“মই যেতিয়াই অকণমান হাঁহিলো
সময়ে ওঁঠত বিষ ঢালি দিলে..
যেতিয়া অকণমান মুকলি উশাহ ল’লো
বিধাতাই বুকুত শিল পুতি থ’লে..
মই যিমানেই জীৱনৰ ওচৰ চাপিলোঁ
জীৱনে আঁতৰি যোৱাৰ সুৰুঙা বিচাৰিলে”
সময় !
বিধাতা !
নে কৰ্মা ।
:মাজু, ককাই তোক চাওঁ চাওঁ কৰিছে,গুচি আহ সোনকালে । আমি হস্পিতাল যাবলৈ ওলাইছোঁ ।
মায়ে কথাটো কৈ ফোনটো কাটি দিলে ।
সকলো যেন নিস্তব্ধ ।
ঘন এন্ধাৰৰ নীৰৱতা ফালি মাজে মাজে কেৱল থুপুৰ উচুপনিৰ শব্দ ।
কি কৰোঁ মই এতিয়া ?
ভৰি হাত বোৰ যেন নাইকিয়া হৈ গৈছে, ডিঙিটো শুকাই গৈছে ।
ককাই পাতি থৈ যোৱা থাপনা খনত এই পুৱতি নিশা মই চাকি জ্বলাই বহি আছো ।
একো বিচৰা নাই,একো প্ৰাৰ্থনা নাই ।
উপায়হীন মানুহৰ ওচৰত যে অনুৰোধ কৰাৰ শক্তি কণো নাথাকে ।
কোলাত তেতিয়াও উচুপি আছে থুপুৱে, মোৰ কিন্তু চকুপানী ওলোৱা নাই ।
নাকৰ এটা ফুটায়েদি বৈ আহিছে তেজৰ সোঁত ।
বুকুৰ বাওঁফালে তীব্ৰ বিষ ।
সন্মুখত থকা জনে সকলো বুজিছে ।
“মাধৱ” ।
মাত্ৰ ৰাতিপুৱালৈ বাট চাইছোঁ, উচুপি উচুপি কোলাতে শুই থাকিল থুপু । তাক তেনেকৈ সাবটিয়ে পাৰ কৰিছোঁ এটা এটা মিনিট । ঘৰীটো চাইছোঁ বাৰে বাৰে, সময়বোৰ যেন বেছি লেহেমীয়া গতিত আগবাঢ়িছে আজি । হিবা আৰু তৰা টোপনিত । কাক কি কওঁ মই এতিয়া । ইমান ৰাতি অনিৰুদ্ধক ফোন কৰিবলৈ লৈও ৰৈ গৈছোঁ ।
মা আৰু যোগেশ দা ককাক লৈ ডিব্ৰুগড় পাইছেগৈ,ৰাস্তাত দুবাৰ বমি কৰিছে ককাই । উশাহ ৰৈ ৰৈ গৈছে । যিমানেই সময় পাৰ হৈছে,মোৰ চিন্তা সিমানেই বাঢ়িছে ।
ফোনটো আকৌ বাজিল । চাৰি বাজিবলৈ পোন্ধৰ মিনিট বাকী ।
সময়ে ওঁঠত বিষ ঢালি দিলে..
যেতিয়া অকণমান মুকলি উশাহ ল’লো
বিধাতাই বুকুত শিল পুতি থ’লে..
মই যিমানেই জীৱনৰ ওচৰ চাপিলোঁ
জীৱনে আঁতৰি যোৱাৰ সুৰুঙা বিচাৰিলে”
সময় !
বিধাতা !
নে কৰ্মা ।
:মাজু, ককাই তোক চাওঁ চাওঁ কৰিছে,গুচি আহ সোনকালে । আমি হস্পিতাল যাবলৈ ওলাইছোঁ ।
মায়ে কথাটো কৈ ফোনটো কাটি দিলে ।
সকলো যেন নিস্তব্ধ ।
ঘন এন্ধাৰৰ নীৰৱতা ফালি মাজে মাজে কেৱল থুপুৰ উচুপনিৰ শব্দ ।
কি কৰোঁ মই এতিয়া ?
ভৰি হাত বোৰ যেন নাইকিয়া হৈ গৈছে, ডিঙিটো শুকাই গৈছে ।
ককাই পাতি থৈ যোৱা থাপনা খনত এই পুৱতি নিশা মই চাকি জ্বলাই বহি আছো ।
একো বিচৰা নাই,একো প্ৰাৰ্থনা নাই ।
উপায়হীন মানুহৰ ওচৰত যে অনুৰোধ কৰাৰ শক্তি কণো নাথাকে ।
কোলাত তেতিয়াও উচুপি আছে থুপুৱে, মোৰ কিন্তু চকুপানী ওলোৱা নাই ।
নাকৰ এটা ফুটায়েদি বৈ আহিছে তেজৰ সোঁত ।
বুকুৰ বাওঁফালে তীব্ৰ বিষ ।
সন্মুখত থকা জনে সকলো বুজিছে ।
“মাধৱ” ।
মাত্ৰ ৰাতিপুৱালৈ বাট চাইছোঁ, উচুপি উচুপি কোলাতে শুই থাকিল থুপু । তাক তেনেকৈ সাবটিয়ে পাৰ কৰিছোঁ এটা এটা মিনিট । ঘৰীটো চাইছোঁ বাৰে বাৰে, সময়বোৰ যেন বেছি লেহেমীয়া গতিত আগবাঢ়িছে আজি । হিবা আৰু তৰা টোপনিত । কাক কি কওঁ মই এতিয়া । ইমান ৰাতি অনিৰুদ্ধক ফোন কৰিবলৈ লৈও ৰৈ গৈছোঁ ।
মা আৰু যোগেশ দা ককাক লৈ ডিব্ৰুগড় পাইছেগৈ,ৰাস্তাত দুবাৰ বমি কৰিছে ককাই । উশাহ ৰৈ ৰৈ গৈছে । যিমানেই সময় পাৰ হৈছে,মোৰ চিন্তা সিমানেই বাঢ়িছে ।
ফোনটো আকৌ বাজিল । চাৰি বাজিবলৈ পোন্ধৰ মিনিট বাকী ।
:I am sorry Ananya, but are you alright ?
মোৰ বুকুৰ ধুমুহাজকৰ উমান তেওঁ আঁতৰত থাকিও পালে । বুকুত থকা মানুহ অনিৰুদ্ধ, মোৰ কলিজাৰ কান্দোন তেওঁ নুশুনিলে কোনে শুনিব ।
কথাবোৰ কওঁতে মই লাগি লাগি ধৰিছোঁ ।
:ককাৰ কিবা হ’লে ময়ো মৰি থাকিম অনিৰুদ্ধ ।
:Shhh, hey, don’t say like that..
:কি কৰোঁ মই ?
:গুচি যোৱা ঘৰলৈ।মই টিকেট চাইছোঁ ।
:অফিচত কি ক’ম ?
:তুমিতো লিভ তেনেকৈ লোৱাই নাই, আৰু এইটো emergency situation. সৱ ঠিক হৈ যাব । দুদিন ছুটী লোৱা । তোমাক ওচৰত পালে ককা ভাল হৈ যাব ।
:মোৰ বহুত ভয় লাগিছে ।
:কিয় ভয় কৰিছা?ভগৱান আছে নহয় ।
কিয় নাজানো, প্ৰতিটো কথা গভীৰ আত্মবিশ্বাস আৰু প্ৰত্যয়ৰে কোৱা অনিৰুদ্ধৰ কথাত আজি যে মই পতিয়ন যাব পৰা নাই । বিশ্বাস কৰিব পৰা নাই মই ।
মোৰ বুকুৰ ধুমুহাজকৰ উমান তেওঁ আঁতৰত থাকিও পালে । বুকুত থকা মানুহ অনিৰুদ্ধ, মোৰ কলিজাৰ কান্দোন তেওঁ নুশুনিলে কোনে শুনিব ।
কথাবোৰ কওঁতে মই লাগি লাগি ধৰিছোঁ ।
:ককাৰ কিবা হ’লে ময়ো মৰি থাকিম অনিৰুদ্ধ ।
:Shhh, hey, don’t say like that..
:কি কৰোঁ মই ?
:গুচি যোৱা ঘৰলৈ।মই টিকেট চাইছোঁ ।
:অফিচত কি ক’ম ?
:তুমিতো লিভ তেনেকৈ লোৱাই নাই, আৰু এইটো emergency situation. সৱ ঠিক হৈ যাব । দুদিন ছুটী লোৱা । তোমাক ওচৰত পালে ককা ভাল হৈ যাব ।
:মোৰ বহুত ভয় লাগিছে ।
:কিয় ভয় কৰিছা?ভগৱান আছে নহয় ।
কিয় নাজানো, প্ৰতিটো কথা গভীৰ আত্মবিশ্বাস আৰু প্ৰত্যয়ৰে কোৱা অনিৰুদ্ধৰ কথাত আজি যে মই পতিয়ন যাব পৰা নাই । বিশ্বাস কৰিব পৰা নাই মই ।
শংকা আৰু অনিশ্চয়তাৰ মাজত পাৰ হ’ল ৰাতিটো । সাত বজাতেই ফোন কৰিলোঁ সুৰেশক । ছুটীৰ কাৰণে । তেওঁ কথাটো অমৃতলৈ ঠেলি দিলে । আৰু মই ভৱাৰ দৰেই অমৃত জকজকাই উঠিল । কালি ইমান ডাঙৰ এটা ইচ্ছু অহাৰ পাছত আজি মই কেতিয়াও ছুটী ল’ব নোৱাৰো, কাম কৰিবই লাগিব । অমৃতৰ ভাষাত মই মোৰ ভুল আনৰ ওপৰত জাপি পলাব খুজিছোঁ । ভুল অমৃতৰ নহয় । কাৰণ ফাঁকি দিয়া মানুহ বহুত আছে । ঘৰৰ মানুহ মাৰিছে বুলিও মিছাকৈ কৈ ফুৰিবলৈ যায় মানুহ ।
কিন্তু মই মিছা কোৱা নাই, মোৰ অৱস্থাটো মই কেনেকৈ বুজাম এতিয়া ।
ছুটি নাই, ডিব্ৰুগড়লৈকে তিনিটা টিকটো একেলগে নাই পোৱা।
কাইলৈৰ বাবে হে যেনেতেনে তিনিটা টিকট একেলগে পাইছোঁ ।
ফোনতেই খবৰ লৈ আছোঁ । ককাক আই চি ইউত ৰখা হৈছে,অক্সিজেন দি থকা হৈছে । মা আৰু যোগেশ দা বাহিৰতে বহি আছে । প্ৰতি মিনিটৰ খবৰ মই লৈ আছোঁ ।
:দেউতাক খবৰ দিলা ?
:দিলোঁ,আহি আছে ।
:মই আজি টিকট নাপালোঁ । কাইলৈৰ কাৰণে হে আছে ।তাকো তিনিখন কনেকটিং ফ্লাইট ।
:থুপুৰ বৰ কষ্ট হ’ব । তাক বৰ ঘূৰাই ফুৰাব লগীয়া হৈছে ।এইবাৰ থৈ যাবি তাক ।
:চাওঁ চোন ।
হিবাক কথাবোৰ ক’লো । তৰাই কন্দা কটা লগাইছে । থুপু এতিয়াও শুইয়ে আছে । দুয়োজনী মোৰ ঘৰৰ পৰাই অফিচলৈ আহিলোঁ । গতানুগতিক ভাৱেই কামবোৰ কৰি গৈছোঁ । মই এনে এখন পৃথিৱীত কাম কৰি আছো য’ত ইম’চনেল হোৱা মানেই unprofessional টেগ লগাই লোৱা । কাৰণ অসমত মোৰ ককাৰ বেমাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনোবা ক্লায়েন্টৰ অসুবিধা হ’ব নালাগিব । তেওঁতো নাজানে মোৰ লগত কি ঘটিছে । কথাবোৰ প্ৰেক্টিকেলি লোৱা সকলে সফল হ’ব পাৰে, মোৰ দৰে অস্থিৰ মানুহৰ প্ৰব্লেম বেছি হয় । অমৃতক আকৌ এবাৰ ক’লো ,তেওঁৰ উত্তৰ এটাই কেৱল কাইলৈৰ দিনটো ছুটি লৈ মই যাব পাৰিম । তাৰ পাছত ঘৰৰ পৰা হ’লেও কাম কৰিবই লাগিব । মানি ল’লো । আৰু মনে মনে সিদ্ধান্ত ল’লো, ইয়াত আৰু মই বেছিদিন নাথাকোঁ । মই নিমখ ভাত খাব পাৰিম কিন্তু নিজৰ ইচ্ছাৰ বিপৰীতে কাম কৰিব নোৱাৰিম । আৰু মোৰ unprofessionalism ৰ কাৰণে মোৰ গোটেই টিমটোৰ সদায় বিপদ হোৱাটোও মই নিবিচাৰোঁ ।
কাইলৈৰ দিনটো কাম নকৰোঁ বাবে অমৃতৰ নিৰ্দেশ অনুসৰি মোৰ নামত থকা UserStory টোৰ বাকী থকা কামখিনি আগবঢ়াই থ’বলৈ চেষ্টা কৰিলোঁ । মাজে মাজে ফোন বাজিয়েই আছে । বাৰে বাৰে কাটি আছোঁ ।
আৰু যিমান বাৰেই মাৰ, তৰাৰ বা যোগেশ দাৰ ফোন কাটিছোঁ, সিমান বাৰেই মনটোক আৰু দৃঢ় কৰিছোঁ, resignation সোনকালেই দিব লাগিব ।
চাৰে দহ বজালৈকে মোক বহাই থৈছে অমৃতে, নিজেও কাম কৰি আছে । আমাৰ টিমৰ সকলো মানুহ ঘৰলৈ গ’ল । কাম শেষ কৰি অমৃতৰ ওচৰত code review কৰাই ওলাই আহিলো । লিফ্ট লবীত ৰৈ আছে অনিৰুদ্ধ । একো কোৱা নাই । বহালৈকে আমাৰ মাজত কোনো ধৰণৰ কথা নাই ।
:অমৃতে বহুৱাই থৈছিল ?
:Hmm.
:গা বেয়া লাগিছে ?
:নাই ।
:খাই লোৱা ।
Subway Wrap টো মোৰ ফালে আগবঢ়াই দিলে তেওঁ । পেটৰ ভোক পাহৰিয়েই আছিলোঁ ।
:টিকট কেইটাৰ প্ৰিন্ট আউট উলিয়ালা ?
:উম ।
:কিবা ক’বা ?
:I will resign and opt for buy out.
অনিৰুদ্ধ মনে মনে ৰ’ল । এই সময়ত মোৰ মগজে বেছি ভাবিব পৰা নাই বুলি তেওঁ জানে ।
ঘৰৰ ওচৰত নামি বেগটো লৈ নামিবলৈ ল’লো । তেওঁ বাওঁ হাতখনত ধৰি ৰখাই থ’লে ।
:Come here.
চপাই নি মূৰত হাত ফুৰাই কৈ উঠিল
:সৱ ঠিক হৈ যাব । মই আছোঁ ।
সামৰি ৰখা চকুপানীবোৰ ওলাই অহাৰ আগতেই লৰালৰিকৈ নামি আহিলোঁ । কালিৰ পৰা এবাৰলৈও মই কন্দা নাই । এটোপাল চকুপানীও সৰা নাই ।
অত্যাধিক সকলো বস্তৱেই মোক শিল কৰি পেলায়, সেইয়া সুখেই হওক বা দুখেই হওক ।
এয়াৰপোৰ্টৰ পৰা বাহিৰে বাহিৰে ককাৰ ওচৰ পালোগৈ । নিশা আঠ বাজিছে তেতিয়া । ভিজিটিং আৱাৰ পাৰ হৈ গ’ল বাবে মোক চাবলৈ দিয়া নহ’ল । ককা এতিয়াও ICU ত ।
Anticoagulants দিয়া হৈছে । অক্সিজেন চাপোৰ্ট ও মাজে মাজে দিবলগীয়া হৈছে । প্ৰাইভেট নাৰ্ছিং হোম খনৰ ছিনিয়ৰ ডক্টৰজন ককাৰ পুৰণি চিনাকি । তেওঁ সকলো ধৰণৰ চেষ্টা কৰিছে ককাক সুস্থ কৰিবলৈ ।
ICU ত থকা ৰোগী সকলৰ এটেণ্ডেণ্ট সকল বহি থকা ঠাইখিনিত শাৰী শাৰী কৈ চকী পাৰি থোৱা আছে । তাতে বহি আছে মা আৰু দেউতা । তেওঁলোকৰ মাজত চাৰিখন মান চকীৰ ব্যৱধান । মোক দেখি মা উঠি আহিল । দেউতা ফোনত ব্যস্ত ।
:পালিহি, যোগেশ সময়ত পালেগৈ নে ?
:উম ।
:ঘৰলৈ যা, কাইলৈ আহি চাই যাবিহি ককাক ।
:তুমি যোৱা । থুপুৰ গাড়ীতে টোপনি গ’ল । তৰাৰ লগত গাড়ীতে আছে । মই আজি ইয়াত থাকিম ।
:মাজু, ইমান কষ্ট নকৰিবি । তোৰো গা বেয়া হ’ব ।
:প্লিজ মা । তৰ্ক কৰাৰ একদম ইচ্ছা নাই । কালি তুমি থাকিলা ন ?
:মই আৰু অধীৰ ইয়াতে বহি থাকিলো । যোগেশ গাড়ীত।কেবিন এটাও খালি নাই ।
আচৰিত হোৱা নাই মই, মানুহ এজন যেতিয়া মৰিব বুলি আমি জানো, তেতিয়াহে আমাৰ অভিযোগ, অভিমান, খং, জেদ সকলো নাইকিয়া হয় । দেউতাই ইমানকণ মৰম,আদৰ, যত্ন যদি আগৰপৰাই দেখুৱালেহেঁতেন !
:তোমালোক যোৱা, থুপুক কিবা এটা জোৰ কৰি হ’লেও খুৱাই দিবা ।
মোৰ লগত যে আৰু যুক্তি তৰ্ক কৰি লাভ নাই সেয়া মায়ে জানে । কেণ্টিন, ৱাছৰূম ক’ত কি আছে কৈ মা গুচি গ’ল । যাওঁতে কৈ থৈ গ’ল
:অধীৰৰ লগত তৰ্ক নকৰিবি, বৰ ডাঙৰ ঘটনা হৈছে । তোক পিছত ভালকৈ ক’ম ।
মা গুচি যোৱাৰ পিছত মা বহা ঠাইখিনিতে গৈ বহিলো ।
:পালিহি ।
:হমম ।
:মাৰে ভালকৈ চোৱা-চিতা কৰা হ’লে আজি এনেকুৱা নহয় ।
টিঙিচকৈ উঠা খংটো দমাই ৰাখিছোঁ ।
:আপুনি নিজে কি কৰিলে ? ভাৱি চাইছে ?
আনফালে মুখ ঘূৰালে দেউতাই । লাজ পাইছে,পোৱা উচিত ।
আমাৰ ওচৰত বহি থকা মানুহজন আঁতৰি যোৱাৰ লগে লগেই দেউতা উঠি আহি মোৰ কাষৰ চকী খনত বহিল ।
অনিৰুদ্ধৰ লগত কথা পাতো বুলি উলিয়াই লোৱা ফোনটো সামৰি থ’লো ।
:ভুল দুয়োটাৰে আছে,কিন্তু তই মোকেই ভুল বুজি থাকিলি সদায় ।
:এতিয়া আমি ককাৰ কথা ভাবিব লাগে নেকি !
:খবৰটো পায়ে লগে লগেই আহিছোঁ মই । তই কি বুজিবি মোৰ কি টেনশ্যন ।
সুধাৰ ইচ্ছা নাছিল যদিও সুধিলোঁ ।
:কিবা হ’ল নেকি ?
দেউতাৰ অতি বিশ্বাসী সেই ধুনীয়া অনা-অসমীয়া মানুহজনী আৰু তাইৰ গিৰিয়েক মিলি দেউতাৰ লকাৰ ভাঙি যি য’ত পাৰে লৈ উধাও হৈছে । আজি এসপ্তাহৰ আগৰ কথা ।দেউতাৰ খোৱাত কিবা নিচা যুক্ত বস্তু মিলাই দিছিল । দুপৰীয়ালৈকে শুইয়ে থাকিল দেউতা । আৰু সাৰ পায় উঠে মানে একোৱেই বাকী নাই । ইমানেই টেঙৰ মানুহ যে ট্ৰেক কৰিব পাৰে বুলি পুৰণি ফোন ঘৰতেই পেলাই থৈ গৈছে ।এতিয়ালৈকে পুলিচে একো শুংসূত্ৰ বিচাৰি উলিয়াব পৰা নাই । কথাবোৰ কওঁতে দেউতাৰ মুখৰ ৰং বাৰে বাৰে সলনি হৈছে ।
:পাপৰ ধন আছিল, গুচি গ’ল । দুখ নকৰিব ।
:বৰ বিশ্বাস কৰিছিলোঁ মই, ইমান বদমাছ বুলি ভবা নাছিলো ।
:তেনেকুৱা কিছুমান মানুহ পইচাৰ লোভত আপোনাৰ আগে পাছে সদায় ঘূৰি থাকে । আৰু আপুনি ভাৱে আপোনাক ভাল পায়,সমীহ কৰে । তোষামোদ কি চিনি নাপায় ? ইমান ফোঁপোলা নে আপোনাৰ ভিতৰখন । সেইদিনা সেই মানুহজনীৰ সন্মুখত মোক কি ব্যৱহাৰ কৰিছিল আপুনি ? আৰু বিকাশৰ লগত সম্পৰ্ক ৰাখিবলৈ আপোনাৰ অলপো বেয়া নালাগিছিল ? মোৰ লগত কি কৰিছিল সি আপুনি পাহৰি থাকিল ?
:মই বহুত কথাত বান্ধ খাই আছোঁ ।
:জানো । এটাই মুখ খুলিলে আনটো ফচিব কাৰণে আপোনালোকৰ এই মিলা প্ৰীতি । এতিয়া সেইটো জেইলত । কি কৰিব আপুনি ?
দেউতাই ভীষণ লাজ পাইছে । হস্পিতালৰ বাহিৰত এইবোৰ কথা পতা উচিত নহয়, কিন্তু কি কৰোঁ মই । মগজটো যে একেবাৰেই নাই চলা ।
:ককাক ইমান বেমাৰী কৰি পেলালে, চিন্তাতে মানুহজন..
খঙত নে দুখত নাজানো মই এতিয়াহে কান্দিছোঁ । পিন্ধি অহা চাৰ্ট টোৰ হাতখন তিতি গৈছে ।
:কেলেই কান্দিছ ?
:কি কৰিম আৰু, অকণমান তো শান্তি লাগে মোক । সৰুৰেপৰাই সদায় অকল আপোনালোকৰ কাজিয়া দেখিলোঁ, ককাৰ বাহিৰে কাৰো এষাৰ ভাল মাত নাপালোঁ । মোৰ কি মন নাযায় বেলেগ ছোৱালীৰ নিচিনা জীৱন এটা জীয়াবলৈ ? এতিয়াও খুলি হাঁহিব নোৱাৰোঁ, কাৰো লগত মিলিব নোৱাৰোঁ, মানুহক বিশ্বাস কৰিব নোৱাৰো, ভালকৈ থাকিব নাজানো, অলপ টেনশ্যন হ’লেই নিচা বিচাৰি ফুৰোঁ, ব্লাড প্ৰেচাৰ কিমান জানে ? এতিয়াও মেডিচিন খাই আছোঁ । কিন্তু ককাৰ মাত এষাৰ পালে এই সকলোবোৰ পাহৰি থাকোঁ । কৈ দিছোঁ মই, যদি ককাৰ কিবা এটা হয় মই কিন্তু কাকো নেৰোঁ…
:একো নহয় দেউতাৰ । আৰু তই কথাবোৰ বেছিকৈ ভাৱ সৰুৰেপৰাই ।
:সেইটো ও মোৰেই ভুল ন ।
উঠি আহিলোঁ সেইখিনিৰ পৰা । হস্পিতাল খনৰ বাহিৰৰ ঘুমটি দোকান খনৰ পৰা চিগাৰেট কিনিলোঁ । সৱেই নেদেখা বস্তু চোৱাদি মোলৈ চাইছে । ইটোৰ পিছত সিটোকৈ দুটা চিগাৰেট শেষ কৰিলো ।
আকৌ ভিতৰলৈ আহোঁতে দেখোঁ ডক্টৰে দেউতাৰ লগত কিবা পাতি আছে ।
:He is better now.
বুকুখনৰ পৰা যেন শিল এটাহে আঁতৰি গৈছে ।
:কিন্তু তেখেতৰ কণ্ডিছন একেবাৰে ভাল নহয় । আপোনালোকে কি কৰে সোনকালে মোক জনাব । আৰু এটা কথা খুব কৈছে, গোসাঁনী বুলি কিবা এটা কৈ আছিল । মোৰ বুজাত অসুবিধা হ’ল ।
:মই.. মই..
:তুমি কেতিয়া পালাহি ?
:অলপ আগতে ।
:তোমাৰ কথা সদায় কয় খুড়াই ।
:এবাৰ চাবলৈ দিব নেকি ? প্লিজ ।
কাৰো আগতে হাত যোৰ কৰি নোপোৱা মোৰ হাত দুখন আপুনি আপুনি যোৰ খাই গ’ল ।
:ইমান দূৰৰ পৰা আহিছা, আহা বাৰু, মোৰ লগতে ব’লা ।
ৱাৰ্ডটোত আৰু বেলেগ ৰোগী আছে । একেবাৰে মূৰৰ বিচনা খনত ককা । নাৰ্ছ গৰাকীয়ে অলপ আঁতৰি মোক বাট এৰি দিলে ।
:ককা ।
মাত নাই, ওচৰৰ মনিটৰ টোত শব্দ কিছুমান হৈ আছে মাত্ৰ । হাতত চেলাইন লাগি আছে ।
:খুড়া ।
খুব কষ্টৰে চকু দুটা মেলিছে ককাই ।
কথাবোৰ অস্পষ্ট ।
:মই একেবাৰেই গুচি আহিলোঁ, তোমাৰ লগতে থাকিম ।সোনকালে ভাল হোৱা ।
:তেখেতে আৰাম কৰক । কাইলৈ লগ কৰি ল’বা ।
ককাৰ হাতত চুমা এটা খাই ওলাই আহিলোঁ । ICU ৱাৰ্ডৰ বাহিৰৰ পৰা চাই আছে দেউতাই । ককাৰ সন্মুখত থিয় হ’ব পৰা সাহস কণ নাই । দেউতাৰ চকুত অপৰাধবোধ, অনুশোচনা সুস্পষ্ট ।
নুসুধাকৈয়ে ক’লো
:শুইছে অকণমান । Pulse ঠিকেই আছে ।
:কিবা এটা খাই লওঁ আহ ।
বিশেষ একো আপত্তি নকৰাকৈ দেউতাৰ পাছে পাছে গৈ কেণ্টিনত গৈ ভাত খালোঁ ।
আজিও কেবিন খালি নাই, ইয়াতেই বহি ৰাতি পাৰ কৰিব লাগিব ।
:হোটেল আছে ওচৰত, ৰূম এটা লৈ দিওঁ নেকি ?
ঘনে ঘনে সলনি হোৱা এই মানুহজনৰ প্ৰতি মোৰ মনত কি ভাৱ থাকিব লাগে মই নিজেই নাজানো ।
:নালাগে, মই ইয়াতেই থাকিম । ফোন এটা কৰি আহোঁ ।
অলপ আঁতৰি আহি আছুতীয়া ঠাই অকণমান চাই মালৈ ফোন কৰিলোঁ । ঘৰ গৈ পাইছেগৈ । থুপুৰ টোপনি । ককাক চাবলৈ পালোঁ বুলি জনালোঁ ।
:কিবা খালি ?
:উম ।
:অধীৰে ?
:একেলগেই খালোঁ ।
ইমান জটিল প্রতিটো মন, প্ৰতিটো সম্পৰ্ক আমাৰ । কিন্তু আজিৰ এই ঘৰৰ মূল মানুহজন হেৰাই যোৱাৰ ভয় কিন্তু সকলোৱে অনুভৱ কৰিছে ।
এই অস্থিৰ সময়খিনিত মোক এজন মানুহেই সকাহ দিব পাৰে ।
:ককাক দেখিলা ?
:মই আৰু ঘূৰি নাযাওঁ,ককাৰ লগতে থাকিম ।
:ঠিক আছে,মই জোৰ নকৰোঁ ।
:আপুনিও গুচি আহিব ।
হাঁহি দিলে তেওঁ ।
:মই ভাবিছিলোঁ, মোৰ লগত নাথাকি সদায় ককাৰ লগতেই থকাৰ কথা কৈছা । ককাক মোতকৈ বেছি ভাল পোৱা ন ?
:সমানেই আপোনাকো ভাল পাওঁ । মই ভালপোৱা সৱ মানুহ ভালে থাকক । আৰু মোক একো নালাগে ।
:অকলে আছা এতিয়া ?
:দেউতা আছে ।
:কথা পাতিবা ভালকৈ ।
:উম ।
:Life is too short Ananya..try to understand people from their perspective. Listen to your dad, he must have something to tell.. okay ?
:okay.
:That’s my good girl, I wish I could be there with you !
:I am missing you too..
:মই জানো । দেউতাৰ লগত কথা পাতা যোৱা । আৰু শুনা,ককাক মোৰ কথা ক’বা । আৰু পাৰিলে কথা পতাই দিবা।
:হমম।
ফোনটো থৈ দেউতাৰ ওচৰত বহিলো । বহুত কথাই আছে,বহুত প্ৰশ্ন আছে, বহুত অভিযোগ আছে । কিন্তু এইয়া উচিত সময় জানো হয় ?
মোৰ বাবে এতিয়া ককাৰ সুস্বাস্থ্যৰ বাহিৰে আন একোৱেই যে প্ৰয়োজনীয় নহয় ।
:মই মাৰ্ঘেৰিটাৰ ঘৰটো বিক্ৰী কৰিয়েই দিম । ঘৰৰ মানুহ ঘৰত থকা ভাল । দেউতাক এতিয়া অকলে এৰিব নোৱাৰি ।
বিশ্বাস কৰা যায় নে বাৰে বাৰে বিশ্বাস ভঙা মানুহক ? দেউতাই যেন মোক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে । প্ৰতিটো কথা নিজৰ ধৰণেৰে সজাই ধুনীয়াকৈ মোৰ আগত ৰাখিছে, আবিশ্বাসৰ থল ৰখা নাই ।
কিন্তু ময়ো যে ইমান সহজ হৈ থকা নাই এতিয়া ।
:আপুনি ঘূৰি আহিব বুলি জানি ভাল পালো । কিন্তু মই ইয়াৰ পিছত সদায় ককাৰ লগত থাকিম । ককাৰ য’তেই ইচ্ছা তাতেই থাকিম ।
:মইতো তোক আঁতৰাই পঠিয়াম বুলি কোৱা নাই ।
:আমি কেতিয়াবাই আঁতৰ হ’লো, আপুনি গমেই নাপায় নেকি ?
(আগলৈ)
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )