Ads Area

Abir Love Story 39 | Published by Indranee Sharma | Love Story

এয়াৰপোৰ্টৰ পৰা ককাক নিবলৈ যোগেশ দা ৰৈ আছিলেহি । ককাৰ নিজৰ গাড়ীত । মা নাই অহা । কিয় নাহিল বুলি সোধা নহ’ল । ককাই এফালৰ পৰা সৱ খবৰ লৈছে । মানুহজন যে একেবাৰে নোৱাৰাত হে মোৰ ওচৰত আছিলগৈ মই ভালকৈয়ে বুজিলোঁ । থুপু আয়ুৰ লগত ব্যস্ত । বগা বাংলোলৈ সি আজি প্ৰথম সোমাব । ফ্লাইটত ইটোৰ কোলাৰ পৰা সিটো কোলালৈ বগাই ফুৰিছে । এয়াৰ হোষ্টেজ এগৰাকীয়েও খুজি একোলা লৈ চাইছে । ফেলেক ফেলেক হাঁহি হাঁহি গৈছে একেবাৰে । মাজতে তৰাৰ লগত এখুন্দা কাজিয়াও লাগিলে । এতিয়া আয়ুৰ লগত মোবাইলত গেম খেলাত ব্যস্ত ।
:মাজু,তই একেবাৰে গুচি আহিব পৰা হ’লে ভাল আছিল । ককা ইয়াত নাথাকিলে সৱ শেষ হ’ব । সৱ ইয়াতে থকা কিবা এটা কৰচোন ।

Abir Love Story 38 | Published by Indranee Sharma | Love Story


কম কথা কোৱা যোগেশ দাৰ কথাবোৰ আজি ইমান বেলেগ নিচিনা লাগিছে । ককাই বাহিৰলৈ চাই আহিছে । তৰাই মোৰ হাতখন চেপা মাৰি ধৰিলে । ঘৰলৈ গৈ কি দেখিম মই নাজানো । যিমানেই ওচৰ চাপিছোঁ সিমানেই বুকু খন ধপধপাই আহিছে মোৰ ।
প্ৰকাণ্ড লোহাৰ গেইটৰ মুখত গাড়ী ৰ’ল ।
:মই এইডোখৰ খোজকাঢ়ি যাম ।
:ভাতকেইটা খাই যা ।
:মায়ে গাহৈ বনাই ৰৈ আছে । গধূলি আহিম এপাক ।
:ময়ো দাম থোমা নগত (ময়ো যাম তোমাৰ লগত)
থুপু খালি ভৰিৰে নামি গ’লেই । আকৌ টানি আজুৰি উভতাই আনিছোঁ ।
পৰিৱেশটো আজি ইমান বেছি নিজান । তৰা আৰু যোগেশ দাই গাড়ীৰ পৰা বেগ নমাইছে । অলপ দেৰিৰ পিছত মা ওলাই আহিল । মানুহজনীৰ মুখ খন ক’লা পৰা, দুটামান দাগ । তেজ মৰা যেন লাগিছে । বুজিবলৈ বাকী নাই যে কোনোবাই মাৰিছে । থুপুৱে মাক চিনি পাইছে । মোৰ হাত এৰি দৌৰি গৈ মাৰ ওচৰ পালেগৈ
:ক’ত কুকাই(লুকাই) গৈছিলা থুমি?
সি ভাৱে মায়ে তাক মোৰ ওচৰত থৈ লুকাই আছে এতিয়াও । মায়ে তাক কোঁচত তুলি এসোপামান চুমাৰে উপচাই পেলালে । ককা আৰু মা যেন এতিয়াও কিবা সহজেই নহয় । একো কোৱা নাই ইজনে সিজনক । তৰাই গৈ ককাৰ হাৱাই ছেণ্ডেলযোৰ উলিয়াই আনিলে । হাতত চৰবত লৈ বাহাদুৰ ওলাই আহিছে । ককা বাৰাণ্ডাতে বহিব অলপ সময় এতিয়া । যোগেশ দাৰ লগত আলোচনা কৰিব । মই মাক ভিতৰলৈ প্ৰায় টানি অনা দি আনিলোঁ ।
:থুপু,তৰাই মাম দিব যোৱা, তৰা ইয়াক মোৰ ৰূমলৈ লৈ যা ।
:নাই না, নাই না ।
:থুপু!মাৰ খোৱা আগত যা বুলি কৈছোঁ নহয় ।
মুখ খন ফুলাই তৰাৰ হাতত ধৰি সি ওপৰলৈ উঠি গ’ল ।
:কি হ’ল এইবোৰ ? কোনে কৰিলে ?
:আহি পাইছহি হে, ৰচোন অলপ সময় । ভাত খাই ল । বাহাদুৰ,দেউতাৰ কাৰণে পানী টুকি ভাত বনাব লাগিব । আমাৰ কাৰণে কুকাৰটো উঠাই দে ।
মোৰ প্ৰশ্নটো সম্পূৰ্ণৰূপে উপেক্ষা কৰি মা পাকঘৰলৈ গুচি গ’ল । কিন্তু কিমান দেৰি থাকিব এনেকৈ ?মন কৰিলোঁ ডাইনিং এৰিয়াত থকা ডাঙৰ একুৰীয়ামটো এতিয়া নাই । কোনে ভাঙিলে ? বহুকেইটা প্ৰশ্ন ।
ৰূমলৈ গৈ গা ধুই কাপোৰ সলাই ল’লো । থুপুৰ খং পুৰাই উঠি আছে । তৰাই তাক ক্ৰীম সানি আছে ।মোলৈ চকু কেইটা টেলেকা কৰি এবাৰ চালে ।
:মাক পিটি দিয়া থোন ।


তৰাই আকৌ মোক মৰাৰ নিচিনা এক্টিং কৰিলত হে অকণমান শান্তি । হাজাৰ দুখৰ মাজতো জোনাকৰ দৰে তাৰ সৰু সৰু কথাবোৰ আমাৰ মাজত উমলি থাকে।ভাত খোৱা টেবুলতো সৱ তাক লৈয়ে ব্যস্ত হৈ পৰিল । মায়ে তাক নিজেই ভাত খুৱাই দিলে । খোৱাত তাৰ সিমান আপত্তি নাথাকে কেতিয়াও । ছাল থকা কণী এটা,বাটাৰ অকণ আৰু আলু এটা দিলেই হ’ল । মায়ে ঢেৰ কিবাকিবি ৰান্ধি থৈছিলে আমালৈ । ককাই ভাত খাই থাকোঁতে মোক ক’লে
:মই কেইদিনমান থাকিব লাগিব ইয়াতে । মোৰ টিকটটো cancel কৰি দিবি । তৰা যাব বাৰু লগত ।
ওলোটাই একো নুসুধিলোঁ । উত্তৰ সকলো মাৰ ওচৰত আছে । আৰু কেনেকৈ সেই উত্তৰ উলিয়াব লাগে মই জানো ।

থুপুক মাজতে লৈ মা আৰু মই দুপৰীয়া জিৰাইছোঁ । মায়ে যি টি কথা কৈছে কিন্তু দেউতাৰ কথা এবাৰলৈকো নাইকোৱা । ময়ে সুধিলো
:দেউতা একেবাৰে নাহে ইয়ালৈ ?
:সেইদিনা আহিছিলে ।
:একুৰীয়ামটো ভাঙি থৈ গ’ল  ?
:সি কৈ দিলে তোক ?  বৰ লাজ পালোঁ জাননে । নাক কাণ কাটি শেষ কৰি দিলে ।
মাৰ চকুত অলপো চকুপানী নাই । মুখ খন ইমান কঠোৰ । আৰু সি
মানে কাৰ কথা কৈছে মায়ে ?
:কি হৈছিল ভালকৈ কোৱা মোক । সি বাৰু কৈছেই মোক সৱ ।
মিছা কথা কোৱাত পাকৈত হৈ গৈছোঁ আজিকালি । মিছাতে লুকাই আছে সঁচাৰ কাষ চপাৰ বাট ।
মায়ে কৈ গ’ল । মোৰ পৰা ফোন নম্বৰ লৈ মায়ে অনিৰুদ্ধৰ লগত কথা পাতিছিল । সিয়েই প্ৰস্তাৱ দিলে ভিডিঅ’ কল কৰাৰ । তেওঁলোকৰ বাবে প্ৰথম লগ পাওঁতে প্ৰণাম কৰাৰ প্ৰথা বৰ প্ৰয়োজনীয় । সেই উদ্দেশ্যেই কৈছিল । মায়ে তেওঁক মোৰ ৰূমৰ পৰা আৰম্ভ কৰি সৱ দেখুৱাই আছিল । অকস্মাত দেউতা ওলালহি । নিচাত আছিল । হস্পিতালৰপৰা ওলায়েই মদ খাইছে । প্ৰচণ্ড খঙত আছিল দেউতা । কাৰণ হঠাৎ তেওঁৰ প্ৰয়োজনীয়তা কাৰোৰে ওচৰত নাইকিয়া হৈ গ’ল । ককাই উইল খন কৰোঁতেও তেওঁক একো নুসুধিলে,একো নজনালে । মায়েও সকলো কাম অকলেই কৰিব পাৰিলে । দেউতাৰ মেইল ইগ’ যেন নিমিষতে চাৰখাৰ কৰি পেলালোঁ আমি সৱেই মিলি । হস্পিতেলত পৰি থাকোঁতে মায়ে সকলো চম্ভালি লোৱাটো যেন মাৰ ভুলহে হৈছিল । তাতেই লাগিল জগৰটো । আহি মাক অকলে থকা দেখি আৰু চল পালে । তাতে ভিডিঅ’ কলত সিটো মূৰত কোনোবা ডেকা ল’ৰা । নিচাত ডুবি থকা অল্পমতি মানুহৰ মতিভ্ৰম হ’বলৈ ইয়াতকৈ বেছি আৰু কি লাগে । উৎপাত কৰি বস্তু অলপ ভাঙিলে, মাক গালি-গালাজ কৰিলে..
মা ৰৈ গ’ল..
:তোমাকো মাৰিলে ?
:নাই মৰা,ৰখাবলৈ যাওঁতে নিজেহে দুখ পালোঁ ।
:ভিডিঅ’ কল কাটি নিদিলা কিয় ?
মগজে অলপ দেৰি কামেই নকৰিলে, ফোনটো সৰি পৰিলে দৌৰি ৰখাবলৈ যাওঁতে । সি তেতিয়ালৈ দেখিলেই দেউতাৰৰ ৰূপটো । পিছত কেতিয়া সি ফোন কাটিলে নাজানো ।
কথাবোৰৰ গাঁঠবোৰ এটা এটাকৈ খোল খাইছে । লাজ পোৱা নাই মই । আনৰ অসভ্যালিৰ কাৰণে মই লাজ নাপাওঁ । আৰু সেইজন মানুহৰ লগত সম্পৰ্কও নাছিল মোৰ কাহানিও । মোক জন্মৰ দুদিন পিছতেই যি মানুহে নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে,সেইজনক লৈ কি আশা কৰিম ।
আজি মোৰ খং উঠাও নাই । দেউতালৈ পুতৌ জন্মিছে । মনে মনে ফুৰ্টি লাগিছে । মানুহজন অকলশৰীয়া হৈছে, ভিতৰি ভিতৰি ভাগিছে।কৰ্মফল ভুগিছে ।
:মা,অনিৰুদ্ধই তাৰ পাছত কথা পাতিছে তোমাৰ সৈতে ?
:সদায় কৰে ফোন এটা । খবৰ লয় ।
:কি কয় ?
:সৱ কথা জানিলেই যেতিয়া..
:কি কথা ?
মা এইবাৰ উঠি বহিল । মোৰ ফালে সন্দেহৰ চকুৰে চালে । মই যে একো নাজানোঁ সেইয়া মানিবলৈ মাৰ টান হৈছে ।


:একো কোৱা নাই সি তোক ?
:ওহোঁ । মাত্ৰ ঘৰলৈ যোৱা ঘৰলৈ যোৱাকে মাথাটো খাই দিছিলে ।
মায়ে অনিৰুদ্ধক অনুৰোধ কৰিছিল,মোক যেন ঘৰখনৰ পৰা আঁতৰাই নিনিয়ে । মোৰ অবিহনে এইখন ঘৰ ধ্বংস হৈ যাব । মায়ে তেওঁক বুজাইছিল । অনিৰুদ্ধৰ সলনি হোৱা ব্যৱহাৰৰ আচল কাৰণটো এতিয়াহে বুজিলোঁ । ইমানবোৰ ঘটনা মোৰ অজানিতে ঘটি গ’ল।
ককা থকা হ’লে হয়তো ইমানবোৰ নঘটিলহেঁতেন । ঘৰ বুলিবলৈ ইয়াত আগৰপৰাই একো নাছিল,তথাপি যেন ককাই আৱৰি ৰাখিছিল সকলোকে । এতিয়া সেই বটবৃক্ষক মই উঘালি আন ঠাইত ৰুবলৈ চেষ্টা কৰিছোঁ, আৰু মোৰ অজানিতে ভিতৰি ভিতৰি শুকাই মৰহি গৈছে ছায়া দিয়া সেউজীয়া গছজোপা ।
মালৈ চালোঁ, থুপুক বুকুত সুমুৱাই মৰম কৰি থকা মানুহজনী কিমান অসুখী !
থুপুৱে টোপনিতে বাগৰ সলাই এইবাৰ মাক ধৰিছেগৈ । মায়ে তাৰ কেঁকুৰা চুলিখিনি মোহাৰি দিলে ।
মা যদি মতা মানুহ হ’লহেঁতেন, তেন্তে ভাঙিলে হেঁতেন নে এনেকৈ নিজে গঢ়ি লোৱা বস্তু কিছুমান ?
দেউতাতকৈ মাৰ দুখ, শোক,খং,বিৰক্তি বহুত বেছি, কিন্তু মেইল ইগ’ যে নাই, সেইবাবে নিজকে শাস্তি দি দি পাৰ কৰিছে দিনবোৰ ।
কেতিয়াবা লাগে, দুয়োজন সমানেই দায়ী,কেতিয়াবা লাগে মাৰ লগত অন্যায় হৈছে, কেতিয়াবা ভাবোঁ ককাৰ লগতো অন্যায় হৈছে..
আৰু এতিয়া জানিতে বা অজানিতে মায়ে অনিৰুদ্ধৰ লগতো অন্যায় কৰিছে..
:তুমি তেনেকৈ কওঁতে অনিৰুদ্ধই কি ক’লে?মানি লৈছে ?
:তোৰ নিচিনাই জেদী,অভং । কৈছে তই যি সিদ্ধান্ত ল’বি সেইটো হে হ’ব । আমিবোৰ মাজত সোমালে নহ’ব । তোৰ লগত থাকি থাকিয়েই হ’ল চাগে তেনেকুৱা ।
মায়ে কথাটো পাতল কৰিবলৈ ক’লে । আঁতৰি যাম বুলি ভয়,একেটা ভয় ককাৰো আছিল ।
:মাজু,অনিৰুদ্ধই থুপুক মৰম কৰিব নে ? তহঁতৰ নিজৰ সন্তান হ’লে থুপু যদি আকৌ আলৈ-আথানি হয়!ভয় লাগে কেতিয়াবা ।
মাৰ ভয় বেলেগ,মায়ে থুপুৰ কথা ভাবিছে, ময়ো ভাবো,ভয় খাওঁ কেতিয়াবা । কিন্তু অনিৰুদ্ধক ওচৰত পালে নিমিষতে সেই সন্দেহ নোহোৱা হৈ যায়।কথাবোৰ কমকৈ ভাবিবলৈ লৈছোঁ আজিকালি, যিমানেই ভাবিম সিমানেই কষ্ট পাম । মাৰ সন্দেহ যদি সঁচা হয় ? একো নাই,আঁতৰি আহিম নিজেই । থুপুৰ লগত আৰু কোনোধৰণৰ অন্যায় মই সহ্য নকৰোঁ কোনোদিন ।
কিন্তু সকলোবোৰ পিছত,তাৰ আগতে কিছুমান কথা ক্লিয়েৰ কৰিব লাগিব ।
অধীৰ গোস্বামীৰ লগত,মোৰ so called ‘দেউতা’ৰ লগত ।

বগা বাংলোত আজি চাগে বহুদিনৰ মূৰত সন্ধিয়া শংখ, ঘণ্টা বাজিছে । ককাই আনদিনাতকৈ বেছি ডাঙৰকৈ মন্ত্ৰ উচ্চাৰণ কৰিছে । ঘোষা পাঠ কৰোঁতে শেষৰ ফালে মাতটো কন্দনামুৱা । সকলো বুজিছোঁ ।

যোগেশ দাৰ কান্ধত উঠি থুপুৱে গোটেই ঘৰটো ঘূৰি ফুৰিছে । পাকঘৰৰ পৰা ঘিঁউত লুচী ভজাৰ গোন্ধ ।

:মাজু,চাহ কাপ তই বনাচোন ।
মায়ে চিঞৰিলে । মানুহজনীয়ে একসপ্তাহ ভালকৈ একো খোৱা নাই । বাহাদুৰে তৰাক সকলো কৈছে,আৰু তৰাই মনে মনে আহি মোক কৈ গ’ল । আজি চাহ একাপ বনাই খুৱাবই লাগিব ।
এনেতে বিছনাত ফোনটো বাজিল।
অনিৰুদ্ধৰ ভিডিঅ’ কল ।
উঠালোঁ ।
অফিচৰ পিছফালে থকা smoking zone টোৰ পৰাই কৰিছে ।
:ঘৰ পাই পাহৰি থাকিলা ন মোক ।
:আগতেই পাহৰিলোঁ । কোন হয় আপুনি ?
:ইমান গুণ্ডী কিয়?
:ইমান ফিল্মী কিয় ?
:মইতো এনেকুৱাই।
:ময়ো এনেকুৱাই ।
:Copy কৰিছা মোক ?
:Nope !
:তাক দেখুৱাই দিয়া এবাৰ ।


থুপু তেতিয়া আইতাকৰ হাতৰ পৰা লুচী খোৱাত ব্যস্ত । ডাইনিং খনৰ ওপৰত বহি আছে । হাতত ককাৰ গোসাঁইঘৰৰ টিলিঙাটো । কান্ধত গামোছা এখনো লৈছে ।
ফোনটো তাৰ ফালে পোনাই দেখুৱালো ।
সি অলপ দেৰি চালে..
:Hey buddy..
এখন হাতত টিলিঙা আৰু আনখন হাত মুঠি মাৰি সি কৈছে
:থোমাক ধুম ধুম পিটিম,অনিমুন ।
মুখত লুচী আছেই,ভালকৈ ক’বও পৰা নাই,তথাপি দম দেখুৱাবলৈ এৰা নাই ।
এইবাৰ মা, মই, অনিৰুদ্ধ সৱেই একেলগে হাঁহিলো ।

( আগলৈ )

Abir Love Story

Note Next Part Coming Soon

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

 

 

Tags

Post a Comment

0 Comments
close