Search Engines

How to Use UPI App Without Internet | ইণ্টাৰনেট নোহোৱাকৈ গুগল পে’, ফোন পে’ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি ? আপুনিও জানি লওক এই কিটিপ


বৰ্তমান ডিজিটেলৰ যুগ । সকলোতে এতিয়া ডিজিটেল ব্যৱস্থা। ধন লেনদেনৰ ক্ষেত্ৰতো সৰহসংখ্যক লোকেই ডিজিটেল পদ্ধতি অৱলম্বন কৰে । দোকান–পোহাৰ, বজাৰ–সমাৰ সকলোতে ডিজিটেল পেমেণ্ট কৰিবলৈ পছন্দ কৰে মানুহে । আৰু ডিজিটেল লেনদেনৰ বাবে ব্যৱহাৰ কৰে বিভিন্ন ম’বাইল পেমেণ্ট সেৱা । যেনে গুগল পে’, ফোন পে’ ইত্যাদি ।

gpay not working


কিন্তু এই ডিজিটেল সেৱাসমূহ ব্যৱহাৰ কৰাৰ বাবে প্ৰয়োজন হয় ইণ্টাৰনেট সেৱাৰ । বহু সময়ত ইণ্টাৰনেট সেৱা নথকাৰ বাবে এই সেৱাসমূহ ব্যৱহাৰৰ পৰা বঞ্চিত হ’বলগীয়া হয় । দুৰ্বল নেটৱৰ্ক বা কিছুমান নেটৱৰ্ক নথকা স্থানত এই পেমেণ্ট এপসমূহ ব্যৱহাৰ কৰাত অসুবিধা হয় বা কৰিব নোৱাৰি ।

কিন্তু আপুনি জানেনে, এক বিশেষ কৌশল অৱলম্বন কৰিলে ইণ্টাৰনেট অবিহনেও ব্যৱহাৰ কৰিব পাৰি এই এপ । সহজতে নেটৱৰ্ক নথকা স্থানৰ পৰাও আপুনি কৰিব পাৰিব ডিজিটেল লেনদেন । কিন্তু কেনেকৈ ? এয়া সম্ভৱ জানো ?


শেহতীয়াকৈ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই এটা ভিডিঅ’ ছচিয়েল মিডিয়াত আপলোড কৰিছে । আৰু সেই ভিডিঅ’টোত এই কৌশলৰ বিষয়ে জনাইছে ইউটিউবাৰগৰাকীয়ে । ভিডিঅ’টোত জনোৱা অনুসৰি, ইয়াৰ বাবে ডায়েল কৰিব লাগিব *99#, কিন্তু আপুনি সেইটো ম’বাইলৰ পৰাহে এই নম্বৰটো ডায়েল কৰক, যিটো নম্বৰৰ ম’বাইলত আপোনাৰ ইউপিআই ছেভ হৈ আছে । অৱশ্যে জিঅ’ ছিমৰ পৰা এই পদ্ধতিটো অৱলম্বন কৰিব পৰা নাযাব বুলি কোৱা হৈছে ভিডিঅ’টোত । *99# ডায়েল কৰাৰ পিছত আপুনি ভাষা বাছনি কৰিব লাগিব । তাৰ পিছত আপুনি বেংকৰ একাউণ্টৰ IFSC নম্বৰৰ প্ৰথম চাৰিটা সংখ্যা বিচাৰিব । এইখিনি প্ৰক্ৰিয়া হৈ যোৱাৰ পিছত আপুনি গুগল পে’, ফোন পে’ আদি এপৰ পৰা যালকৈ ধন লেনদেন কৰিব বিচাৰে সেয়া কৰিব পাৰিব ।

Dimpu Da Video Link :


Tags

Post a Comment

0 Comments
close