নীৰৱ নিতাল মোৰ বুকুৰ হেঁপাহবোৰে এতিয়া আপোন সুৰত গান গায়..
অদৃশ্য বান্ধোনবোৰ এইবাবেই ধুনীয়া । তেজৰ সম্পর্কৰ দোহাই দি দি মানুহক জুৰুলা কৰিব নোৱাৰে কোনেও ।
:ত আ বউত বমমাছ আথে ।
ৰাতিপুৱাৰ পৰা থুপু আৰু তৰাৰ যুদ্ধ চলি আছে । তাইক শান্তিৰে ৰুটি কেইখন বনাবলৈ দিয়া নাই সি ।আটাৰ লাডু বোৰ আনি আনি মাছ বনাইছে, চৰাই বনাইছে, এটাত আকৌ চকু এটা দি অনিমুনকো বনাইছে । মোক বনাবাকৈ কওঁতে কৈছে
:নাই না ।
:কিয়?মোক কিয় নবনোৱা থুপু ।
:থুলি দে ইমান আথে ।
চুলি দিবলৈ দিগদাৰ কাৰণে মোক বনাবলৈ অসুবিধা । মই অফিচৰ কাৰণে ৰেডি হ’বলৈ আঁতৰি আহোঁতেই যুদ্ধ এখন লাগিলে । এতিয়া মোৰ পিছফালে ৰৈ মুখ খন ফুলাই ৰৈ আছে । গালত, মুখত, চুলিত, পিন্ধি থকা ৰঙা গেঞ্জিটোত গোটেই আটা লাগি আছে । মুখৰ ভিতৰতো আটা অকণ চুবাই আছে যেন লাগিছে । ফুলিয়েই থাকে যে, ধৰিবই নোৱাৰি ।
মই যোৱাৰ আগতে অকণমান কোঁচত উঠিবলৈ এনেও সি এইবোৰ কৰে, তাতে তৰাই এছাট লগালেও ।
:তৰা বদমাছ হৈছে নে জান ।
:থুমি বেলেগ তৰা এডনী অন নাইন ত দি দিবা ।
( তুমি বেলেগ এজনী তৰা অনলাইন অৰ্ডাৰ দি দিবা )
:অনলাইন অৰ্ডাৰ দি দিম ন, এজনী হ’লেই হ’বনে ?
:মা এডনী ও দিবা ।
তাৰ শেষৰটো কথা শুনি চুলি ফণীয়াই থকা মোৰ হাতখন ৰৈ গ’ল । তাক সুধোতে সি ফুটা নুফুটা মাতেৰে ক’লে, মই অফিচলৈ যোৱাৰ পিছত তাৰ লগত থাকিবলৈ তাক বেলেগ মা এজনীও লাগে ।অনলাইনত মোৰ নিচিনা মা এজনী আনি দিব লাগে । তাৰ মনৰ ভিতৰত মোক লৈ থকা অভিমানখিনি যেন মই আজিহে বুজি পাইছোঁ । গোটেই দিনটো মোক লগ নাপায়, অফিচৰ পৰা আহিও প্ৰায়েই মই আকৌ লেপটপটো খুলি বহি যাওঁ । সি সৰু হৈ থাকিলেও নিজৰ পাবলগীয়া মৰম খিনি যে সি পোৱা সেইয়া বুজি পায় ।
:I am sorry.
আঁঠু কাঢ়ি তাৰ ফালে চাই হাত দুখন মেলি দিলোঁ । সি আহি দুহাতেৰে মোৰ ডিঙিত মেৰিয়াই ধৰিলেহি ।হাতত লৈ থকা আটাৰ লাডু বোৰ চুলিত লাগিছে, লাগক।এইকণ যে আমাৰ সময় ।
তাক লৈ লৈ থিয়ৈ থিয়ৈ তৰাই বাঢ়ি দিয়া ভাতকেইটা খাই ওলাই আহিলোঁ । থুপুৱে আজি বেছিকৈ কান্দিছে, সোনকালে ঘূৰি আহিব লাগিব ।
অফিচলৈ সোমাই দেখোঁ আন দিনাতকৈ বেছি গহীন হৈ আছে পৰিৱেশটো । অমৃত, টানিয়া আৰু নতুনকৈ জইন কৰা ল’ৰাজন সুৰেশৰ ডেস্কৰ ওচৰত ৰৈ কিবা আলোচনা কৰি আছে । মই সোমাই যোৱাৰ লগে লগে মোৰ ফালে চালে । অলপ পাছত অমৃত আহি মিটিং ৰূম এটালৈ মাতি লৈ গ’ল । তাত আগৰ পৰাই আমাৰ টেষ্টিং টিমৰ গোটেইখিনি মানুহ আছিল । তাৰে মাজত দেখোঁ হিবাৰ চকুকেইটা অলপ চলচলীয়া । গালি খাইছে যেন লাগিছে ।
টেষ্টিং টিমৰ মানুহখিনি ওলাই গ’ল । মিটিং ৰূমত তেতিয়া কেৱল মই টানিয়া আৰু অমৃত । হিবাকোমই ৰখাই থ’লো ।
:তুমকৌ ক্যা প্ৰব্লেম হে অনন্যা?শ্যাদী কৰকে বচ্চা হি চম্ভালনা হে ত’ সুভাষিণী কৌ ইতনা জ্যাদা ৰেচপঞ্চিবিলটি লেনা হি নেহী ছাহিয়ে থা না ।
:তুমনে না ত’ শাদী কি হে, না হি তুমহাৰা ক’ই বচ্ছা হে, পৰ তুম নে আজ তক ক্যা ওখাৰা হে ? Could you please explain ?
হিবাই হাতত ধৰি টানি উলিয়াই আনিলে মোক । মোৰ ভীষণ খং উঠে এনেকুৱা hypocracy দেখিলে ।অনবৰতে নিজকে empowerd woman বুলি জাহিৰ কৰি ফুৰিব কিন্তু কেতিয়াও নিজৰ বাহিৰে আনৰ ঠাইত ৰাখি একো কথা নাভাৱে । আনহে নালাগে কেতিয়াবা পিৰিয়দৰ পেইন সহিব নোৱাৰি কোনোবা ছোৱালী সোনকালে ঘৰলৈ যাব খুজিলে এওঁলোকৰ হে বেছি গছিপ ওলায় ।
নিজৰ ঠাইত বহিও বকিয়ে থাকিলোঁ । এবাৰ উঠিলে খংটো কেতিয়াও নকমে । তাতে মেইল কেইটা খুলি খংটো দুগুণ বাঢ়িছে ।
:মেহেন্দি লগায়া তুমনে ?
হিবাই মোৰ হাতৰ মেহেন্দি খিনি চাই সুধিলে । অনিৰুদ্ধ আৰু মোৰ মাজত হোৱা কথাবোৰ কোনেও নাজানে । মইতো এনেও কৈ নুফুৰোঁ, অনিৰুদ্ধকো মানা কৰি থোৱা আছে যাতে কোনো ছোচিয়েল মিডিয়াত এইবোৰ ফটো পোষ্ট নকৰে । মই ভাল নাপাওঁ । মোৰ জীৱনৰ বিশেষ মুহূৰ্তবোৰ মই একান্তই ব্যক্তিগত কৰি ৰাখিব বিচাৰোঁ । কিন্তু হিবাক ক’ব লাগিব । তাইক আজি অফিচৰ পৰা মোৰ লগতে ঘূৰি গৈ আমাৰ ঘৰত থকাৰ প্ৰস্তাৱ দিলোঁ । মান্তি ও হ’ল ।
কাম শেষ কৰোঁতে কৰোঁতে ন বাজি গ’ল । তৰাই বাৰে বাৰে ফোন কৰিছে । থুপুৰ কান্দোন আৰম্ভ হ’ল ।আজি সোনকালে ঘূৰি যাম বুলি তাক কথা দি আহিছিলোঁ । নিজকে অপৰাধী যেন লাগিল । অনিৰুদ্ধই শেষত গালি পাৰিলে । কাম ঘৰৰ পৰাও হ’ব পাৰিব বুলি । কিন্তু অমৃতে এৰি দিয়া নাই আমাক । দুয়োজন বন্ধু, দুয়ো এটা এটা টিমৰ লিড । কিন্তু সম্পূৰ্ণ বিপৰীত চৰিত্ৰৰ ।
কেবত উঠি দুইজনী ঘৰ পালোহি।অফিচত হোৱা কথাবোৰে মোক ভিতৰি অশান্তি দি আছে । এনেকুৱা বহুতৰ লগতেই হয় । কিন্তু মোৰ আত্ম সন্মান জোখতকৈ বেছি । অমৃতৰ সৈতে বেছিদিন কাম কৰা মোৰ বাবে সম্ভৱ নহ’ব যেন লাগিছে ।
থুপুৱে হিবাক আগতেও লগ পাইছে যদিও প্ৰতি বাৰেই লাজ কৰে । এতিয়া মোৰ কোঁচত সোমাই তাইক চাই হে আছে, একো কোৱা নাই ।
:ইধৰ আয়ু না লাড্ডু । মেৰা গ’লো ম’লো ।
হিবাই তেনেকৈ কয় কাৰণে তাৰ আৰু বেছি লাজ লাগে । মোক কাণে কাণে কৈছে “মো নামটো তুপু বুলি বা দনীক কৈ দিয়া” । তাক লাড্ডু বুলি ক’লেও লাজ । তৰাই বনাই থোৱা কণীৰ দম আৰু ভাত খাই তৰা আৰু থুপুক ককাৰ বিছনাত শুবলৈ দি মই আৰু হিবা বাৰাণ্ডাত বহিলো । বোৰ্খা খুলি তাইয়ো এতিয়া মোৰ নাইট চুইট এযোৰ পিন্ধিছে । দুয়োজনীৰ বাবে যেন আমাৰ আগৰ সময়বোৰ হে ঘূৰি আহিছে ।
হিবাই কৈ গৈছে তাইৰ কথাবোৰ । হঠাৎ সলনি হোৱা জীৱনটোত তাই এতিয়াও খাপ খাব পৰা নাই । বাৰে বাৰে উজুটি খাইছে ।
:তুমহাৰা পতি অচ্ছে হে না ?
:ৱ’ ত’ ফৰিষ্টা হে’ ।
হাঁহি দিলোঁ ।
:ইছিলিয়ে তুমছে forcefully শ্যাদী কিয়া না ।
হিবা যেন অকণমান আহত হ’ল।পিছত ভাবিলোঁ, মই তেনেকৈ ক’ব নালাগিছিল ।
কথাবোৰ আমি ভবাৰ দৰে নহয় । আমাতকৈ বহুত বেছি ৰক্ষণশীল সিহঁতৰ সমাজখন । একমাত্ৰ হিবাৰ দেউতাক হে অলপ উদাৰ মনৰ আছিল । তেওঁ ছোৱালীকো ল’ৰাৰ দৰেই পঢ়াই চাকৰি কৰিবলৈ দিছিল ।কিন্ত সিহঁতৰ পৰিয়ালৰ বা ওচৰ চুবুৰীয়া মানুহ তেনেকুৱা নহয় । আনকি হিবাৰ স্বামীয়েও নিজৰ দেউতাকৰ সিদ্ধান্তৰ বিপৰীতে যাব নোৱাৰিলে । তাতে তেওঁৰ নিজা কোনো উপাৰ্জন নাই । বাপেকৰ ডাঙৰ কাপোৰৰ দোকান এখন চলায় । হায়াৰ চেকেণ্ডাৰী পাছ কৰি আৰু পঢ়া শুনাও নকৰিলে । গতিকে দেউতাকৰ মতেই সকলো কৰিবলৈ বাধ্য । হিবাৰ সৈতে বিয়াও পাতিছে দেউতাকৰ কথামতেই
:He didnt even touch me you know ?
হিবাই আঁতৰাই ৰাখিছে নিজৰ স্বামীক । দুয়োৰে মাজত প্ৰেম নাই, যৌনতা জোৰ কৰি জাপি দিয়া হৈছিল যদিও সিহঁতে মানি লোৱা নাই । মানুহজনে তাইক জোৰ কৰা নাই । শুনি ভাল লাগিল । কিন্তু মনে নিবিচৰা মানুহ এজনৰ লগত বিয়া হৈ কেনেকৈ থাকিব তাই । গোটেই জীৱন পাৰ কৰা সম্ভৱ হ’বনে ।
তাইক সুধোতে তাই ক’লে
:দোষ্টি ত’ হ’ গয়ী হে’, ধীৰে ধীৰে প্যাৰ ভি হ’ জায়েগা ।
আশাত বন্দী জীৱন ।
কাইলৈটো আজিতকৈ ধুনীয়া হোৱাত আশা ।
চকুপানীবোৰ হাঁহি হোৱাৰ আশা ।
জীৱনটো আমি ভবাৰ দৰেই সজাই তোলাৰ আশা ।
লাইটটো নুমোৱাই থোৱাৰ বাবে হিবাই কান্দিছে যদিও মই দেখা নাই । চিগাৰেট এটা উলিয়াই পাফ কেইটামান টানি লৈছোঁ ।
মোক আচৰিত কৰি হিবাই হাত খন আগবঢ়াই দিলে
:WTF! No Hiba, you never did all these right ?
:প্লিজ, এক বাৰ ।
দিওঁ নিদিওঁ কৈ আগবঢ়াই দিয়া চিগাৰেট টো তাই হাতত লৈ ৰৈ আছে ।
কঁপি আছে কোমল বগা হাতখন ।
নোৱাৰিলে তাই । আল্লাহৰ ওচৰত গুনাহ কৰিব নোৱাৰে তাই । লাগিলে হাজাৰ দুখ চিন্তাই হেঁচি ৰাখক, তাইৰ ধৰ্ম তাইৰ বাবে সদায় ওপৰত ।
:মোৰ কেতিয়াবা তোৰ দৰে হ’বলৈ মন যায় অনন্যা । মুক্ত । যি মন যায় তাকেই কৰিব পৰাকৈ সাহসী ।কোনো বান্ধোনে বান্ধি ৰাখিব নোৱাৰাকৈ ‘আজাদ’ । খং উঠিলে মাৰি দিব পৰাকৈ পাগল, বেপৰুৱা । আজি আব্বু আঁতৰি নগৈ আমাৰ সৈতেই থকা হ’লে মোৰ লগত কেতিয়াও এনেকুৱা নহয় । মামাই মোৰ লগত ‘দগা’ কৰিছে । মোৰ কিমান মন আছিলে, নিজে এটা ঘৰ বনাম, মাক উপহাৰ দিম, ভাইটিক পঢ়াম আৰু সৱ দায়িত্ব শেষ হ’লে মোৰ পছন্দৰ মানুহৰ লগত নিকাহ কৰিম । কিন্ত মামাই কি কৰি দিলে চা । মা আৰু ভাইটিক আঁতৰাই পুৰণা ঘৰটো লৈ ল’লে । কোনো আপোন নহয় এই দুনীয়াত।সৱ বেইমান, ’খোদগর্জ ’।
তই সদায় এনেকৈ অকলে থাকিবি অনন্যা । একদম বিন্দাচ ।
হিবাই নিজৰ ভাষাত কোৱা কথাবোৰৰ এটা এটা শব্দই । চুই গৈছে মোক ।
একেটা নামৰে এটি বান্ধোন, ভাল লগা এটা নাম ‘দেউতা’ । নাইবা আব্বু ।
আচলতে সকলো মানুহৰ বাবে এই নামটো, এই সম্বন্ধটো নহয় । সৱেই ইয়াৰ সন্মান নাজানে ।
:Hiba, our relationship is officilal now.
কথাবোৰ তাইক ক’লো । মোক শুভকামনাৰে উপচাই পেলালে তাই । অনিৰুদ্ধৰ প্ৰতি তাইৰ মনতো সন্মান আছে, বিশ্বাস আছে । কিন্তু মই এটি বান্ধোনত বান্ধ খোৱা কথাটো তাইৰ বাবেও যেন সহজ নহয় ।
:তুম নিভা সক’গী ?
:ক’ছিচ ত’ কৰ চকতি হু না ।
:মোবাৰক হ’ ।
কথাৰ মাজতে ফোনটো বাজিল । অনিৰুদ্ধই ফোন কৰিছে । বাৰ বাজিবৰ হ’ল ।
:শোৱা নাই ?
:ওহোঁ । তুমি কিয় নাই শোৱা ?
:হিবাৰ লগত কথা পাতি আছোঁ ।
:এইটো দেওবাৰে প্লিজ আমি destination ফাইনেল কৰিম । পাপা মা আহি আছে ইয়ালৈ । তুমি বেলেগ একো প্লেন নকৰিবা । দুয়োটা দিন আমাৰ কিন্তু । তুমি অলপো চিৰিয়াছ নহয় ।
:অনিৰুদ্ধ, আমি ইয়াৰে মন্দিৰত নিয়মটো কৰিলেই নহয় জানো ?
:So you are still not sure about the marriage ?
:মই তেনেকৈ তো কোৱা নাই । কিন্তু destination wedding কিয় ?
:পাইজামা পিন্ধি মন্দিৰত সেৱা কৰি আয়ুক মাতি মাংস ভাত খোৱাই থৈ দিবলৈ মন ন তোমাৰ ।
:উফ, সেইটোনো কেতিয়া কৈছোঁ ।
:মোৰ কইনা ৰঙা লেহেংগা পিন্ধি পুৰা ‘চজ ধজ কে’ আহিব লাগিব । I will do everything for it.
:কিনো একেটা কথাকে সদায় সদায় কৈ থাকে ।
ফোনটো কাটি দিলোঁ । আমাৰ এইখন কাজিয়া ঘৰৰ পৰা অহাৰ পৰাই চলি আছে । অনিৰুদ্ধই পাৰিলে আজিয়েই বিয়া পাতিব । কাৰণ মোৰ ফেমিলি ড্ৰামা বুলে একতা কাপুৰৰ চিৰিয়লৰ নিচিনা । গতিকে কি হৈ যায় ঠিক নাই ।
আজি মোৰ হিবাৰ সন্মুখত একেখন কাজিয়া কৰিবলৈ মন নগ’ল ।
হিবা আৰু মই তলতে শোৱাৰ ব্যৱস্থা কৰিছোঁ । শোৱাৰ আগতে এবাৰ থুপুক চাবলৈ গ’লো । এতিয়াও শোৱা নাই এইটো । মই যোৱাৰ লগে লগে জোৰ কৰি চকু কেইটা টিপি আছে
:ঐ ল’ৰা,শোৱা নাই কেলেই ?
:ফিডত দে আথে, এঠিকুট দিবা ?
( ফ্ৰীজত যে আছে, এচিকুট দিবা )
তাৰ আইচস্ক্ৰীম খোৱাৰ ধান্দা । তৰাই আনি দিয়া নাই কাৰণে সি শুৱাই নাই । মই অহালৈ ৰৈ আছে ।
:পিটন লাগে, একদম নিদিওঁ এতিয়া ।
থুপু তৰাৰ গাৰ ওপৰেৰে পাৰ হৈ আহি ডিঙিত ওলমি দিলেহি । আৰু একে সময়তে অনিৰুদ্ধৰো ভিডিঅ’ কল এই ৰাতি চাৰে বাৰ বজাত ।
:দুইটা মিলি পাগল কৰি পেলাইছ মোক ।
ভোৰভোৰাই ফোনটো উঠালোঁ । মই একো ক’বলৈ নাপালোৱেই
:অনিমুন, মায়ে মোক ধুম কই থে ।
:ঢকা লাগে ল’ৰা, মিছা কথা ক’বলৈ কোনে শিকাইছে ?
:তাক লৈ নামি আহা ।
:মোক পগলা কুকুৰে কামুৰিছে ?
:মই ওপৰলৈ গুচি আহিম নহ’লে কৈ দিছোঁ ।
:চিকিউৰিটি এনেই আছে ?
:পাঁচশ টকা দি দিলেই মানি যাব ।
:হিবা আছে ঘৰত ।
:থাকক ।
যেনেকৈ আছিলোঁ তেনেকৈ নামি আহিলোঁ, হিবাক কৈ থৈ আহিছোঁ । লগতে দাঁত উলিয়াই হাঁহি হাঁহি থুপুও আহিছে ।
:কিহে পাইছে এই ৰাতিখন ? মোক ইয়াৰপৰা উলিয়াই দিব আৰু ।
:সেইকাৰণে তো কৈ আছোঁ, মোৰ লগত থাকা, এইবোৰ প্ৰব্লেম নহয় ন তেতিয়া ।
:থুমি কেলে আতি আহিথা ? ভূত আইব ।
( তুমি কেলেই ৰাতি আহিছা ? ভূত আহিব )
তাৰ বাপেকটো নিজেই এটা ভূত । সি বেটাই গমেই পোৱা নাই ।
:ইমান ওচৰত থাকিও এনেকৈ কিয় থাকিব লাগে কোৱা ? Do you have any valid reason ? I don’t have Ananya ! We love each other, our families have approved our relationship, we both are old enough to take decisions, then why all these drama ?
:কি কৰিব লাগে মই ?
:তুমি আৰু থুপু মোৰ লগত থাকা, সদায় ।
:ককাই যেতিয়াই ক’ব তেতিয়াই হ’ব । তাৰ আগতে মই একো কৰিব নোখোজোঁ ।
:okay ! তেতিয়ালৈকে মোৰ যেতিয়াই মন যাব মই এনেকৈ আহি থাকিম । আৰু তুমি মানা কৰিব নোৱাৰিবা । Mind it.
অনিৰুদ্ধৰ মাতটো ডাঙৰ ।
:মাক কেনে গালি দিথা ?
হাতৰ আঙুলি দেখুৱাই থুপুৱে দম দিছে অনিৰুদ্ধক ।
দুয়োটাৰে হাঁহি উঠি গ’ল । অনিৰুদ্ধই মোৰ কোলাৰ পৰা নিজৰ কোলালৈ নি গালত চুমা খাই sorry ক’লত হে শান্তি প্ৰতিষ্ঠা হ’ল ।
নিজৰ জেদ পুৰা কৰি অনিৰুদ্ধ গুচি গ’ল । মোক আৰু থুপুক একেলগে চোৱাৰ জেদ, মোৰ খং উঠাই ৰং চোৱাৰ জেদ, গুড নাইট কিছ দি মোক ৰঙা পেলাই থৈ যোৱাৰ জেদ ।
অনিৰুদ্ধক বিদায় দি ৰূমত সোমালোঁ । থুপুৰো জেদ আজি বেছি হৈছে । এতিয়া কান্দিবলৈ ধৰিছে । তৰা আৰু হিবা টোপনি গৈছে । মই তাক এতিয়াও কোলাত লৈ বাৰাণ্ডাত বহি আছো । আইচস্ক্ৰীম ও নাখায় এতিয়া । মাত্ৰ কোঁচত লৈ থাকিব লাগে ।
ঠিক দুই বাজি দহ মিনিট, ফোনটো সশব্দে বাজি উঠিছে
:হেল্ল’
:মাজু, ককাই কেনেকুৱা খন কৰিছে, উশাহ পোৱা নাই বুলে, কি কৰোঁ মই..
কোঁচত তেতিয়াও উচুপি উচুপি কান্দি আছে থুপুৱে, ফোনৰ ইফালে মা ।
মই সন্মুখত ধোঁৱাৰ বাহিৰে একো দেখা নাই ।
:মাজু,মাজু…..
সৱ শেষ হ’বলৈ ধৰিছে যেন..মূৰটো ঘূৰাইছে মোৰ ।
( আগলৈ )
সাঁচি থোৱা আকুলতাই আৱেগৰ বৰষুণত তিতি বুৰি ভালপোৱাৰ বাঁহী বায়
আৰু মই.. ?
অতীত সামৰি নতুন দিনৰ নতুন ঠিকনা লিখি বাৰে বাৰে আকৌ মোহাৰি পেলাওঁ..
কিজানিবা ভাল দিনবোৰ আকৌ হেৰাই যায়…!

ককা নথকা দিনবোৰত অনিৰুদ্ধই আৱৰি ৰাখিছে আমাক । থুপুৰ সামান্য পানীলগা জ্বৰ এটা তো তেওঁ ৰৈ থাকেহি, কিজানিবা ডক্টৰৰ ওচৰলৈ লৈ যাব লগীয়া হয়।দেওবাৰৰ দিনটোত এবাৰ আহে । তৰাই অসুবিধা পায় বুলি বেছিকৈ নাহে । সকলোৰে বাবে ভৱা মানুহজনৰ কথা আজিকালি মই ভাবোঁ । তেওঁৰ বাবে কিবা এটা ৰান্ধি থওঁ, তেওঁৰ শোৱা খোৱাৰ খবৰ ৰাখিবৰ চেষ্টা কৰোঁ । ভাল লাগিছে এই নতুন জীৱন ।
আয়ুৰ আহ-যাহ আগৰ দৰেই আছে । সলনি কৰা নাই মই, নাইবা সি নিজেই । থুপুৰ ‘পেটু মামা’ আৰু ‘অনিমুন’ই তাক সমানেই ভাল পায় । আৰু এই মৰম একেবাৰেই নিষ্পাপ,নিঃস্বাৰ্থ । সি ও যে দুয়োকে একেদৰেই মৰম কৰে,ভাল পায় ।
আয়ুৰ আহ-যাহ আগৰ দৰেই আছে । সলনি কৰা নাই মই, নাইবা সি নিজেই । থুপুৰ ‘পেটু মামা’ আৰু ‘অনিমুন’ই তাক সমানেই ভাল পায় । আৰু এই মৰম একেবাৰেই নিষ্পাপ,নিঃস্বাৰ্থ । সি ও যে দুয়োকে একেদৰেই মৰম কৰে,ভাল পায় ।
অদৃশ্য বান্ধোনবোৰ এইবাবেই ধুনীয়া । তেজৰ সম্পর্কৰ দোহাই দি দি মানুহক জুৰুলা কৰিব নোৱাৰে কোনেও ।
:ত আ বউত বমমাছ আথে ।
ৰাতিপুৱাৰ পৰা থুপু আৰু তৰাৰ যুদ্ধ চলি আছে । তাইক শান্তিৰে ৰুটি কেইখন বনাবলৈ দিয়া নাই সি ।আটাৰ লাডু বোৰ আনি আনি মাছ বনাইছে, চৰাই বনাইছে, এটাত আকৌ চকু এটা দি অনিমুনকো বনাইছে । মোক বনাবাকৈ কওঁতে কৈছে
:নাই না ।
:কিয়?মোক কিয় নবনোৱা থুপু ।
:থুলি দে ইমান আথে ।
চুলি দিবলৈ দিগদাৰ কাৰণে মোক বনাবলৈ অসুবিধা । মই অফিচৰ কাৰণে ৰেডি হ’বলৈ আঁতৰি আহোঁতেই যুদ্ধ এখন লাগিলে । এতিয়া মোৰ পিছফালে ৰৈ মুখ খন ফুলাই ৰৈ আছে । গালত, মুখত, চুলিত, পিন্ধি থকা ৰঙা গেঞ্জিটোত গোটেই আটা লাগি আছে । মুখৰ ভিতৰতো আটা অকণ চুবাই আছে যেন লাগিছে । ফুলিয়েই থাকে যে, ধৰিবই নোৱাৰি ।
মই যোৱাৰ আগতে অকণমান কোঁচত উঠিবলৈ এনেও সি এইবোৰ কৰে, তাতে তৰাই এছাট লগালেও ।
:তৰা বদমাছ হৈছে নে জান ।
:থুমি বেলেগ তৰা এডনী অন নাইন ত দি দিবা ।
( তুমি বেলেগ এজনী তৰা অনলাইন অৰ্ডাৰ দি দিবা )
:অনলাইন অৰ্ডাৰ দি দিম ন, এজনী হ’লেই হ’বনে ?
:মা এডনী ও দিবা ।
তাৰ শেষৰটো কথা শুনি চুলি ফণীয়াই থকা মোৰ হাতখন ৰৈ গ’ল । তাক সুধোতে সি ফুটা নুফুটা মাতেৰে ক’লে, মই অফিচলৈ যোৱাৰ পিছত তাৰ লগত থাকিবলৈ তাক বেলেগ মা এজনীও লাগে ।অনলাইনত মোৰ নিচিনা মা এজনী আনি দিব লাগে । তাৰ মনৰ ভিতৰত মোক লৈ থকা অভিমানখিনি যেন মই আজিহে বুজি পাইছোঁ । গোটেই দিনটো মোক লগ নাপায়, অফিচৰ পৰা আহিও প্ৰায়েই মই আকৌ লেপটপটো খুলি বহি যাওঁ । সি সৰু হৈ থাকিলেও নিজৰ পাবলগীয়া মৰম খিনি যে সি পোৱা সেইয়া বুজি পায় ।
:I am sorry.
আঁঠু কাঢ়ি তাৰ ফালে চাই হাত দুখন মেলি দিলোঁ । সি আহি দুহাতেৰে মোৰ ডিঙিত মেৰিয়াই ধৰিলেহি ।হাতত লৈ থকা আটাৰ লাডু বোৰ চুলিত লাগিছে, লাগক।এইকণ যে আমাৰ সময় ।
তাক লৈ লৈ থিয়ৈ থিয়ৈ তৰাই বাঢ়ি দিয়া ভাতকেইটা খাই ওলাই আহিলোঁ । থুপুৱে আজি বেছিকৈ কান্দিছে, সোনকালে ঘূৰি আহিব লাগিব ।
অফিচলৈ সোমাই দেখোঁ আন দিনাতকৈ বেছি গহীন হৈ আছে পৰিৱেশটো । অমৃত, টানিয়া আৰু নতুনকৈ জইন কৰা ল’ৰাজন সুৰেশৰ ডেস্কৰ ওচৰত ৰৈ কিবা আলোচনা কৰি আছে । মই সোমাই যোৱাৰ লগে লগে মোৰ ফালে চালে । অলপ পাছত অমৃত আহি মিটিং ৰূম এটালৈ মাতি লৈ গ’ল । তাত আগৰ পৰাই আমাৰ টেষ্টিং টিমৰ গোটেইখিনি মানুহ আছিল । তাৰে মাজত দেখোঁ হিবাৰ চকুকেইটা অলপ চলচলীয়া । গালি খাইছে যেন লাগিছে ।
:We got a major issue in UAT (User Acceptance Test) phase. Ananya, it’s in the module you and Subhashini have worked on, and Hiba was the tester. Could you guys please explain how did you guys miss this thing in development and testing phase ?
সুৰেশৰ প্ৰশ্ন কৰাৰ সুৰটো আন দিনাতকৈ কঠোৰ । মই এতিয়ালৈকে মেইল খুলি চোৱাই নাই । কি issue এতিয়াও নাজানো । কালি কেৱল ইণ্ডিয়ান টিমটোৰ কাৰণে হে বন্ধ আছিল । US ৰ টিমটোৱে কাম কৰিছিল।আৰু তাতেই কিবা প্ৰব্লেম ওলাল । যিমান পাৰোঁ নম্ৰ সুৰত সুৰেশক ক’লো
:I will look into it Suresh, I take the sole responsibility.
:Yes pelase fix it today itself and deploy it in UAT as well. Hiba, keep the data ready for testing.
কৈয়ে সুৰেশ ওলাই গ’ল । হিবাক তাইৰ টিমৰ মেনেজাৰে মোৰ লগত কাম কৰিবলৈ ক’লে । ইমান দেৰি মনে মনে থকা অমৃতে হঠাৎ অলপ ডাঙৰ মাতত কৈ উঠিল
:These people are spoiling everything. One went on ML, other having marriage plan. Tester is also in newly married phase or whatever you call. Cool, now we all need to suffer.
আগতেও বহুত কিবাকিবি ইচ্ছু আহিছে । কিন্তু অনিৰুদ্ধই কেতিয়াও কাকো পাৰ্চনেলী একো কোৱা নাই । আৰু মেটাৰ্নিটি লিভত যোৱাটো এগৰাকী মহিলা কৰ্মচাৰীৰ অধিকাৰ । তাৰ কাৰণে সম্পূৰ্ণ দৰমহা দি অফিচৰ পৰা ছমাহ সময় ছুটি দিয়া হয় । তাৰ পাছতো কিন্তু মানুহে ইয়াত কথা শুনাই থাকে । আৰু কোনো পুৰুষ কৰ্মচাৰীৰ যদি বিয়া হয়, তেন্তে কাৰো একো প্ৰব্লেম নাথাকে । টিফিন বনাবলৈ মানুহ পালে বুলি ফুৰ্টি হে কৰে । কিন্তু এগৰাকী মহিলা লাগে যিমানেই কৰ্মঠ নহওঁক, যিমানেই টেলেন্টেড নহওঁক,বিয়া হোৱাৰ লগে লগে যেন কেৰিয়াৰ শেষ । ধৰিয়েই লয় সৱেই, এতিয়া কেৱল সংসাৰৰ দায়িত্ব হে ল’ব পাৰিব । ইমান বেছি দুমুখীয়া চৰিত্ৰ মোৰ সহ্য নহয়।এফালে artificial intelligence ত কাম কৰি নিজকে সাংঘাটিক up-to-date বুলি ভাৱি লয়, কিন্তু মনবোৰ এতিয়াও মোগলৰ দিনতে ৰৈ আছে ।
অমৃত আৰু টানিয়াই আকৌ সুভাষিণীক উদ্দেশ্যে কৰি কিবা এটা ইতিকিং সূচক মন্তব্য কৰিলে ।
:Amrit, you cannot say like this, Subhashini worked so hard even when she was not keeping well.
সুৰেশৰ প্ৰশ্ন কৰাৰ সুৰটো আন দিনাতকৈ কঠোৰ । মই এতিয়ালৈকে মেইল খুলি চোৱাই নাই । কি issue এতিয়াও নাজানো । কালি কেৱল ইণ্ডিয়ান টিমটোৰ কাৰণে হে বন্ধ আছিল । US ৰ টিমটোৱে কাম কৰিছিল।আৰু তাতেই কিবা প্ৰব্লেম ওলাল । যিমান পাৰোঁ নম্ৰ সুৰত সুৰেশক ক’লো
:I will look into it Suresh, I take the sole responsibility.
:Yes pelase fix it today itself and deploy it in UAT as well. Hiba, keep the data ready for testing.
কৈয়ে সুৰেশ ওলাই গ’ল । হিবাক তাইৰ টিমৰ মেনেজাৰে মোৰ লগত কাম কৰিবলৈ ক’লে । ইমান দেৰি মনে মনে থকা অমৃতে হঠাৎ অলপ ডাঙৰ মাতত কৈ উঠিল
:These people are spoiling everything. One went on ML, other having marriage plan. Tester is also in newly married phase or whatever you call. Cool, now we all need to suffer.
আগতেও বহুত কিবাকিবি ইচ্ছু আহিছে । কিন্তু অনিৰুদ্ধই কেতিয়াও কাকো পাৰ্চনেলী একো কোৱা নাই । আৰু মেটাৰ্নিটি লিভত যোৱাটো এগৰাকী মহিলা কৰ্মচাৰীৰ অধিকাৰ । তাৰ কাৰণে সম্পূৰ্ণ দৰমহা দি অফিচৰ পৰা ছমাহ সময় ছুটি দিয়া হয় । তাৰ পাছতো কিন্তু মানুহে ইয়াত কথা শুনাই থাকে । আৰু কোনো পুৰুষ কৰ্মচাৰীৰ যদি বিয়া হয়, তেন্তে কাৰো একো প্ৰব্লেম নাথাকে । টিফিন বনাবলৈ মানুহ পালে বুলি ফুৰ্টি হে কৰে । কিন্তু এগৰাকী মহিলা লাগে যিমানেই কৰ্মঠ নহওঁক, যিমানেই টেলেন্টেড নহওঁক,বিয়া হোৱাৰ লগে লগে যেন কেৰিয়াৰ শেষ । ধৰিয়েই লয় সৱেই, এতিয়া কেৱল সংসাৰৰ দায়িত্ব হে ল’ব পাৰিব । ইমান বেছি দুমুখীয়া চৰিত্ৰ মোৰ সহ্য নহয়।এফালে artificial intelligence ত কাম কৰি নিজকে সাংঘাটিক up-to-date বুলি ভাৱি লয়, কিন্তু মনবোৰ এতিয়াও মোগলৰ দিনতে ৰৈ আছে ।
অমৃত আৰু টানিয়াই আকৌ সুভাষিণীক উদ্দেশ্যে কৰি কিবা এটা ইতিকিং সূচক মন্তব্য কৰিলে ।
:Amrit, you cannot say like this, Subhashini worked so hard even when she was not keeping well.
টেষ্টিং টিমৰ মানুহখিনি ওলাই গ’ল । মিটিং ৰূমত তেতিয়া কেৱল মই টানিয়া আৰু অমৃত । হিবাকোমই ৰখাই থ’লো ।
:তুমকৌ ক্যা প্ৰব্লেম হে অনন্যা?শ্যাদী কৰকে বচ্চা হি চম্ভালনা হে ত’ সুভাষিণী কৌ ইতনা জ্যাদা ৰেচপঞ্চিবিলটি লেনা হি নেহী ছাহিয়ে থা না ।
:তুমনে না ত’ শাদী কি হে, না হি তুমহাৰা ক’ই বচ্ছা হে, পৰ তুম নে আজ তক ক্যা ওখাৰা হে ? Could you please explain ?
হিবাই হাতত ধৰি টানি উলিয়াই আনিলে মোক । মোৰ ভীষণ খং উঠে এনেকুৱা hypocracy দেখিলে ।অনবৰতে নিজকে empowerd woman বুলি জাহিৰ কৰি ফুৰিব কিন্তু কেতিয়াও নিজৰ বাহিৰে আনৰ ঠাইত ৰাখি একো কথা নাভাৱে । আনহে নালাগে কেতিয়াবা পিৰিয়দৰ পেইন সহিব নোৱাৰি কোনোবা ছোৱালী সোনকালে ঘৰলৈ যাব খুজিলে এওঁলোকৰ হে বেছি গছিপ ওলায় ।
নিজৰ ঠাইত বহিও বকিয়ে থাকিলোঁ । এবাৰ উঠিলে খংটো কেতিয়াও নকমে । তাতে মেইল কেইটা খুলি খংটো দুগুণ বাঢ়িছে ।
:মেহেন্দি লগায়া তুমনে ?
হিবাই মোৰ হাতৰ মেহেন্দি খিনি চাই সুধিলে । অনিৰুদ্ধ আৰু মোৰ মাজত হোৱা কথাবোৰ কোনেও নাজানে । মইতো এনেও কৈ নুফুৰোঁ, অনিৰুদ্ধকো মানা কৰি থোৱা আছে যাতে কোনো ছোচিয়েল মিডিয়াত এইবোৰ ফটো পোষ্ট নকৰে । মই ভাল নাপাওঁ । মোৰ জীৱনৰ বিশেষ মুহূৰ্তবোৰ মই একান্তই ব্যক্তিগত কৰি ৰাখিব বিচাৰোঁ । কিন্তু হিবাক ক’ব লাগিব । তাইক আজি অফিচৰ পৰা মোৰ লগতে ঘূৰি গৈ আমাৰ ঘৰত থকাৰ প্ৰস্তাৱ দিলোঁ । মান্তি ও হ’ল ।
কাম শেষ কৰোঁতে কৰোঁতে ন বাজি গ’ল । তৰাই বাৰে বাৰে ফোন কৰিছে । থুপুৰ কান্দোন আৰম্ভ হ’ল ।আজি সোনকালে ঘূৰি যাম বুলি তাক কথা দি আহিছিলোঁ । নিজকে অপৰাধী যেন লাগিল । অনিৰুদ্ধই শেষত গালি পাৰিলে । কাম ঘৰৰ পৰাও হ’ব পাৰিব বুলি । কিন্তু অমৃতে এৰি দিয়া নাই আমাক । দুয়োজন বন্ধু, দুয়ো এটা এটা টিমৰ লিড । কিন্তু সম্পূৰ্ণ বিপৰীত চৰিত্ৰৰ ।
কেবত উঠি দুইজনী ঘৰ পালোহি।অফিচত হোৱা কথাবোৰে মোক ভিতৰি অশান্তি দি আছে । এনেকুৱা বহুতৰ লগতেই হয় । কিন্তু মোৰ আত্ম সন্মান জোখতকৈ বেছি । অমৃতৰ সৈতে বেছিদিন কাম কৰা মোৰ বাবে সম্ভৱ নহ’ব যেন লাগিছে ।
থুপুৱে হিবাক আগতেও লগ পাইছে যদিও প্ৰতি বাৰেই লাজ কৰে । এতিয়া মোৰ কোঁচত সোমাই তাইক চাই হে আছে, একো কোৱা নাই ।
:ইধৰ আয়ু না লাড্ডু । মেৰা গ’লো ম’লো ।
হিবাই তেনেকৈ কয় কাৰণে তাৰ আৰু বেছি লাজ লাগে । মোক কাণে কাণে কৈছে “মো নামটো তুপু বুলি বা দনীক কৈ দিয়া” । তাক লাড্ডু বুলি ক’লেও লাজ । তৰাই বনাই থোৱা কণীৰ দম আৰু ভাত খাই তৰা আৰু থুপুক ককাৰ বিছনাত শুবলৈ দি মই আৰু হিবা বাৰাণ্ডাত বহিলো । বোৰ্খা খুলি তাইয়ো এতিয়া মোৰ নাইট চুইট এযোৰ পিন্ধিছে । দুয়োজনীৰ বাবে যেন আমাৰ আগৰ সময়বোৰ হে ঘূৰি আহিছে ।
হিবাই কৈ গৈছে তাইৰ কথাবোৰ । হঠাৎ সলনি হোৱা জীৱনটোত তাই এতিয়াও খাপ খাব পৰা নাই । বাৰে বাৰে উজুটি খাইছে ।
:তুমহাৰা পতি অচ্ছে হে না ?
:ৱ’ ত’ ফৰিষ্টা হে’ ।
হাঁহি দিলোঁ ।
:ইছিলিয়ে তুমছে forcefully শ্যাদী কিয়া না ।
হিবা যেন অকণমান আহত হ’ল।পিছত ভাবিলোঁ, মই তেনেকৈ ক’ব নালাগিছিল ।
কথাবোৰ আমি ভবাৰ দৰে নহয় । আমাতকৈ বহুত বেছি ৰক্ষণশীল সিহঁতৰ সমাজখন । একমাত্ৰ হিবাৰ দেউতাক হে অলপ উদাৰ মনৰ আছিল । তেওঁ ছোৱালীকো ল’ৰাৰ দৰেই পঢ়াই চাকৰি কৰিবলৈ দিছিল ।কিন্ত সিহঁতৰ পৰিয়ালৰ বা ওচৰ চুবুৰীয়া মানুহ তেনেকুৱা নহয় । আনকি হিবাৰ স্বামীয়েও নিজৰ দেউতাকৰ সিদ্ধান্তৰ বিপৰীতে যাব নোৱাৰিলে । তাতে তেওঁৰ নিজা কোনো উপাৰ্জন নাই । বাপেকৰ ডাঙৰ কাপোৰৰ দোকান এখন চলায় । হায়াৰ চেকেণ্ডাৰী পাছ কৰি আৰু পঢ়া শুনাও নকৰিলে । গতিকে দেউতাকৰ মতেই সকলো কৰিবলৈ বাধ্য । হিবাৰ সৈতে বিয়াও পাতিছে দেউতাকৰ কথামতেই
:He didnt even touch me you know ?
হিবাই আঁতৰাই ৰাখিছে নিজৰ স্বামীক । দুয়োৰে মাজত প্ৰেম নাই, যৌনতা জোৰ কৰি জাপি দিয়া হৈছিল যদিও সিহঁতে মানি লোৱা নাই । মানুহজনে তাইক জোৰ কৰা নাই । শুনি ভাল লাগিল । কিন্তু মনে নিবিচৰা মানুহ এজনৰ লগত বিয়া হৈ কেনেকৈ থাকিব তাই । গোটেই জীৱন পাৰ কৰা সম্ভৱ হ’বনে ।
তাইক সুধোতে তাই ক’লে
:দোষ্টি ত’ হ’ গয়ী হে’, ধীৰে ধীৰে প্যাৰ ভি হ’ জায়েগা ।
আশাত বন্দী জীৱন ।
কাইলৈটো আজিতকৈ ধুনীয়া হোৱাত আশা ।
চকুপানীবোৰ হাঁহি হোৱাৰ আশা ।
জীৱনটো আমি ভবাৰ দৰেই সজাই তোলাৰ আশা ।
লাইটটো নুমোৱাই থোৱাৰ বাবে হিবাই কান্দিছে যদিও মই দেখা নাই । চিগাৰেট এটা উলিয়াই পাফ কেইটামান টানি লৈছোঁ ।
মোক আচৰিত কৰি হিবাই হাত খন আগবঢ়াই দিলে
:WTF! No Hiba, you never did all these right ?
:প্লিজ, এক বাৰ ।
দিওঁ নিদিওঁ কৈ আগবঢ়াই দিয়া চিগাৰেট টো তাই হাতত লৈ ৰৈ আছে ।
কঁপি আছে কোমল বগা হাতখন ।
নোৱাৰিলে তাই । আল্লাহৰ ওচৰত গুনাহ কৰিব নোৱাৰে তাই । লাগিলে হাজাৰ দুখ চিন্তাই হেঁচি ৰাখক, তাইৰ ধৰ্ম তাইৰ বাবে সদায় ওপৰত ।
:মোৰ কেতিয়াবা তোৰ দৰে হ’বলৈ মন যায় অনন্যা । মুক্ত । যি মন যায় তাকেই কৰিব পৰাকৈ সাহসী ।কোনো বান্ধোনে বান্ধি ৰাখিব নোৱাৰাকৈ ‘আজাদ’ । খং উঠিলে মাৰি দিব পৰাকৈ পাগল, বেপৰুৱা । আজি আব্বু আঁতৰি নগৈ আমাৰ সৈতেই থকা হ’লে মোৰ লগত কেতিয়াও এনেকুৱা নহয় । মামাই মোৰ লগত ‘দগা’ কৰিছে । মোৰ কিমান মন আছিলে, নিজে এটা ঘৰ বনাম, মাক উপহাৰ দিম, ভাইটিক পঢ়াম আৰু সৱ দায়িত্ব শেষ হ’লে মোৰ পছন্দৰ মানুহৰ লগত নিকাহ কৰিম । কিন্ত মামাই কি কৰি দিলে চা । মা আৰু ভাইটিক আঁতৰাই পুৰণা ঘৰটো লৈ ল’লে । কোনো আপোন নহয় এই দুনীয়াত।সৱ বেইমান, ’খোদগর্জ ’।
তই সদায় এনেকৈ অকলে থাকিবি অনন্যা । একদম বিন্দাচ ।
হিবাই নিজৰ ভাষাত কোৱা কথাবোৰৰ এটা এটা শব্দই । চুই গৈছে মোক ।
একেটা নামৰে এটি বান্ধোন, ভাল লগা এটা নাম ‘দেউতা’ । নাইবা আব্বু ।
আচলতে সকলো মানুহৰ বাবে এই নামটো, এই সম্বন্ধটো নহয় । সৱেই ইয়াৰ সন্মান নাজানে ।
:Hiba, our relationship is officilal now.
কথাবোৰ তাইক ক’লো । মোক শুভকামনাৰে উপচাই পেলালে তাই । অনিৰুদ্ধৰ প্ৰতি তাইৰ মনতো সন্মান আছে, বিশ্বাস আছে । কিন্তু মই এটি বান্ধোনত বান্ধ খোৱা কথাটো তাইৰ বাবেও যেন সহজ নহয় ।
:তুম নিভা সক’গী ?
:ক’ছিচ ত’ কৰ চকতি হু না ।
:মোবাৰক হ’ ।
কথাৰ মাজতে ফোনটো বাজিল । অনিৰুদ্ধই ফোন কৰিছে । বাৰ বাজিবৰ হ’ল ।
:শোৱা নাই ?
:ওহোঁ । তুমি কিয় নাই শোৱা ?
:হিবাৰ লগত কথা পাতি আছোঁ ।
:এইটো দেওবাৰে প্লিজ আমি destination ফাইনেল কৰিম । পাপা মা আহি আছে ইয়ালৈ । তুমি বেলেগ একো প্লেন নকৰিবা । দুয়োটা দিন আমাৰ কিন্তু । তুমি অলপো চিৰিয়াছ নহয় ।
:অনিৰুদ্ধ, আমি ইয়াৰে মন্দিৰত নিয়মটো কৰিলেই নহয় জানো ?
:So you are still not sure about the marriage ?
:মই তেনেকৈ তো কোৱা নাই । কিন্তু destination wedding কিয় ?
:পাইজামা পিন্ধি মন্দিৰত সেৱা কৰি আয়ুক মাতি মাংস ভাত খোৱাই থৈ দিবলৈ মন ন তোমাৰ ।
:উফ, সেইটোনো কেতিয়া কৈছোঁ ।
:মোৰ কইনা ৰঙা লেহেংগা পিন্ধি পুৰা ‘চজ ধজ কে’ আহিব লাগিব । I will do everything for it.
:কিনো একেটা কথাকে সদায় সদায় কৈ থাকে ।
ফোনটো কাটি দিলোঁ । আমাৰ এইখন কাজিয়া ঘৰৰ পৰা অহাৰ পৰাই চলি আছে । অনিৰুদ্ধই পাৰিলে আজিয়েই বিয়া পাতিব । কাৰণ মোৰ ফেমিলি ড্ৰামা বুলে একতা কাপুৰৰ চিৰিয়লৰ নিচিনা । গতিকে কি হৈ যায় ঠিক নাই ।
আজি মোৰ হিবাৰ সন্মুখত একেখন কাজিয়া কৰিবলৈ মন নগ’ল ।
হিবা আৰু মই তলতে শোৱাৰ ব্যৱস্থা কৰিছোঁ । শোৱাৰ আগতে এবাৰ থুপুক চাবলৈ গ’লো । এতিয়াও শোৱা নাই এইটো । মই যোৱাৰ লগে লগে জোৰ কৰি চকু কেইটা টিপি আছে
:ঐ ল’ৰা,শোৱা নাই কেলেই ?
:ফিডত দে আথে, এঠিকুট দিবা ?
( ফ্ৰীজত যে আছে, এচিকুট দিবা )
তাৰ আইচস্ক্ৰীম খোৱাৰ ধান্দা । তৰাই আনি দিয়া নাই কাৰণে সি শুৱাই নাই । মই অহালৈ ৰৈ আছে ।
:পিটন লাগে, একদম নিদিওঁ এতিয়া ।
থুপু তৰাৰ গাৰ ওপৰেৰে পাৰ হৈ আহি ডিঙিত ওলমি দিলেহি । আৰু একে সময়তে অনিৰুদ্ধৰো ভিডিঅ’ কল এই ৰাতি চাৰে বাৰ বজাত ।
:দুইটা মিলি পাগল কৰি পেলাইছ মোক ।
ভোৰভোৰাই ফোনটো উঠালোঁ । মই একো ক’বলৈ নাপালোৱেই
:অনিমুন, মায়ে মোক ধুম কই থে ।
:ঢকা লাগে ল’ৰা, মিছা কথা ক’বলৈ কোনে শিকাইছে ?
:তাক লৈ নামি আহা ।
:মোক পগলা কুকুৰে কামুৰিছে ?
:মই ওপৰলৈ গুচি আহিম নহ’লে কৈ দিছোঁ ।
:চিকিউৰিটি এনেই আছে ?
:পাঁচশ টকা দি দিলেই মানি যাব ।
:হিবা আছে ঘৰত ।
:থাকক ।
যেনেকৈ আছিলোঁ তেনেকৈ নামি আহিলোঁ, হিবাক কৈ থৈ আহিছোঁ । লগতে দাঁত উলিয়াই হাঁহি হাঁহি থুপুও আহিছে ।
:কিহে পাইছে এই ৰাতিখন ? মোক ইয়াৰপৰা উলিয়াই দিব আৰু ।
:সেইকাৰণে তো কৈ আছোঁ, মোৰ লগত থাকা, এইবোৰ প্ৰব্লেম নহয় ন তেতিয়া ।
:থুমি কেলে আতি আহিথা ? ভূত আইব ।
( তুমি কেলেই ৰাতি আহিছা ? ভূত আহিব )
তাৰ বাপেকটো নিজেই এটা ভূত । সি বেটাই গমেই পোৱা নাই ।
:ইমান ওচৰত থাকিও এনেকৈ কিয় থাকিব লাগে কোৱা ? Do you have any valid reason ? I don’t have Ananya ! We love each other, our families have approved our relationship, we both are old enough to take decisions, then why all these drama ?
:কি কৰিব লাগে মই ?
:তুমি আৰু থুপু মোৰ লগত থাকা, সদায় ।
:ককাই যেতিয়াই ক’ব তেতিয়াই হ’ব । তাৰ আগতে মই একো কৰিব নোখোজোঁ ।
:okay ! তেতিয়ালৈকে মোৰ যেতিয়াই মন যাব মই এনেকৈ আহি থাকিম । আৰু তুমি মানা কৰিব নোৱাৰিবা । Mind it.
অনিৰুদ্ধৰ মাতটো ডাঙৰ ।
:মাক কেনে গালি দিথা ?
হাতৰ আঙুলি দেখুৱাই থুপুৱে দম দিছে অনিৰুদ্ধক ।
দুয়োটাৰে হাঁহি উঠি গ’ল । অনিৰুদ্ধই মোৰ কোলাৰ পৰা নিজৰ কোলালৈ নি গালত চুমা খাই sorry ক’লত হে শান্তি প্ৰতিষ্ঠা হ’ল ।
নিজৰ জেদ পুৰা কৰি অনিৰুদ্ধ গুচি গ’ল । মোক আৰু থুপুক একেলগে চোৱাৰ জেদ, মোৰ খং উঠাই ৰং চোৱাৰ জেদ, গুড নাইট কিছ দি মোক ৰঙা পেলাই থৈ যোৱাৰ জেদ ।
অনিৰুদ্ধক বিদায় দি ৰূমত সোমালোঁ । থুপুৰো জেদ আজি বেছি হৈছে । এতিয়া কান্দিবলৈ ধৰিছে । তৰা আৰু হিবা টোপনি গৈছে । মই তাক এতিয়াও কোলাত লৈ বাৰাণ্ডাত বহি আছো । আইচস্ক্ৰীম ও নাখায় এতিয়া । মাত্ৰ কোঁচত লৈ থাকিব লাগে ।
ঠিক দুই বাজি দহ মিনিট, ফোনটো সশব্দে বাজি উঠিছে
:হেল্ল’
:মাজু, ককাই কেনেকুৱা খন কৰিছে, উশাহ পোৱা নাই বুলে, কি কৰোঁ মই..
কোঁচত তেতিয়াও উচুপি উচুপি কান্দি আছে থুপুৱে, ফোনৰ ইফালে মা ।
মই সন্মুখত ধোঁৱাৰ বাহিৰে একো দেখা নাই ।
:মাজু,মাজু…..
সৱ শেষ হ’বলৈ ধৰিছে যেন..মূৰটো ঘূৰাইছে মোৰ ।
( আগলৈ )
Note - Next Part Coming Soon
-------------------------------------------------------------------------------------------------------------------------------------------------------
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )