বেয়া হ’ল তাকে ভাবি আছোঁ ।
বতৰটো আজি তিনিদিন ধৰি বৰষুণ । তাতে ই বাৰে বাৰে ফ্ৰীজ খুলি বস্তু চুই থাকে । লক কৰি থ’লে ফ্ৰীজটোৰ ওচৰতে বহিয়েই থাকে ।
ককাই গালি পাৰি কালি দুয়োটাকে ককাৰ বিছনাত শুবলৈ দিছে।নিজে এইটো ৰূমতে তলত শুইছে | ক’তনো শোৱা হ’ল আৰু, যিকণ সময় বিছনাত পৰিছিলোঁ,তাক চাই থাকোঁতেই গ’ল । সি এখন হাতেৰে মোৰ ডিঙিত ধৰি ধৰি শুই থাকিল । অকণমান লৰচৰ কৰিলেও সাৰ পায় যায় বুলিও ভয় লাগে । তেনেকৈয়ে ৰাতি পুৱালে । এতিয়া সাত বাজিছে । থুপু অলপ আগতহে টোপনি গৈছে । ককা আৰু তৰা উঠি খোজ কাঢ়িবলৈ গ’লেই । উঠি আহি চিধাই গা ধুলো, চাহ একাপ বনাই খাই লওঁ বুলি লওঁতেই মায়ে ফোন কৰিলে..
:ভাল পাইছে নাই সি গাটো ?
:শুইছে এতিয়া।গাটো অকণ গৰম,নাকটো বন্ধ । ডক্টৰক দেখুৱাই আনো নেকি ভাবিছোঁ ।
:নহৰু তেল অকণ মালিচ কৰি দেচোন,ডক্টৰক মই সুধি কৈ আছোঁ ৰহ । তোৰ অফিচ নাই জানো ।নালাগে আজি নিব । বেছি গা বেয়া হ’লে লৈ যাবি বাৰু ।
গৰম পানী দিবি দেই তাক ।
:মা,তাত সৱ ঠিকেই আছেতো ?
:আছে, কিয় ?
মায়ে এবাৰলৈও মোক নকয় যে তেওঁ অনিৰুদ্ধৰ লগত কথা পাতিছিল । কি লুকুৱাই ৰাখিছে নাজানো । কিন্তু কিবা এটা যে ঘটিছে মই নিশ্চিত । আজিকালি অনিৰুদ্ধয়ো অলপ মোৰ পৰা আঁতৰি ফুৰে,যদিও ফোন কৰে,কথা পাতে,আগৰ দৰে নহয় । আনকি ভিডিঅ’ কল কৰাও বন্ধ কৰি থৈছে । থুপুক চাবলৈকো মন নাযায় নে তেওঁৰ ?
কথাবোৰ খোলাখুলিকৈ নপতালৈকে মই শান্তি নাপাওঁ । তেওঁ এইবিষয়ে সুধিলেও একোকে নকয় । মাত্ৰ এটা কথাতে লাগি আছে মই কেতিয়া ঘৰলৈ যাম । আনকি তেওঁ সৱৰে টিকেট কাটি দিম বুলিও কয়  ।অহা সপ্তাহত সোমবাৰৰ দিনটো বন্ধ পৰিছে । তেওঁৰ মতে শুক্ৰবাৰে চুটি লৈ চাৰিদিন মিলাই যাবই লাগে ।
কথাবোৰ জটিলৰ পৰা আৰু বেছি জটিল হৈ হৈ যেন গৈয়ে আছে ।
আজিকালি মগজটো খালি হ’বলৈকে নাপায় । এইবোৰ চিন্তাতে থাকোঁ অনবৰতে । টিফিনত ৰুটি আৰু ভাজি অকণ ভৰাই অফিচলৈ ওলাইছোঁ । ইচ্ছা তিলমানো নাই যাবলৈ, কিন্তু উপায় যে নাই ।
:তৰা, তই পৰিবিনে ইয়াক চাব ? মই অফিচ যাবই লাগিব আজি । সোনকালেই ঘূৰি আহিম ।
হাত দুখন মুঠি মাৰি শুই আছে সি,তাৰ গাল দুখন মানুহটোৰ মুখ খনতকৈ ডাঙৰ।শুই থাকিলে এফালে ওলমি যায় । গাৰ পাতল কাপোৰখন গুৰিয়াই পেলালে কেতিয়াবাই । কপালতে চুমা এটা খাই কাপোৰখন আকৌ দি দিলোঁ । কেনেকৈ এৰি থৈ যায় বাৰু মাকবোৰে সন্তানক ? মোক যেতিয়া এৰি থৈ গুচি গৈছিল..মই বাৰু এনেকৈয়ে টোপনিত আছিলোঁ নে ???
কিহৰ তাড়নাত পৰি এনেকুৱা কৰিছিল মোৰ লগত?
মাক হোৱাৰো যে অলেখটা প্ৰত্যাহ্বান  !
দায়িত্ব,কৰ্তব্য, মমতাৰ লগতে নিজকে সদায় নিজৰ পৰা আঁতৰাই ৰখাৰ প্ৰয়োজনীয়তা  ।
কিন্তু বুজিবই বা কোনে ??
:মই আছোঁ,চিন্তা নকৰিবি ।
ককা তাৰ ওচৰতে বহি থাকিব আজি মই জানো । কিবাকিবি শ্লোক মাতি থাকিব । মই আঁতৰি আহিব খোজোঁতেই সি সাৰ পালে..
:মা !
কি শুনিছোঁ মই ???
আজি প্ৰথমবাৰ তাৰ মুখত এইটো শব্দ শুনিছোঁ । তাক যিহেতু মাহী বুলি মাতিবলৈকে শিকোৱা হৈছিল সিও মোক মাইই বুলিয়েই মাতিছিল । কিন্তু আজি ???
এই শব্দটোত কি এনে শক্তি আছে ???
মই যেন শিল হৈ পৰিলোঁ ক্ষণিকৰ বাবে, চেঁচা পৰি গৈছে গাতো । চকুৰ পৰা অবাধ্য চকুপানীবোৰ পাৰ ভাঙি বৈ আহিছে ।
:থুপু…. !
:কোথত । (কুচত)
বিছনাত থিয় হৈ সি হাত দুখন মেলি দিলে ।
কোলাত উঠিয়েই সি মূৰটো কান্ধত পেলাই আকৌ শুই দিলে । টোপনিৰ জাল আছেই । ককাই মই নেদেখাকৈ চকুপানী মচিছে ।
:আজি নগ’লে নহয়নে ?
:নহ’ব ।
মই তাক তৰাৰ কোলাত দি থৈ আহোঁতে সি কান্দিছিল, কিন্তু মোৰ উপায় নাই । কাম এটা কৰিম বুলি কোৱাৰ পাছত নোৱাৰোঁ বুলি ক’বলৈ বেয়া পাওঁ । তাতে অমৃতৰ খং এটা থাকেই মোৰ ওপৰত । সুবিধা দিলেই উজাৰি দিব সৱ । কামটো সোনকালে শেষ কৰি গতাই দি গুচি আহিম ।

মই সোমাই যাওঁতে অনিৰুদ্ধ আৰু অমৃত কফি লৈ ওলাই আহিছে । কিয় জানো মোৰ কাকো মাতিবলৈ ইচ্ছা নহ’ল । কাষেৰেই পাৰ হৈ গুচি আহিলোঁ । হাঁহি এটা মাৰি অলপ আগবাঢ়ি অহা অনিৰুদ্ধ আচৰিত হৈ চাই থাকিল ।
মোৰ সেইবোৰ লৈ মূৰ ঘমাবৰ ইচ্ছা নাই ।

যেনেতেনে কাম সামৰি ঘূৰি যাব পৰিলেই হয় ।

বাৰে বাৰে ফোন কৰিছোঁ তৰাক,থুপুৰ খবৰ যেন মিনিটৰ বাবেও মই নজনাকৈ থাকিব নোৱাৰিম । তাৰ মাজতে অনিৰুদ্ধৰ ফোন মেছেজ আহি আছে । জানি বুজি উত্তৰ দিয়া নাই । চাৰি বজাৰ আগে আগে কামটো হ’ল । code খিনি কমিট (commit) কৰি অমৃতক গা বেয়া লাগিছে বুলি কৈ ওলাই আহিলোঁ ।
তেতিয়াও ফোন বাজিয়েই আছে মোৰ । দৰ্জাখন খুলি দিওঁতেই সন্মুখত দাঁত মুখ কৰচি অনিৰুদ্ধ ।কপালৰ শিৰলৈকে জিলিকি আছে খঙত ।

:ফোন কিয় উঠোৱা নাই ?

:এনেই ।
খং অভিমান একো নাই মোৰ কথাৰ সুৰত । তেওঁ নাজানে যে ignore কৰাত মোৰ ওপৰত তেওঁ কেতিয়াও হ’বই নোৱাৰে । মই সুধি থকা কথাকেইটাৰ উত্তৰ নিদিয়ালৈকে ময়ো এনেকৈয়ে কথা ক’ম ।
:ক’ত যোৱা এতিয়াই ?
:ঘৰলৈ ।

আৰু একো কথা নহ’ল আমাৰ মাজত । কেবত উঠি ঘৰ পালেহি । মোৰ মস্ত ডাঙৰ টি-চাৰ্ট এটা পিন্ধি পকাত বহি আছে থুপু । এইটো নিজে টানি টানি উলিয়াই আনে পিন্ধিবলৈ । বাতি এটাতে মেগী অকণমান লৈ এডাল এডালকে খাই আছে । দৰ্জাখন খুলি মই সুমাই যোৱাৰ লগে লগে সেইবোৰ তাতে পেলাই দৌৰি আহোঁতে সেইটোৰে সৈতে পৰিলে লুটি খাই । ভাগ্য ভাল তলত পাৰি থোৱা বিছনাখনত মূৰটো দি পৰিল । আকৌ কান্দোন আৰম্ভ । এইবাৰ বন্ধ হোৱাৰ নামেই নাই । বহুতদেৰি ফুচুলাই কি লাগিব সুধোতে তাক এতিয়া ডাঙৰ কাৰ্টুন চাবলৈ যাবলৈ লাগে । আগতেও এদিন এই কথাটো কৈছে সি,তাৰমানে তাক অনিৰুদ্ধৰ ঘৰলৈ যাবলৈ লাগে । প্ৰায়ে মোক হেয়াৰ দ্ৰায়াৰৰ কথা কয় । মই দিলে নহ’ব,তেওঁৰ নিচিনা হ’ব লাগিব ।
:ফু ফু ব’লা না..


পিছৰখিনি কওঁতে কান্দি দিয়ে । ক’লৈ লৈ যাওঁ মই ।
:অকণমান লৈ যাচোন উলিয়াই,তাৰ মনটো ভাল লাগিব ।
বহুত ভাবি অনিৰুদ্ধলৈ ফোন কৰিলোঁ । ভাবিলোঁ তেওঁ যদি সোনকালে ওলাব পাৰে ককা আৰু থুপুক লৈ যাম । তৰাই লাজ কৰে,নাযায় । জোৰ নকৰোঁ । টিভি চাই অকলে থাকিব বোলে তাই । থাকক ।
:কি হ’ল ?
:থুপু আপোনাৰ ওচৰলৈ যায় । ভাবিছোঁ ককাক লগত লৈ আহোঁ অকণমান সময়ৰ পাছত । আপুনি কেতিয়া গৈ পাব ? দিগদাৰ হ’ব নেকি ?

ভাবিছিলোঁ একেবাৰে জঁপিয়াই উঠিব অনিৰুদ্ধ,সুখী হ’ব । নাই,তেনেকুৱা একোৱেই নাই ।
:Oh.. actually..
:প্ৰব্লেম হ’ব ?

abir love story


:I have many calls today, can’t skip. Sorry Ananya.
কাটি দিলোঁ ফোনটো । ভীষণ লাজ পালোঁ মই । নিজৰ ওপৰতে খং উঠিছে । কিয় যে কৈছিলোঁ যাম বুলি । থুপু আৰু ককাক লৈ যাম বুলি কোৱাৰ পাছতো তেওঁ এনেকুৱা কিয় কৰিলে ? ইমান ডাঙৰ কি ঘটিলে আমাৰ মাজত যে তেওঁৰ ব্যৱহাৰ ইমান সলনি হ’ল !
মই ঘৰলৈ নোযোৱাৰ বাবেই ইমান খং নে অনিৰুদ্ধই আৰু অভিনয় কৰিব নোৱাৰা হৈ আহিছে ? সকলো কি মিছা আছিল আমাৰ মাজত ? আয়ুয়ে কোৱা কথাবোৰ সঁচা হ’বলৈ গৈ আছে নেকি ? নে হঠাৎ ইমানবোৰ দায়িত্ব ল’ব লাগিব বুলি তেওঁ ভয় খাইছে ? মইতো কেতিয়াও কোৱা নাই মোক আঁকোৱালি লোৱা বুলি ?
:সি চাগে ব্যস্ত অ’ ।
:Busy my foot.
থুপুক কোলাত লৈ অকলেই ওলাই আহিলোঁ । যাবলৈ কি ঠাইৰ অভাৱ,ওচৰৰ পার্ক খনত অকণমান দেৰি খেলিয়েই তাৰ হাঁহি ওলাই গ’ল ।

চলি যাব,অনিৰুদ্ধ নহ’লেও মোৰ জীৱন চলি যাব !

কিন্তু কিয় কথাবোৰ এনেকুৱা হ’ল,সেইয়া জানিবলৈ মই ঘৰলৈ যাব লাগিব ।

সলনি হোৱা সময়ৰ সৈতে সহবাস বহুদিনৰ ।

তৰংগৰ দৰে আহে কিছুমান মানুহ, কিছুমান সময়, কোবাই থৈ যায়, কেতিয়াবা উটুৱাই নিয়ে অলপদূৰ, কিন্তু কিয় নাজানো মোক ভাঙিব কোনেও নোৱাৰে । এতিয়াটো মোৰ সৈতে ইমানবোৰ মানুহ ।অনিৰুদ্ধৰ ব্যৱহাৰে আঘাত কৰিছে হয়,কিন্তু কন্দুৱাব যে এতিয়াও পৰা নাই ।

নিয়মমাফিক সীমিত কথা বতৰাৰ বাহিৰে অনিৰুদ্ধক মই আন কোনো কথা কোৱা বা শুনাৰ সুযোগেই নাই দিয়া এইকেইদিন । তেওঁ কেইবাবাৰো মাফ খুজিলে,ককাৰ লগতো কথা পাতিলে যে তেওঁ সঁচাই খুব ব্যস্ত আছিল সেইদিনা । থুপুক ফোনটো দিবলৈ কয়,মই নিদিওঁ । দুদিন তলত আহি ৰৈ থাকিল,ওলাই নাইযোৱা ।


কাইলৈ শুকুৰবাৰ । ৰাতিপুৱাৰ ফ্লাইটত ঘৰলৈ যাম । মাৰ অলপ অসুবিধাও হৈছে মই জানো । যদিও মোক খুলি একো নকয়,কিন্তু দেউতাই সম্পূৰ্ণৰূপে ত্যাগ কৰা বগা বাংলোৰ সমস্ত দায়িত্ব ল’বলৈ তেওঁৰ দিগদাৰ হৈছে মই বুজি পাইছোঁ । দেউতাৰ লগত হোৱা ঘটনাটোৰ পিছত ককাৰো যাওঁ যাওঁ লাগিয়েই আছে মই জানো । সিদ্ধান্ত হ’ল মই চাৰিদিনৰ কাৰণে যাম । ককা চাগে অলপদিন থাকিব । আমাৰ লগত আয়ুও যাব । দীঘলীয়া বন্ধ যিহেতু । তৰাই সৱ পেকিং কৰি মেলি আজৰি । মায়ে তাইক ফোন কৰি কৰি সৱ দেখুৱাই আছে । থুপুৰ কাৰণে কি কি ল’ব লাগিব সেইয়াও বুজাইছে । মোৰো মনটো ভাল লাগিছে । যিহেতু দেউতা নাই ঘৰখনত,শান্তিৰে সৱেই একেলগে মিলি অলপ সময় পাৰ কৰি আহিব পাৰি ।

:ইয়াক কৈছ নে ঘৰলৈ যাবি বুলি ?
:নাইকোৱা ।
:সি তলত ৰৈ আছে দেখোন ।


এই ৰাতি চাৰে দহ বজাত ! ফোনটো চালো মিছড কল বহুত । তললৈ নামি গ’লো ।
অফিচৰ পৰা তেওঁ এতিয়াও ঘৰলৈ যোৱা নাই,সম্পূৰ্ণ ফৰ্মেল ড্ৰেচতে আছে এতিয়াও । মোক দেখি হুপি থকা চিগাৰেটটো পেলাই অকণমান আগবাঢ়ি আহিল ।
:ঘৰ যাবা কাইলৈ  ?
:কেনেকৈ গম পালে ?
:Amrit told me.
:okay.
অনিৰুদ্ধৰ চকুকেইটা পোহৰ পোহৰ । কি খেলি আছে মোৰ অজানিতে । ইমান ধুনীয়া চকু আচলতে বিশ্বাসৰ যোগ্য হ’বই নোৱাৰে । কত যে খেলা, কত যে অভিনয় !
মোৰহে বুজি পাওঁতে দেৰি হৈ গ’ল !
:ডিঙিত কি হ’ল ?
থুপুৰ নখকেইটা অলপ দীঘল হৈছে, বেছি মৰমত টেপা মাৰি ধৰোঁতে মই দুখ পালো । ৰঙা পৰি আছে ঠাইকণ ।
:থুপুৰ নখ লাগিল ।
তেওঁ দুখোজ আগুৱাই আহিল,মই দুখোজ পিছুৱাই গ’লো ।
:মায়ে বেলেগ কিবা বুলি নাভাবিলেই হ’ল ।
টপকৈ গালত চুমা এটা খাই আঁতৰি গ’ল অনিৰুদ্ধ ।
মুখ আৰু চকু ডাঙৰকৈ মেলি চাই থাকিলোঁ মাত্ৰ ।
গালখন চাবোন দি ধুই দিম এতিয়া ।
Damn !


( আগলৈ )

Abir Love Story

Note Next Part Coming Soon

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

 

 

 

Tags

Post a Comment

0 Comments
close