আদিম মানুহৰ কৃষি কাৰ্য আৰু স্থায়ী বসবাসৰ আৰম্ভণি, চকাৰ ব্যৱহাৰ
অনুশীলী
১। একোটা সস্পূৰ্ণ বাক্যত উত্তৰ লিখাঁ ।
ক) কৃষি বা খেতি বুলিলে কি বুজা লিখাঁ ।
উত্তৰঃ মাটিত গুটি বা বীজ গজিব পৰা প্ৰাকৃতিক গুণটোক মানুহে নিজৰ প্ৰয়োজন পূৰ হোৱাকৈ ব্যৱহাৰ কৰা কাৰ্যটোকেই কৃষি বা খেতি বোলা হয় ।
খ) মানৱ সভ্যতাৰ কোনটো যুগত অৰণ্য এৰি বসবাসৰ বাবে হ্ৰদ আৰু নদীৰ দাঁতি-কাষৰীয়া সমতল অঞ্চললৈ আহে ?
উত্তৰঃ নৱ প্ৰস্তৰ যুগত মানুহে অৰণ্য এৰি বসবাসৰ বাবে হ্ৰদ আৰু নদীৰ দাঁতিকাষৰীয়া সমতল অঞ্চললৈ আহে ।
গ) কৃষি কাৰ্যৰ আৰম্ভণি অৱস্থাত মানুহে মাটি চহাবলৈ কি কি সামগ্ৰী ব্যৱহাৰ কৰিছিল ?
উত্তৰঃ কৃষি কাৰ্যৰ আৰম্ভণি অৱস্থাত মানুহে মাটি চহাবলৈ শিলৰ সণঁজুলি, গছৰ ডাল, জন্তুৰ শিং,হাড় আদি সামগ্ৰী ব্যৱহাৰ কৰিছিল ।
ঘ) কেতিয়া আৰু ক'ত পোনপ্ৰথমে নাঙলৰ উদ্ভাৱন হৈছিল ?
উত্তৰঃ খ্ৰী.পূ. ৪০০০ চনত মেচোপটেমিয়াত প্ৰথমে নাঙৰ উদ্ভাৱন হৈছিল ।
ঙ) কিমান খ্ৰীষ্টাব্দৰপৰা কৃষি কাৰ্য আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে ?
উত্তৰঃ প্ৰায় ৯০০০ খ্ৰীষ্টাব্দৰ পৰা কৃষি কাৰ্য আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে ।
চ) কিমান খ্ৰীষ্টাব্দৰপৰা গৰু, ম'হ আদি জন্তু পোহপাল কৰা হৈছিল বুলি কোৱা হয় ?
উত্তৰঃ প্ৰায় ৬০০০ খ্ৰী.পূ. মানতহে গৰু, ম'হ আদি জন্তুৰ মানুহে পোহপাল কৰা হৈছিল বুলি কোৱা হয় ।
ছ) কেতিয়া আৰু কোন দেশত খেতি কৰা কামটো আৰম্ভ হৈছিল ?
উত্তৰঃ ৯০০০ খ্ৰীষ্টাব্দত আৰু চিৰিয়া, পেলেষ্টাইন, বেলুচিস্তান আদি দেশত খেতি কৰা কামটো আৰম্ভ হৈছিল ।
২। শুদ্ধ নে অশুদ্ধ লিখাঁ ।
ক) সঁজুলিৰ ব্যৱহাৰ মানৱ সভ্যতাৰ উন্নতিৰ ক্ষেত্ৰত অটা গুৰুত্বপীৰ্ণ কথা নহয় ।
উত্তৰঃ অশুদ্ধ ।
খ) মাটিৰ বুকুত গছ-গছনী অৰ্থাৎ উদ্ভিদ গজা কথাটো এটা কৃত্ৰিম কথা ।
উত্তৰঃ অশুদ্ধ ।
গ) কৃষি কাৰ্যত জন্তুক ব্যৱহাৰ কৰা কামটো বহু পিছতহে আৰম্ভ হয় ।
উত্তৰঃ শুদ্ধ ।
ঘ) গাঁৱৰ উৎপত্তিৰ লগে লগে আদিম মনুহৰ জীৱন সু-সংগঠিত হৈ পৰিল ।
উত্তৰঃ শুদ্ধ ।
ঙ) কুমাৰৰ চাকত লো, পিতল ইত্যাদি ধাতুৰ বাচন-বৰ্তন আৰু সঁজুলি তৈয়াৰ কৰা হয় ।
উত্তৰঃ অশুদ্ধ ।
৩। যথাযথভাৱে উত্তৰ দিয়াঁ ।
ক) আদিম মানুহে মাটিৰ বুকুত গছ গজি উঠাৰ বিষয়ে কিদৰে জ্ঞান আহৰণ কৰিছিল লিখাঁ ।
উত্তৰঃ নৱপ্ৰস্তৰ যুগত মানুহে যেতিয়া অৰণ্য এৰি হ্ৰদ আৰু নদীৰ দাঁতি কাষৰীয়া সমতল অঞ্চললৈ আহিছিল, তেতিয়াই নদীৰ পাৰৰ কোমল আৰু সাৰৱা মাটিত গছ-বনৰ গুটি পৰি তাৰপৰা পুনৰ গছ গজা কথাটো দেখিবলৈ পাইছিল ।
খ) আদিম মানুহে কেনে কেনে ধৰনৰ পৰিস্থিতিৰ মুখামুখী হৈ কৃষি কাৰ্য কৰাৰ বাবে আগ্ৰহী হৈছিল ?
উত্তৰঃ আদিম মানুহৰ যেতিয়া সংখ্যা বাঢ়িবলৈ ধৰিলে তেতিয়াৰে পৰা তেওঁলোকৰ খাদ্যৰ অসুবিধা হ'ল কাৰণ হাবি-বননি বোৰত বছৰে-বছৰেহে ফল লাগে আৰু প্ৰাণীবোৰ মাৰাতো ইমান সহজ কথা নহয় । সেয়ে তেওঁলোকে কৃষি কাৰ্য কৰাৰ বাবে আগ্ৰহী হৈছিল ।
গ) আদিম মানুহে কৃষি কাৰ্যত সজুলি ব্যৱহাৰ কৰাৰ বিষয় চমুয়াই লিখাঁ ।
উত্তৰঃ আদিম মানুহৰ জীৱন সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল আছিল । লাহে লাহে মানুহৰ চিন্তা আৰু বুদ্ধিৰো বিকাশ হ'ল । খাদ্য বস্তৰ অভাৱ দূৰ কৰিবলৈ মানুহে কৃষি অর্থাৎ খেতি কৰা কামটো আৰম্ভ কৰিলে । কৃষি কাৰ্যৰ বাবে পানীৰ প্ৰয়োজন হয় বাবেই মানুহে প্ৰথমে নদী বা হ্ৰদৰ পাৰত বসতি আৰম্ভ কৰিছিল । ইয়াৰ লগে লগে মাটিত শস্যৰ বীজ সিঁচিবলৈ আৰু পুলি ৰুবলৈ মাটি চহোৱাৰ কথাটো আহি পৰিল । তাৰ বাবে প্ৰয়োজন হ'ল সা-সঁজুলি । তেতিয়ালৈকে আদিম মানুহে বিভিন্ন কামৰ বাবে, সঁজুলি হিচাপে গছৰ ডাল, বিভিন্ন আকৃতিৰ শিল, মৃত জীৱ-জন্তুৰ দাঁত আৰু হাড় আদি ব্যৱহাৰ কৰিবলৈ শিকিছিল ।
ঘ) আদিম মানুহে কিয় স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল ? ইয়াৰ ফলত তেওঁলোক কিদৰে উপকৃত হৈছিল লিখাঁ ।
উত্তৰঃ আদিম মানুহে স্থায়ীবসবাস কৰিবলৈ লৈছিল কাৰণ তেওঁলোকে যেতিয়া অৰণ্যৰ মাজত মানুহৰ জীৱন নিৰাপদ নাছিল । তেওঁলোকক কিছুমান বিষাক্ত কীট-পতংগ, হিংস্ৰ জীৱ-জন্তু, সাপ আদি আক্ৰমণত আদিম মানুহে বৰ কষ্টৰে দিন কটাব লগা হৈছিল । সেয়ে স্থায়ীবসবাস কৰিবলৈ লৈছিল ।
ঙ) গাঁৱৰ উৎপত্তি কিদৰে হ'ল বৰ্ণনা কৰাঁ ।
উত্তৰঃ নদীৰ দাঁতি-কাষৰীয়া ঠাইত গঢ়ি উঠা খেতি পথাৰৰ ওচৰে-পাজৰে মানুহে প্ৰথমে অস্থায়ী আৰু পিছলৈ স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে । নিজ নিজ খেতি পথাৰৰ ৰক্ষণাবেক্ষণ দিবলৈ একো একোটা অঞ্চলত মানুহবোৰে বাস কৰিবলৈ লোৱাৰ ফলত একো একোটা জনবসতিপূৰ্ণ অঞ্চল গঢ়ি উঠিল । এইদৰেই গাঁৱৰ উৎপত্তি হ'ল ।
চ) চকাৰ আৱিষ্কাৰ আৰু গুৰুত্ব সম্পৰ্কে এটি বিৱৰণ লিখাঁ ।
উত্তৰঃ মানৱ সভ্যতাত কৃষি কাৰ্যৰ আৰম্ভণি আৰু স্থায়ী বসতি স্থাপনৰ লগতে আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল চকাৰ উদ্ভাৱন আৰু ব্যৱহাৰ । চকাৰ ব্যৱহাৰে কৃষিজীৱি মানুহৰ জীৱনলৈ আভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ল । কাৰণ খেতি-বাতিৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে পথাৰৰ শস্য আনিবলৈ মানুহে চকা লগাই বিশেষ কৌশলেৰে গাড়ী নিৰ্মাণ কৰি ল'ব পৰা হ'ল । কমশক্তি আৰু সময় প্ৰয়োগ কৰিয়েই গধুৰ আৰু বৃহৎ আকাৰৰ বয়-বস্তু অনায়াসে অনা-নিয়া কৰিব পৰা হ'ল ।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )