Search Engines

Abir Love Story 49 | Published by Indranee Sharma | Love Story


Abir Part 49

Viraham Pongeley,
Hrudhayam Oogele,
Adharam Anchuley,
Mádhuram Koreley

(Kadalalle-Dear Comrade)

FM ত তেতিয়া “ডিয়েৰ কমৰেড” চিনেমা খনৰ kadalalle গানটো বাজি আছে ।
মোৰ সোঁহাতখন নিজৰ বাওঁ হাতেৰে খামুচি থাকিয়েই গাড়ীৰ গিয়েৰ সলাইছে অনিৰুদ্ধই । তেওঁৰ ম্লান পৰি যোৱা বিমৰ্ষ চেহেৰাটো দেখি মোৰ বুকুখনে কান্দি উঠিছে ।
কেৱল ময়েই নে ? অকাশ খনেও চোন আজি তেওঁৰ বাবে কান্দিছে । মুষলধাৰে আহিছে বৰষুণজাক ।গাড়ীৰ ৱাইপাৰেও বাট দেখুৱাব নোৱাৰি হাৰ মানিছে । বাহিৰখন ভালকৈ নেদেখা হৈ আহিছে । ৰাস্তাত লাহেকৈ পানী জমা হ’বলৈ আৰম্ভ কৰিছে । হে প্ৰভু, ঘৰত সোমাই ল’ব পৰিলেই হ’ল ।

Abir Love Story 49 |

অলপদূৰ অহাৰ পাছতেই আয়ুৰ ফোন আহিল । যোৱাৰ দিনা তাক ভালকৈ একো নজনালো বুলি এতিয়াও বেয়া পাই আছে । সদায় ফোন কৰি ককাৰ খবৰ লয় । দিনত দুই তিনিবাৰ ভিডিঅ’ কল কৰে । মই বেংগালুৰু এৰাৰ দুখত দুখী হোৱা আন এজন মানুহ । কিন্তু তাৰ খং বা অভিমান নাই।কাৰণ সি মোৰ ঘৰৰ ভিতৰুৱা সকলো কথাই জানে । সি দেউতাকো ভালকৈ চিনে ।
:হেল্ল’ । 
:কেব পালি নাই ?
:অনিৰুদ্ধ আহিলে । ঘৰলৈ গৈ আছোঁ এতিয়া ।
:ঠিক আছে।মই ফচি গ’লো অফিচত । ওলাব নোৱাৰিম।কাইলৈ ৰাতিপুৱা আহিম । বিচনাখন আজিয়েই OLX ত দি দিবি । ফ্ৰীজ আৰু টিভি মই ৰাখিম,পইচা তো দি দিম তোক ।
আয়ুয়ে কথা উলিয়াই আছে,আৰু আনফালে আমাৰ কথা শুনি অনিৰুদ্ধৰ খং দুগুণে বাঢ়িছে ।
চকুত পৰিছে কঠোৰ মুখখনত স্পষ্টকৈ দেখা পোৱা প্রতিডাল শিৰা-উপশিৰা । দাঁত কেইটা যে জোৰেৰে কামুৰি আছে ধৰিব পাৰি ।
:আয়ু,মই ৰাখিছোঁ এতিয়া । কাইলৈ কথা পাতিম ।

গোটেই ৰাস্তাটো এটাও শব্দ নক’লে অনিৰুদ্ধই । বৰষুণ ফালি তীব্ৰগতিৰে চলিছে ব্লেক SUV খন ।
অনিৰুদ্ধক এতিয়া আৰু বুজিবলৈ বাকী নাই মোৰ । থুপুৰ দৰেই মৰম আকলুৱা, অকণমান জেদী, ভীষণ এক্সপ্ৰেচিভ । এতিয়া মই কিবা কোৱা মানেই খংটো আৰু বঢ়াই দিয়া ।

ঘৰৰ সন্মুখত গাড়ীখন ৰাখি তেওঁ আনফালে মুখ ঘূৰালে ।
:ভিতৰলৈ নাহে ?
:No.
মুখখন হাতেৰে ধৰি মোৰ ফালে ঘূৰাই দিলোঁ ।
:প্লিজ ।
:তুমি যোৱা ।
:ঠিক আছে । জোৰ নকৰোঁ । বাই ।
বেছিকৈ তিতাৰ আগতেই দৌৰি গৈ বিল্ডিঙৰ ভিতৰ সোমালো । তেওঁ নাহিল । কিন্তু গুচিও যোৱা নাই ।ওপৰলৈ উঠি আহিও গাড়ীখন দেখি আছোঁ ।
অকলে ঘৰটোলৈ সোমাই যাওঁতে বুকুখন গধুৰ হৈ আহিল । যোৱাৰ আগতে তৰাই ঘৰটো ধুনীয়াকৈ চফা কৰি ভাগে ভাগে বস্তুবোৰ সামৰি সাৰি মচি থৈ গৈছিল । হ’লেও বন্ধ হৈ থকা বাবে অলপ সেমেকা গোন্ধ এটা পালোঁ । বেগটো থৈয়েই দৰ্জা খিড়িকীবোৰ খুলি ঝাড়ু ডাল হাতত ল’লো । লেভেণ্ডাৰ ৰুম ফ্ৰেছনাৰটো একেবাৰে খালি কৰি পেলালোঁ ।
সৰহকৈ ধূপ অলপ চাৰিওফালে লগাই দিলোঁ ।
দৰ্জাখন বন্ধ কৰোঁ বুলি আহোঁতেই দেখোঁ মুখ খন থুপুৰ নিচিনাকৈ ফুলাই সন্মুখত অনিৰুদ্ধ ৰৈ আছে ।
:আহক ।
জোতাযোৰ খুলি ভিতৰলৈ আহিল । প্লাষ্টিকৰ চকী খনত বহি পকালৈ চাই আছে । গোটেই মানুহটো তিতি শেষ । ভিতৰৰ পৰা টাৱেল এখন আনি হাতত দিলোঁ ।
:আপুনি মচি লওক । মই fresh হৈ আহোঁ ।
মই চুলিত শ্বেম্পু কৰি, গা ধুই কাপোৰ কানি সলাই ওলাই আহিলোঁ, তেওঁ কিন্তু একভাগেই বহি আছে ।
মই দিয়া টাৱেলখনো কাষৰ চকীখনত থৈ হে দিলে ।
খং ?
অভিমান ?
ওহোঁ,মৰম ।
সন্মুখত আহি ৰ’লো । নাই, নাচায় মোৰ ফালে।টাৱেলখন লৈ তেওঁৰ তিতা চুলিখিনি মচিবলৈ লাগিলোঁ ।
জেদ মোৰো আছে, মৰম যে তাতোকৈ বেছি আছে ।
খং কমিল ।
দুহাতেৰে মোৰ কঁকালত মেৰিয়াই মুখ খন মোৰ বুকুত গুজি দিলে তেওঁ ।
:Ani..
:Hmmm

উফ!
কেনেকৈ কওঁ,এই এটি মুহূৰ্তৰ বাবেই যে জীয়াই থাকোঁ মই ।
এই একেটি উশাহৰ বাবে বুকুৰ শিলবোৰ ভাঙি পেলাব পাৰোঁ মই !
মৰা মানুহক জীয়াই তুলিব পৰাকৈ সমৃদ্ধ মোৰ প্ৰিয় পুৰুষ !
জীৱনত যদি এবাৰলৈ মই নিজকে ভাল পাইছোঁ, সেইয়া কেৱল এই এজন মানুহৰ বাবেই ।
অনিৰুদ্ধৰ তিতা চোলাটো লাগি মোৰ কুৰ্তীটো ও তিতি গৈছে ।

:ছাৰ্টটো বহুত তিতিলে, চৰ্দি লাগিব ।
:লাগক ।
নাই অলপ দেৰীলৈ এৰি নিদিয়ে । এনেকৈয়ে ধৰি ৰাখিব ।
তিনিজন পুৰুষ, বয়স ভিন্ন, চিন্তা ভিন্ন, কিন্তু কোনোবাখিনিত যেন একেই কোমলতা । মৰমৰ বাবে একভাগেই হাহাকাৰ কৰি উঠে । অকণমান মৰমতে জী উঠে, নাপালেই অভিমানী হৈ উঠে ।
থুপু,ককা, অনিৰুদ্ধ ।
দুহাতেৰে তেওঁৰ মুখনি তুলি ধৰিলোঁ ।
বাৰে বাৰে মোক ভালপাবলৈ শিকোৱা চকুযোৰ,পানীত তিতা দীঘল দীঘল পলক, অবিন্যস্ত চুলি, আনদিনাতকৈ অলপ বেছি দীঘল হোৱা ঘন দাড়ি খিনি, মাত্ৰ সেই ধুনীয়া হাঁহিটো হে নাই ।

বুকুত কিবা এটাই হানি গ’ল ।
হাঁহিটো মোৰ বাবেই যদি একেবাৰেই নাইকিয়া হৈ যায় ।
হাতখন ফুৰাই দিলোঁ তেওঁৰ গালত । চকু কেইটা জপাই দিলে অনিৰুদ্ধই ।

:আপোনাৰ চৰ্দি লাগিব । মই গৰম পানী কৰি আনো । চাওঁ ।

চাৰ্টৰ বাকীকেইটা বুটাম মই নিজেই খুলি দিলোঁ । হাত দুখন মেলি দিলে । তাৰমানে গা টো ময়েই মচি দিব লাগিব।দিলোঁ ।
:এইটো মই ইটো ৰূমত অলপ ফেনৰ তলত দি দিওঁ ।
আঁতৰি আহোঁতেই তেওঁ একে লেঠাৰিয়ে কেইবাটাও হাঁচি মৰা শুনিলোঁ । কিমান দেৰি চাগে বৰষুণত ঘূৰি আছিল ঠিকনা নাই ।

পাতল কম্বল খন নি গাত দি দিলোঁ ।

সৰু চৰিয়া এটাত গৰম পানীত নিমখ অকণমান দি তেওঁৰ ওচৰলৈ আনিলোঁ ।
:ভৰি কেইটা ডুবাই দিয়ক ।
:I am fine, you don’t have to do all these.
কথাটো শেষ নহ’ল।আৰু কেইটামান হাঁচি একেলগে আহিল ।
ভৰি দুটা নিজেই টানি আনি পানীত ডুবাই দিলোঁ ।
:এনেকৈ থৈ দিয়ক অলপ দেৰি।মই চাহ আনো ।
:নালাগে ।
:মোক লাগে,বহুত মূৰ বিষাইছে ।

কাপ দুটা ধুই আমূল তাজাৰ নতুন পেকেট এটা কাটি ল’লো । আদা দিয়া চাহ অকণমান খাবলৈ মন গৈছে।চাহখিনি উতলিবলৈ দি ৰৈ আছোঁ ।
ভগৰে হেঁচা মাৰি ধৰিছে, মূৰটো লাহে লাহে বিষাবলৈ আৰম্ভ কৰিছে।ভোকো লাগিছে । কিবা এটা অৰ্ডাৰ কৰিলেও এই বৰষুণত কিমান দেৰি লাগিব ঠিক নাই । চাউল কেইটামান সিজাই ঘিঁউ আৰু চেনি দি খাই শুই থাকিম ।
অহ !
কথাবোৰ ভাবি থাকোঁতে পাহৰি গৈছোঁ যে মোৰ সৈতে আৰু এজন মানুহ আছে ।
তেওঁ বাৰু নিজেই ক’বনে মই আজি তোমাৰ লগত থাকিম বুলি ?
নে মই ক’ব লাগিব আপুনি নাযাব বুলি ?
অসহজ লাগিছে চোন মোৰ ।
মোৰ ভৱনাত যতি পৰিল ।
পিছফালৰ পৰা মেৰিয়াই ধৰি মোক কম্বলৰ ভিতৰত সুমুৱাই লৈছে অনিৰুদ্ধই ।
তেওঁৰ উদং বুকুত মোৰ চুলিখিনি সিঁচৰিত হৈ পৰিল ।
:I was rude, sorry.
:খং কমিলে ?
:ওহোঁ।ইমান ভালপোৱা মোক, ইমান কেয়াৰ কৰা, তথাপিও এৰি যোৱাৰ কথা ভাৱিব পাৰা কেনেকৈ ?
:মোক ভুল বুজিছে আপুনি ।
:বুজাই দিয়া তেন্তে ।
কাণত ওঁঠ লগাই কৈ উঠিল তেওঁ ।
চাহ খিনি উফন্দি অহা দেখি আঁতৰি আহিলোঁ । তেওঁ গৈ মাটিত পাৰি থোৱা বিচনা খনত বহিল । চাহৰ কাপটো আগবঢ়াই দি ময়ো কাষতে বহিলো ।
:এতিয়া থুপু থকা হ’লে ক’লেহেঁতেন তোমাৰ নাকু নাকু হৈছে ।
:সি মিছ কৰে আপোনাক, সুধি থাকে মোক ।
:তুমিতো একেবাৰেই আঁতৰাই নিব খুজিছা এতিয়া ? বেয়া লগা নাই মোলৈ ?

অনিৰুদ্ধই আঘাত কৰিবলৈকে কৈছে তেনেকৈ, মই জানো । কিন্তু কিয় জানো শোক এটাই খুন্দা মাৰি ধৰিলে । মোৰ এনেকুৱাই হয় । আনৰ হাজাৰটা কটু কথা মই হাঁহি মুখেৰেই সহিব পাৰোঁ, কিন্তু মই ভাল পোৱা মানুহে অকণমান দুখ দিলেও মই কান্দি পেলাওঁ । আগতে সেই ক্ষমতা কেৱল ককাৰ আছিল, এতিয়া অনিৰুদ্ধৰো আছে ।

:আপুনি সঁচাকৈ তেনেকৈ ভাবিছে ? মই ককাৰ এইটো অৱস্থাত এৰি আপোনাৰ ওচৰলৈ গুচি আহিব লাগিছিল ?
:মইতো তেনেকৈ কোৱা নাই । কিন্তু তুমি সৱ সিদ্ধান্ত ইমান জলদি কিয় লৈ পেলালা । জব ৰিজাইন দিয়াৰ পাছত মোক কৈছা । ঘৰত তো আৰু মানুহ আছে ককাক চাবলৈ । নাৰ্ছ এগৰাকী ৰাখিব পাৰিলেহেঁতেন আমি । তুমি আৰু অলপ দিন ছুটি ল’ব পাৰিলাহেঁতেন । এবাৰ তো ভালকৈ আলোচনা কৰি চাব পাৰিলাহেঁতেন ।

:হস্পিতালত থকা দিনকেইটাত মই ষোল্ল ঘণ্টা কাম কৰিছোঁ । তাৰ পাছতো কিন্তু অমৃতে এইটো মেইল পঠিয়াই দিছিল ।

মোবাইলটোত তেওঁক মেইল খুলি দেখুৱালো ।
:অনিৰুদ্ধই, মই জানো মই একেবাৰে শুদ্ধ সিদ্ধান্ত লোৱা নাই । কিন্তু ইমান মানসিক অশান্তি লৈ মই থাকিব নোৱাৰোঁ । বহুতেই এনেকৈ চাকৰি কৰি আছে,হয়তো এক দুই বছৰৰ পিছত সৱ ঠিক হৈ যাব ।কিন্তু এই সময়খিনি মই ককাক দিব খুজিছোঁ, অফিচৰ ইণ্টাৰনেল পলিটিক্সত নহয় । অমৃত মোৰ বাবে কোনো নহয় । নাজানো মোৰ লগত কিয় ইমান প্ৰব্লেম হৈছে তেওঁৰ । কিন্তু এইবোৰত লাগি মই সময় নষ্ট কৰিব নোৱাৰোঁ । আৰু মোৰ নিজৰ ওপৰত ইমানটো বিশ্বাস আছে যে মই অলপ কষ্ট কৰিলে ইয়াতকৈ ভাল জব পাই যাম । তাৰ কাৰণে মই নিজৰ আত্মসন্মান ত্যাগ নকৰিলেও হ’ব ।

:মোক কোৱা নাছিলা কিয় ?
:অমৃত আপোনাৰ পুৰণি বন্ধু । মোৰ লগত তেওঁ যিয়েই নকৰক, তাৰ বাবে আপোনালোকৰ মাজৰ সম্পৰ্ক বেয়া নকৰিব । মই সেইটো বিচৰা নাই ।
চাহৰ কাপকেইটা লৈ উঠি আহিলোঁ । অনিৰুদ্ধ ভাবুক হৈ পৰিল ।
:You think about everyone, except ‘us’ !
এইবাৰ তেওঁৰ সন্মুখত বহিলো ।
:I want to be your partner Anirudh, not a liability.
মোৰ সমস্যাবোৰ আপোনাৰ ওপৰত জাপি দিয়াৰ ইচ্ছা একেবাৰেই নাই মোৰ । মই এতিয়াও নিজকে আপোনাৰ যোগ্য বুলি নাভাবোঁ । আপুনি বহুত ভাল মানুহ । মই আপোনাক ডিজাৰ্ভ কৰোঁ নে নাই তাকো নাজানো । কিন্তু মই সদায় আপুনি সুখত, শান্তিত থকাটো বিচাৰোঁ । মোৰ পৰিয়ালৰ মানুহবোৰ ইমান সহজ নহয় । আপুনি বুজিবলৈ সময় লাগিব । দেউতা যেনেকৈ ঘূৰি আহিছে মোৰ এতিয়াও বিশ্বাস কৰিবলৈ টান হৈছে । সেই মানুহজনে কৰিব নোৱাৰা কাম একো নাই । ককাৰ অসুখৰ সুযোগ লৈ যদি কিবা অঘটন ঘটাই দিয়ে মই অলপো আচৰিত নহওঁ । আপোনাক কেতিয়াও এইবিলাকৰ মাজলৈ টানিব বিচৰা নাই মই । নালাগে আপুনি সোমাব । মই ভালপাওঁ আপোনাক, বহুত বেছি । মই যেনেকৈ থুপুক এইবোৰৰ পৰা আঁতৰাই ৰখাৰ কথা চিন্তা কৰোঁ ঠিক তেনেকৈ আপোনাকো আঁতৰাই ৰাখিব বিচাৰোঁ ।

:But I want to help you Ananya!
:I know.
মোক যেতিয়াই সহায়ৰ দৰকাৰ হ’ব,মই আপোনাক নিশ্চয় ক’ম । কিন্তু এতিয়া নহয় । এতিয়া আপুনি মোক কৰিব পৰা সহায় এটাই আছে ।
:কি ?
:মোক অলপ সময় লাগে ।
অনিৰুদ্ধ মনে মনে ৰ’ল ।
তেওঁৰ হাত দুখন খামুচি ধৰিলোঁ ।
:মই আপোনাৰ পৰা আঁতৰি যোৱাৰ কথা ভাবিবও নোৱাৰোঁ অনিৰুদ্ধ । মাত্ৰ মই সেই ঘৰখন এৰি অহাৰ আগতে মোৰ কৰিবলগীয়া খিনি কৰি আহিব খুজিছোঁ ।
:I can wait forever.. but promise me you will come back..
:Anirudh.. can I hug you please ?

উত্তৰলৈ বাট নাচাই সজোৰে সাৱটি ধৰিলোঁ মই ।
তেওঁৰ গাৰ পৰা খহি পৰিছে কম্বল খন ।
তেওঁৰ উদং বুকুত মুখ গুজি মোৰ বহু কথাই কৈ পেলালোঁ ।
কিমান সময় যে তেনেকৈয়ে পাৰ হৈ গ’ল ।

:Hey, don’t cry like this, please !

অনিৰুদ্ধই চকুপানী মোহাৰি গালত হাত ফুৰাই দিলে ।

:I want to show you something Anirudh, may I ?
:Sure.

মই যি কৰিবলৈ গৈ আছোঁ তাৰ বাবে মোক সাহস লাগে, কিন্তু এই সময়ত যে ইয়াৰ প্ৰয়োজনো আছে ।
আনটো ৰূমলৈ আহি কুৰ্তিটো খুলি পেলালোঁ, ৰৈ ৰৈ বৈছে উশাহৰ নৈ । মই যি কৰিবলৈ গৈ আছোঁ, তাৰ পাছত অনিৰুদ্ধৰ অভিব্যক্তি কি হ’ব মই নাজানোঁ । 
তেওঁৰ সেমেকা চোলাটো হাতত তুলি লৈ আকৌ এবাৰ শুঙি চালোঁ । ক’লা প্লাজ’টোৰ ওপৰত পিন্ধি লৈছোঁ সেইটো ।
খোলা ৰাখিছোঁ ওপৰৰ দুটা বুটাম ।
আৰু তাৰ পাছত…
ৱাৰ্ডৰ’বটোৰ লগত সংলগ্ন আইনাখনত নিজকে চাই চাই ৰৈ আছোঁ ।
গাৰ সমস্ত তেজ আহি মোৰ গালতেই আহি জমা হৈছে হি ।

:কি কৰি আছা তুমি ?
উচপ খাই উঠিলোঁ । আৰু মই ঘূৰি দিয়াৰ লগে লগেই তেওঁ বুজি উঠিল মই কি দেখুৱাব খুজিছিলোঁ ।

হয়  ।
বুকুৰ সেই দাগটো, যি মোৰ অতীতৰ অন্ধকাৰবোৰ কঢ়িয়াই ফুৰিছিল, সেই দাগটোৰ ওপৰত মই এটা নাম লিখি পেলাইছিলোঁ । অনিৰুদ্ধৰ বাগদত্তা হৈ যেতিয়া ঘৰৰ পৰা ঘূৰি আহিছিলোঁ, বেংগালুৰুলৈ আহি প্ৰথম কাম এইটোৱেই কৰিছিলোঁ । কাৰণ মই সকলো পাহৰি অনিৰুদ্ধৰ সৈতে এটি নতুন জীৱন আৰম্ভ কৰাৰ সপোন দেখিছিলোঁ । এই দাগটোৰ স্থান সেই নতুন জীৱনত নাই, সেইবাবেই তাৰ ওপৰত খোদিত কৰিছিলোঁ মোক নতুন জীৱন দিয়া মানুহজনৰ নাম ।
“Anirudh”
আৰু তেতিয়াৰপৰাই সেই ঠাইকণ মোৰ প্ৰিয় হৈ পৰিছিল, মই চুই চাব পৰা হৈছিলোঁ । আৰু যেতিয়াই চুইছিলোঁ, চকুপানীৰ সলনি হাঁহি এটা বিৰিঙি উঠিছিল ।
ভাৱছিলোঁ, আমাৰ জীৱনৰ আটাইতকৈ ধুনীয়া ৰাতিটোত তেওঁ দেখিব নিজৰ নাম, সুখী হ’ব ।
কিন্তু এতিয়া যে তেওঁ জনাৰ দৰকাৰ, মই কেতিয়াও তেওঁক পাহৰি যাব বিচৰা নাই, কোনোদিন আঁতৰি যোৱাৰ কথা ভবা নাই ।
চিৰদিনৰ বাবে বুকুৰ মাজত সাঁচি ৰাখিব খোজা মানুহজন তেওঁৰ বাহিৰে আন কোনো নহয়, হ’বই নোৱাৰে ।
মোৰ প্ৰথম, একমাত্ৰ আৰু শেষ ভালপোৱা অনিৰুদ্ধ !

সন্মুখত শব্দহীন অনিৰুদ্ধ, অপলক নেত্ৰে চাই ৰৈছে নিজৰেই নতুন ঠিকনা ।
মোৰ বুকুৰ সোঁমাজত, জিলিকি আছে, “Anirudh” ।
:মই যে কথাবোৰ ভালকৈ ক’ব নাজানো, সেইকাৰণে লিখি পেলালোঁ । আপুনি…
:Crazy woman…
:আৰু গালি নুশুনো ।
কুছি মুচি সোমাই পৰিলোঁ তেওঁৰ বহল বুকুত । কান্দি কান্দি হাঁহিবৰ সময় এইয়া ।
আমাৰ সময়,একান্তই আমাৰ ।
বিৰহৰ সুৰ পাহৰি প্ৰেমৰ ৰাগত উতলা মোৰ বুকুৰ চিফুং ।
:Can I touch it?
:উম ।
:বহুত বিষাইছিল চাগে ন ।
তেওঁৰ আঙুলিৰ কোমল পৰশত কঁপি উঠিলোঁ ।
:ওহোঁ ।
:কিয় কৰিলা ?
:মোৰ মন গৈছিল ।
:বহুত দিগদাৰি দিছোঁ ন মই ।
:থুপুতকৈ অকণমান বেছি ।

গলি গলি শেষ হৈ গ’ল সকলো অভিমান ।
মনৰ আকাশত ভালপোৱাৰ ৰামধেনু,দুগালত অবিৰৰ ৰং ।
অনিৰুদ্ধই চুমাৰে উপচাই পেলাইছে মোৰ সমগ্র মুখমণ্ডল । কিন্তু আজিৰ এই প্ৰেমৰ প্ৰকাশত নাই কোনো আদিম বাসনা ।
এইয়া কেৱল আদৰৰ বিমূৰ্ত প্ৰকাশ ।

:Ananya!
:Hmmmm.
:Look at me.
অনিৰুদ্ধৰ দুচকলৈ চালোঁ ।
:I think I should leave. Everything must be so overwhelming for you. I am sorry for being so intimidating.I mean look at you !

এৰা,একেলেঠাৰিয়ে হোৱা টোপনি ক্ষতি, খোৱাৰ খেলিমেলি মোৰ শৰীৰত স্পষ্টকৈ দেখা পোৱা গৈছে ।চকুৰ তলত ক’লা দাগ । তাতেই আজিৰ দিনটোৰ ভগৰে আৰু দুৰ্বল কৰি তুলিছে ।

:You can stay if you wish !
:তুমি কিয় কৈছা মই জানো । মোক ভালপোৱাৰ প্ৰমাণ নালাগে অনন্যা ।

এৰা,ভালপোৱাত প্ৰমাণ নালাগে । আজি যদি মই অনিৰুদ্ধৰ ওচৰত নিজকে সমৰ্পন কৰিব খুজিছো, সেইয়া হয়তো একমাত্ৰ তেওঁক হেৰুৱাই পেলোৱাৰ ভয়ত।মনত ইমানবোৰ ধুমুহা লৈ ময়োতো নোৱাৰিম সম্পূৰ্ণৰূপে তেওঁৰ হ’ব ।

: I can’t take advantage of your fragile state Ananya,but If I stay here I can’t control my emotions as well. I must leave.

একো উত্তৰ নাছিল মোৰ ওচৰত । অনিৰুদ্ধই সকলোবোৰ কৈ দিয়াৰ আগতেই বুজে । আৰু নিজৰ মনৰ কথাবোৰ কোনো পৰ্দা নথকাকৈ কৈ দিবও পাৰে ।

:ভোক লাগিছে ?
:উম।বহুত ।
:মই লৈ আনিছোঁ কিবা এটা । খাই শুই থাকিবা ।
:আৰু আপুনি ?
:মোৰ ডিনাৰ বনাই থোৱা আছে ঘৰত ।
:অকলে খাব নালাগে, ইয়াত খাব লাগিব।
:ঠিক আছে । চাৰ্টটো দিবা নে মই এনেকৈয়ে যাম ।
:Haww! মোৰ বাহিৰে এনেকৈ আৰু কোনেও চাব নোৱাৰিব কৈ দিছোঁ ।
:Don’t make this face, I will eat you up someday.

কুৰ্তিটো লৈ বাথৰুমলৈ দৌৰিলোঁ ।

অলপ পিছত মই ভাল পোৱা পিজ্জা আৰু choco lava কেক লৈ অনিৰুদ্ধ আহিল । খোৱা শেষ কৰি তেওঁ যাবলৈ ওলাল ।
:You have done enough damage to your health. শুই যাবা সোনকালে, মই ৰাতিপুৱা লৈ যামহি 

বৰষুণৰ পিছৰ আকাশখন মোৰ মনটোৰ দৰেই ফৰকাল ।

খাবলৈ বহি থুপুলৈ ভিডিঅ’ কল কৰিলোঁ । সি ককাক চামুছেৰে পানী খুৱাই আছে ।
:মো বউত কাম আথে, তা তা ।
:অকণমান কথা পাতা সোন ।
:মোক দে নিনিলা,থুমি বেয়া ।
কেঞা আঙুলিটো দেখুৱাই কট্টি কৰি দেখুৱালে ।
বাপেক পুতেক দুইটাৰে attitude একেই ।

( আগলৈ )
Abir Love Story

Note Next Part Coming Soon

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

 


Tags

Post a Comment

0 Comments
close