Ads Area

Abir Love Story 43 | Published by Indranee Sharma | Love Story

:হেৰি নহয়, আলহীক এপাক আমাৰ ফালে ফুৰাবলৈ নিব । মই যাওঁ । আজি আকৌ মাখনী বাইদেউৰ ঘৰতো সকাম আছিলে । এপাক মাৰি যাওঁ সাউতকে ।
আলহীৰ লগতে অকণমান কিবা এটা খাই খুড়ী যাবলৈ ওলাল ।
:খুড়ী, আয়ুক মই মাতিছোঁ বুলি ক’ব । অনিৰুদ্ধক সি চিনি পায়, কিয় নাহিলে লগ কৰিবলৈ ?
:সি নাই নহয় ?
:ক’লৈ গ’ল ?
Abir Love Story 42 | Published by Indranee Sharma | Love Story

:ৰাতিপুৱাই ককায়েকৰ গাড়ী লৈ ডিব্ৰুগড় পালেগৈ ।লগৰ ল’ৰাই মাতিছে বোলে । তইনো নাজান নে তোৰ পেটুৱা টো ক’লৈ গ’ল ।
কোনেও মতা নাই তাক । ভালকৈ জানো মই সি কিয় গুচি গৈছে তেনেকৈ । যাওক । সি যদি এইবোৰ চাব বিচৰা নাই, তেন্তে নালাগে চাব ।
:সৱেই অকণ জিৰাই লোৱা ভাল নেকি ? ময়ো অকণ বিছনাত পৰোঁগৈ দেই ।
ককা নিজৰ ৰূমলৈ গ’ল । অনিৰুদ্ধ যেন ককা আঁতৰি যোৱালৈহে ৰৈ আছিল । হাতখন টাৱেলেৰে মচি মচি আহি মোৰ ওচৰত থিয় হ’ল ।
:We forgot one ritual, right maa?
:কি ?
:মইতো আশীৰ্বাদ দিয়াই নাই অনন্যাক ।
:সেৱা কৰিব লাগিব মই ?
:Of course.
অনিৰুদ্ধই মাকৰ ফাললৈ চাই চকু টিপিয়াই দিয়া দেখিলোঁ । বুজিছোঁ, ধেমালি কৰিছে । কিন্তু কিয় জানো, মই সদায় উপেক্ষা কৰা, কেতিয়াবা কেতিয়াবা সন্দেহ কৰা মানুহজনৰ ভৰি চুবলৈ মোৰ সঁচাকৈ মন গ’ল । 
হাতৰ বঁটাটো তৰাৰ হাতত দি সম্পূৰ্ণ শ্ৰদ্ধা আৰু ভক্তিৰে তেওঁৰ ভৰি চুই মূৰত লগালো । সকলো আচৰিত । কাৰো সন্মুখত মূৰ তল কৰিব নোখোজা মই যে অনিৰুদ্ধৰ ভৰি চুই সেৱা কৰিব পাৰিম সেইয়া হয়তো সপোনৰো অগোচৰ আছিল ।
দুবাহুত ধৰি তুলি ধৰিলে তেওঁ মোক । বুজি পালে যে মই তেওঁৰ ধেমালি বুজিও এই কাম কৰিছোঁ ।
:য়ে ক্যা কৰ দিয়া তুমনে অনন্যা !
বেছি আৱেগিক হ’লে তেওঁৰ মুখত নিজৰ ভাষা ওলায় ।
:অপনা আশীৰ্বাদ বনায়ে ৰখনা কানহা জী ।
অনিৰুদ্ধৰ মাকে দুই হাত যোৰ কৰি ওপৰলৈ চাই প্ৰাৰ্থনা কৰিলে ।
:মোকো আশীৰ্বাদ দিয়া ।
হঠাৎ অনিৰুদ্ধই মোৰ ভৰি চুবলৈ হাউলি দিলে ।
:য়েছ য়েছ, আশীৰ্বাদ দিয়া অনন্যা,ইয়াৰ খংটো কমিবলৈ ।
:কি কৰিছে, ধেৎ ।
:মোকো এনেকুৱা কই দিয়া আকৌ ।
মাৰ ওচৰৰ পৰা দৌৰি আহি আমাৰ ওচৰ পালেহি থুপু । হয়তো, তাক এৰি আমি এইবোৰ কৰিলে কেনেকৈ হ’ব । এইবাৰ মই আৰু অনিৰুদ্ধ দুয়ো মিলি একেলগে আমাৰ থুপু গোঁসাইৰ আশীৰ্বাদ ল’লো । ক’ত নো শিকিলে নাজানো, মূৰত হাত থৈ কৈছে
:পুত অতি বব ।
একো বুজি নাপালোঁ । তৰাই জোৰে জোৰে হাঁহি কৈছে, ককাৰ লগত টিভিত ৰামায়ণ মহাভাৰত চাই চাই শিকিছে । ক’ব খুজিছিলে ‘পুত্ৰৱতী ভৱঃ’ ।গোটেইবোৰে হাঁহিবলৈ ধৰিলোঁ । সি ও লগতে হাঁহিছে ।
:কিন্তু মোক যে পুত্ৰী লাগে । আশীৰ্বাদ টো থুপুক change কৰি দিব কোৱা না ।
কাণে কাণে কথাটো কৈ আঁতৰি গ’ল অনিৰুদ্ধ ।
:মা,তুমি ৰেষ্ট কৰা, মই বেগ কেইটা হোটেলৰ পৰা লৈ আনো ।
:ৰ’বা , যোগেশ যাব তোমাৰ লগত । মই গাড়ী উলিয়াবলৈ কওঁ ।
:মা, মই যাম । যোগেশ দা নালাগে ।
অথনিৰে পৰা কথা পাতিবলৈ সুযোগ বিচাৰি থকা অনিৰুদ্ধৰ চকু ডাঙৰ হৈ গ’ল । 
:মাজু, ককাৰ গাড়ীখন নিনিবি তই । ইমানদিনে চলোৱা নাই।মোৰ খন লৈ যা । অনিৰুদ্ধ তুমি চলাবা । আমাৰ এইৰ হাত এতিয়াও পোন নহয় ।
:হ’ব আণ্টি ।
:মোকো নিবা অনিমুন ?
:Of course buddy.
:থুপু, তুমি এতিয়া অকণমান ঘুমু কৰা, ৰাতিকে আমি অনিমুনক ফুৰাবলৈ নিম । হ’ব ?
ময়ো বিচাৰোঁ অলপ একান্ত সময় তেওঁৰ সৈতে ।কেতিয়াও মুখ খুলি কোৱা নাই । কিন্তু আজি কৈছোঁ ।
বগা বাংলোৰ পৰা গাড়ী ওলাই মেইন ৰোডত উঠিল । মিউজিক চিষ্টেমত শুনি আহিছোঁ মোৰ প্ৰিয় গান
“ऐ री सखी मोरे पिया घर आए
भाग लगे इस आँगन को
बल-बल जाऊँ मैं अपने पिया के, चरन लगायो निर्धन को ।
मैं तो खड़ी थी आस लगाए, मेंहदी कजरा माँग सजाए ।”
অনিৰুদ্ধই নিজৰ বাওঁহাতেৰে খামুচি ধৰি আছে মোৰ সোঁহাতখন ।
:Thanks for coming with me.
হোটেল গ্ৰীণ ভেলীৰ সন্মুখত আমাৰ গাড়ী ৰ’ল ।ৰিচেপচনৰ পৰা চাবি লৈ অনিৰুদ্ধ আৰু মই তৃতীয় মহলালৈ উঠি গ’লো । দৰ্জাখন খুলি সোমাই গৈ বেগটো লৈ ওলাই আহিল অনিৰুদ্ধ । মই বাহিৰতে ৰৈ আছোঁ । 
:I think I have lost my i-pad.
:হোৱাট ? ভালকৈ চালে জানো ? আকৌ এবাৰ চাওঁ ৰ’ব ।
ৰুমটোলৈ সোমাই গ’লো । আৰু পিছে পিছে তেওঁ সোমাই দৰ্জাখন বন্ধ কৰি দিলে । আৰু তাৰ পিছৰ মুহূৰ্তত মই দৰ্জাখন আৰু অনিৰুদ্ধৰ মাজত সোমাই পৰিলোঁ ।
মোৰ দুয়ো খন হাত তেঁওৰ হাতৰ মুঠিত ।
:I told you, Game on !
নাই, মই জোৰ কৰি ওলাই যাব খোজা নাই এই বান্ধোনৰ পৰা । এতিয়া যে মোৰ মন নাযায় আঁতৰি যাবলৈ।মোৰো যে ভাল লাগে এই মধুৰ মুহূৰ্ত বোৰ ।
:আৰু যদি হাৰ মই মানি লওঁ ?
:Are you sure ?
:Hmmm.
আৰু একো কোৱা নহ’ল । হাতৰ বান্ধোন মুকলি কৰি দুহাতেৰে সাৱটি ল’লে তেওঁ মোক । মোৰ কপালত মূৰ থৈ কৈ উঠিল
:মই নিজেই নাজানো মই কিমান সুখী আজি ।
:অনিৰুদ্ধ, মই কিবা ক’ব খুজিছোঁ ।
:কোৱা ।
:I want to say sorry.
:For ?
:For everything. আপোনাক সন্দেহ কৰাৰ কাৰণে, আপোনাক মোৰ জীৱনৰ আনবোৰ পুৰুষৰ সৈতে তুলনা কৰাৰ বাবে, আপোনাক ভাল পাওঁ বুলি ক’ব খুজিও ক’ব নোৱাৰাৰ বাবে, আপুনি থুপুক নিজৰ বুলি আঁকোৱালি নলয় বুলি ভৱাৰ বাবে, আপোনাৰ মনটোক চিনি পাবলৈ ইমান সময় লোৱাৰ বাবে.. আৰু বহুত কাৰণৰ বাবে.. আই এম ছৰী ।
:ইমান বেয়া পাইছিলা মোক ?
:নিজক ভাল পোৱা নাছিলোঁ, সেইবাবেই চাগে মোৰ দৰে ছোৱালীকো কোনোবাই ইমান ভাল পাব পাৰিব, সন্মান দিব পাৰিব, সেইয়া মানি ল’বলৈ মোৰ কষ্ট হৈছিল । আৰু মই এতিয়াও নিজক আপোনাৰ বাবে যোগ্য বুলি নাভাবোঁ । কিন্তু আজি যেতিয়া আপোনাৰ মায়ে থুপুক নিজৰ কৰি লৈছিল, মই বুজিছিলোঁ ইমানদিনে কিমান ভুল বুজি আছিলোঁ মই আপোনাক ।
:এতিয়া মই কিবা কওঁনে ?
:হমম ।
:মই সপোন দেখি থকা নাইতো অনন্যা ? তুমি নাজানা কিমান বিচাৰিছিলোঁ এনেকুৱা এটা দিন, য’ত পৰিয়ালৰ সৱৰ আগতে ক’ব পাৰিম,তুমি মোৰ বুলি । ফাইনেলি তুমি মোৰ হ’বা । I can’t be more happier. Is it really true?Pinch me please.
ধুনীয়া চকু কেইটাত অকণমান পানী উপচি পৰিছে । দীঘল দীঘল পলক জাপ খাই গৈছে ..
দুহাতেৰে তুলি ধৰিলোঁ কোমল মুখ খন, ওঁঠত গুঁজি দিলোঁ মোৰ ওঁঠ, কপিছিলোঁ, কিন্তু তাৰ বাহিৰে যে মোৰ একো উপায় নাছিল তেওঁক বুজোৱাৰ..
যি হৈ আছে, সেইয়া সপোন নহয় অনিৰুদ্ধ ।
যি হ’বলৈ গৈ আছে, সেইয়াও মিছা নহয় অনিৰুদ্ধ ।
আত্মাৰ মিলনক জানো কোনোবাই ৰুধিব পাৰিব!
মোৰ সমগ্র সত্তা জুৰি আপুনি বিয়পি আছে,আপোনাৰ মাজতেই মই উজুটি খাওঁ, আৰু আপোনাৰ মাজতেই দুগুণ শক্তিৰে পুনৰ থিয় হওঁ।
শব্দবোৰে জিৰণি লৈছে এতিয়া ।
নীলা চাদৰৰ আচলত বুটা বাচিছে প্ৰতিটো নীৰৱ মুহূৰ্তই..
:Anirudh..
:Hmmm

:We should leave.
অনিৰুদ্ধই বুজি পালে মোৰ কথা । এৰি দিলে মোৰ কঁপি থকা দেহাটো । চুলিখিনি, চাদৰ খন ঠিক কৰি ওলাই আহিলোঁ ৰূমটোৰ পৰা ।
অনিৰুদ্ধই চেক আউটৰ কাৰণে ৰিছেপচনত কথা পাতিবলৈ গ’ল । ওচৰতে থকা চোফাখনতে বহি মই অপেক্ষা কৰিছোঁ । তেনেকুৱাতে দেখিলোঁ বিকাশ আৰু এজন মানুহ সোমাই আহিছে । লগত দুজনী পোন্ধৰ ষোল্ল বছৰ মান বয়সৰ ছোৱালী । একেবাৰেই সাধাৰণ কাপোৰ পিন্ধা ছোৱালী দুজনীক সাংঘাটিক নিচাত থকা যেন লাগিল । নিজে প্ৰায় সকলো নিচা কৰি পাইছোঁ, মানুহ দেখিলে বুজোঁ কোন কিমান নিচাত আছে । মই ফোনত কথা পতাৰ দৰে কৰি মুখ খন লুকুৱাই ৰাখিলোঁ । ছোৱালী দুজনীক লৈ বিকাশ ভিতৰলৈ সোমাই গ’ল । লগত অহা মানুহজন ৰিছেপচনত কথা পতাত লাগিল । 
ভাগ্য ভাল, অনিৰুদ্ধই নেদেখিলে ।
বুজিবলৈ বাকী নাথাকিল কিয় অনা হৈছে সেই সৰু ছোৱালী দুজনীক । চৰিত্ৰ সলনি হোৱা নাই বিকাশৰ । ইফালে ঘৰত গৰ্ভৱতী পত্নী ।
ইয়াক আজি মই সাৰি যাবলৈ নিদিওঁ ।
কিন্তু মই কিবা কৰাৰ আগতে যোগেশ দাক সুধি ল’বই লাগিব । ফোন কৰিলোঁ ।
যি দেখিলোঁ তাৰ সম্পূৰ্ণ বৰ্ণনা দিলোঁ যোগেশ দাক ।
:তই তাৰ পৰা ওলা আগতে ।
:যোগেশ দা, কিবা এটা কৰিবই লাগিব । ছোৱালী দুজনী বচোৱাৰ লগতে মই বিকাশক সৱৰ আগতে ‘নংগা’ কৰি দিম ।
:তই আজি এইবোৰত নালাগিবি মাজু । অনিৰুদ্ধক লৈ ওলাই আহ সোনকালে ।
:নিউজত আহিব লাগিব যোগেশ দা । মোক ৰিপোৰ্টাৰৰ নম্বৰ দিয়ক প্লিজ ।
:মই মেনেজ কৰিম । তই একো নকৰিবি । আহি আছো ৰ ।
বেছিকৈ জোৰ দি ধৰাত স্থানীয় দুজন সাংবাদিকৰ নম্বৰ যোগেশ দাই দিলে । ফোন কৰি হোটেললৈ আহিবলৈ ক’লো । ব্ৰেকিং নিউজ পাব । প্ৰাক্তন বিধায়কৰ পুত্ৰ । তাতে এইবাৰ ইলেকচনত হাৰি দল সলনি কৰি বাপেকৰো অৱস্থা ভাল নহয় । এতিয়া পুতেকে ড্ৰাগছ খোৱাই নাবালিকা ছোৱালীক হোটেলৰ ৰূমলৈ আনিছে । এইটো কথা পোহৰলৈ আনিবই লাগিব । ফোন কৰাৰ লগে লগে সাংবাদিক দুজন আহিম বুলি ক’লে । পুলিচৰ ওপৰত মোৰ ভৰসা নাই । গতিকে ফোন নকৰিলোঁ ।
অনিৰুদ্ধ মোৰ ফালে অহা দেখি একো যেন হোৱা নাই তেনেকুৱা ব্যৱহাৰ কৰিলোঁ ।
:They returned 50%.Its okay. যাওঁ ব’লা ।

:এতিয়াই ?
:What ?
:মানে ঘৰত গ’লে আমি কথা পাতিবলৈ সুবিধাই নাপাওঁ । কাষতে এখন সৰু কফি চ’প আছে।তাতে বহিব পাৰিম অলপ সময় ।
:Sure.
কেনেকৈ কওঁ মই অনিৰুদ্ধক । মই কিহৰ কাৰণে ৰ’ব খুজিছোঁ । ওলাই আহি ওচৰৰ মুকলি চাহ কফিৰ দোকান খনতে বহিলো । বাৰে বাৰে চাইছোঁ কেতিয়া নিউজ চেনেলৰ মানুহ আহিব ।
ছোৱালী দুজনীৰ কাৰণেও চিন্তা হৈছে।কিন্তু মই অকলে একো কৰিব নোৱাৰোঁ । যি কৰো বুদ্ধিৰে কৰিব লাগিব ।
কিছু সময়ৰ পাছত হুলস্থূল শুনিবলৈ পালোঁ ।মিডিয়াৰ লগতে পুলিচৰ গাড়ীও আহিল । হয়তো যোগেশ দায়ে খবৰ দিলে । ককাৰ গাড়ী লৈ যোগেশ দা আৰু আমাৰ চাহ পাত কঢ়িওৱা এখন 407 ট্ৰাকত প্ৰায় পোন্ধৰ বিশ জন মান বাগানৰ কৰ্মচাৰী প্ৰায় একেসময়তে আহি পালে ।। হুলস্থূল কৰিবলৈকে লৈ আনিছে যোগেশ দাই । হওক, আজি তামাচা হওক । মই চাম ।
:কি হৈছে তাত ?
:নাজানো নহয়,চাই আহোঁ নেকি ?
হোটেলৰ ভিতৰৰপৰা অৰ্ধ-উলংগ অৱস্থাত উলিয়াই আনিছে বিকাশক, ছোৱালী দুজনীৰ মুখ দুপাত্তাৰে ঢকা আছে । মানুহে মোবাইলত ৰেকৰ্ড কৰিছে সকলো দৃশ্য ।
পুলিচে নিউজ চেনেলৰ কেমেৰাৰ সন্মুখত ডাঙি ধৰিছে বগা বগা পাউদাৰৰ পেকেট ।
“দুইজনী ছোৱালী নাবালিকা । তেওঁলোকক ড্ৰাগছ খোৱাই জোৰ কৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰা হৈছিল । আমি সময়ত উপস্থিত হৈ ছোৱালী দুজনীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ ।”
উফ ।
বুকুখন পাতল লাগি গৈছে ।
:কি হৈছে অনন্যা ?
:আই থিংক কম বয়সৰ ছোৱালীক ড্ৰাগছ দি ইলিগেল কাম কৰিবলৈ ফৰ্চ কৰোঁতে ধৰা পৰিছে ।
নামটো তেওঁক নক’লো তেওঁক । অনিৰুদ্ধৰ বিকাশৰ লগত বন্ধুত্ব সিদিনাই শেষ হৈছিল যেতিয়া তেওঁ কথাবোৰ জানি মোৰ ওচৰলৈ দৌৰি আহিছিল । এতিয়া আকৌ মনত পেলাই দিব মই খোজা নাই ।
মানুহৰ ভিৰত ভালকৈ দেখা নাপালে অনিৰুদ্ধই।নালাগে দেখিব ।
কিন্তু মোক বন্ধ কোঠাত উলংগ কৰি তৃপ্তি লোৱা বিকাশক আজি সমাজৰ সন্মুখত উলংগ কৰি চৰম তৃপ্তি লভিছোঁ মই ।
সময়ে শিকাইছে মোক, কোনো সাৰি নাযায় । কৰ্মফল ভুগিব লাগিবই ।
সেইদিনা মই কান্দিছিলোঁ, আজি বিকাশৰ গোটেই ঘৰখনে কান্দিব ।
সমাজত থু থু হ’ব ।
হওক,ক্ষমা কৰি দিব পৰাকৈ মহান মই নাছিলোঁ কোনোদিনে । প্ৰতিশোধৰ জুই দপদপাই জ্বলি আছিল বুকুত ।
শান্তি পাইছোঁ আজি ।
:ইয়াৰপৰা যোৱাই ভাল হ’ব । I am sorry you had to see all this.
:Yeah, lets go home.
গাড়ীত বহি গুণগুণাই আছোঁ মোৰ প্ৰিয় গান ।ইমানবোৰ ভাল লগা একেলগে । আজিৰ দিনটো মোৰ জীৱনৰ আটাইতকৈ সুখৰ দিন, শান্তিৰ দিন ।লাহে লাহে আন্ধাৰ নামি আহিছে । দূৰণিৰ নামঘৰত ডবা শংখ বাজিছে ।
গাড়ীখন ৰখাই দিলে অনিৰুদ্ধই । 
:কি হ’ল ?
:পোৱালিক এগাল খোপা কিণ্ডাৰ জয় লাগে নহয়।
তেওঁ পাহৰা নাই । ওচৰৰ দোকানখনলৈ গৈ কিনি আনিলে । লগতে আৰু এটা পেকেট ।
:এইটো কি  ?
:মোৰ মায়ে মেহেন্দি লগাই খুব ভাল পায়, কালি সময় নাপালে কাৰণে মন বেয়া । আজি লগাব পাৰিব । তুমিও লগতে বহি লগালে আৰু ভাল পাব ।
:মই মেহেন্দি লগালে আমাৰ থুপুকো লগাই দিব লাগিব ।
প্ৰতিপদৰ জোনটোৱে একাজলি জোনাক ছটিয়াই হাঁহি দিছে আমাৰ লগতে ।
বুকুত মোৰ নতুন জীৱনৰ আবাহনী সংগীত ।

( আগলৈ )

Abir Love Story

Note Next Part Coming Soon

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

Tags

Post a Comment

2 Comments
  1. 44 aru 45 nidile sun . 1year hoi gol. Wait kori kori vagori porsu.

    ReplyDelete
    Replies
    1. Aji Upload Kori Asu.... Mur Alop Problem Hoi Asily... So Upload Koriboly Pora Nasilu

      Delete

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )

close