Abir Love Story 51
চহৰখন এৰিবলৈ মোৰ কষ্ট হৈছিল । বহুত বেছি কষ্ট হৈছিল ।অনিৰুদ্ধ, আয়ু আৰু হিবাক মই বুকুত বান্ধি লগতে লৈ আহিছিলোঁ ।
“মিছ কৰিম বহুত,সোনকালে ঘূৰি আহিবা প্লিজ”
“তুম ৱাপছ জৰুৰ আনা অনন্যা”
“ভালেই হৈছে তই যাৱগৈ, কামোৰ হৈ গৈছিলি অলপ”
তিনিওটাৰে সেমেকা মুখ কেইখন এয়াৰপোৰ্টৰ বাহিৰত এৰি মই গুচি আহিছিলোঁ । গোটেই বাটটো পুৰণি স্মৃতিবোৰ সুঁৱৰি আহোঁতে কেতিয়া অসম পালোহি গমেই নাপালোঁ । যোগেশ দা ৰৈয়ে আছিল । ঘৰ পাওঁতে ন বাজিবৰ হ’ল ।
আজি ঘৰৰ বাৰাণ্ডাত কোনো বহি থকা নাই । একেবাৰেই শান্ত পৰিৱেশ । থুপুৰো দেখা দেখি নাই । ভিতৰলৈ সোমাই যাওঁতে ককাৰ
ৰূমত তাক দেখিলো । দৌৰি আহিল মোক দেখি ।
:থুমি কেনে কুকাই গৈথিলা । মই কানিছিলো । কপালত এটা মস্ত টেমুনা । পৰিলে চাগে ক’ৰবাত ।
:এয়া কি হ’ল থুপু ?
সি ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে । কেতিয়াও সি এনেকৈ কন্দা নাই । মূৰটো মোৰ কান্ধতে পেলাই দিছে ।
মাৰ তেতিয়ালৈ দেখাদেখি নাই । বেগবোৰ তৰাক আনিবলৈ কৈ ককাৰ ওচৰলৈ গ’লো ।
:পালিহি গোসাঁনী, যা যা হাত ভৰি ধুই কিবা এটা খাই ল ।
:মা নাই নেকি ?
:আছে, ৰূমতে আছে নেকি চাগে । জিৰাইছে অকণমান ।
ককাই ফাঁকি দিছে মোক । এইটো সময়ত মা কেতিয়াও বিছনাত নপৰে ।
:মোক দে ধুম কই দিঠিলে ?
:কোনে ?
সি নকয় । তাক কোলাত লৈ মাৰ ওচৰ পালোগৈ । অসময়ত মা কেতিয়াও নুশুৱে । দুবাৰ মান মতাৰ পিছত মায়ে উঠি চালে । চকু কেইটা ৰঙা হৈ ফুলি আছে ।
:এইবাৰ কি কৰিলে ?
:তই আহিছ হে ৰ চোন ।
:থুপুক কোনে মাৰিলে ?
হাতৰ মুঠি টান হৈ আহিছে মোৰ । যেন সন্মুখত যাকে পাম তাকেই মাৰি দিম মই এতিয়া ।
:ককাৰ লগত কালি ৰাতি আকৌ লাগিছে । বেমাৰী মানুহজনকো এৰা নাই । থুপু তাতে খেলি আছিলে । তই ফোন কৰাৰ অলপ পাছতে । মই পাকঘৰত ইহঁতক ইটো সিটো চাই দিছোঁ । শুনি আছোঁ বাপেৰৰ অসভ্যলি বোৰ । সম্পত্তি লাগে,ঘৰটো লাগে, ককাই যোগেশক কিবা দি থৈছে বোলে সেই লৈও কাজিয়া । থুপুৰ চিঞৰ শুনি দৌৰি গৈছোঁ । সি বেচেৰাই কিনো বুজে,তৰাই আঁতৰাই নিয়া পাছতো দৌৰি দৌৰি ককাৰ ওচৰ পায়গৈ । মানুহটোৱে জানি কৰিলে নে নেজানি কৰিলে গম নাপাওঁ, কিন্তু ইয়াক যিটো শব্দ কৈ গালি পাৰিলে, মই নোৱাৰিলোঁ সহিব । ককাৰ সন্মুখতে এক চৰ লগাই দিলো । মোক পাপে চুলেও চুব । মোক মাৰিবলৈ খেদি আহিছিল । থুপুৱে ভয় খাই কান্দোতে তাকো যিটো ঠেলা মাৰিলে, বেচেৰা চকী খনত মূৰটো দি পৰিল গৈ ।
:কি কৈছিল ইয়াক ?
:নালাগে শুনিব তই । থুপু তুমি তৰা জেঠাই ওচৰলৈ যোৱা সোন ।
:নাই না, নাই না ।
থুপুৱে আৰু অলপ জোৰেৰে মোক সাৱটি ধৰিলে । মই জানো দেউতাই কি কৈছিল । সকলো বুজি পাওঁ । 'জহৰা’ শব্দটো আগতেও শুনিছোঁ তেওঁৰ মুখত । তেতিয়া মোৰ বাবে ওলাইছিল, এতিয়া থুপুৰ বাবে ।
:ফোন কৰা, এতিয়াই মাতা ইয়ালৈ ।
:মাজু শুনচোন ।
ৰ’বলৈ সময় মোৰ ওচৰত নাই । একেবাৰেই শান্ত ভাৱে ফোন কৰিলোঁ অধীৰ গোস্বামীলৈ । একো যেন হোৱাই নাই তেনেকৈ কথা পাতিলে । ঘৰলৈ মাতিলোঁ । ক’ত আছে সুধিবৰ প্ৰয়োজন বোধ নকৰিলোঁ । আধা ঘন্টা মানৰ পিছত ওলালহি । লগত এজন অচিনাকি মানুহ । থুপুৰ কাৰণে এসোপামান খেলা বস্তু, চকলেট লৈ আহিছে ।
:কালি কি হ’ল মই গম পালোঁ ।
:সৱ মাৰৰ কাৰণে হৈছে ।
:আপোনাৰ গাত এতিয়াও একো দোষ নাই ন ?
:মই নিয়মিত দৰৱ খাই থকা মানুহ । মোৰ চিকিৎসা চলি আছে । মেণ্টেল ট্ৰিটমেণ্ট চলি থকা মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেইকন জ্ঞান নাই ।
দেউতাৰ এই স্বভাৱটো আমি সৱেই জানো । যিমানেই ডাঙৰ পাপ নকৰক, শেষত ভিক্তিম দেউতা নিজেই হয় । আনকি কাৰোবাক যদি দেউতাই মৰিও পেলাই, দোষ মৰা জনৰ গাতে জাপি দিব ধুনীয়াকৈ । এইবাৰ নিজকে মানসিক ৰোগী বুলি ক’লে । তেখেতৰ হেনো split personality disorder আছে ।লগত অহাজন ডক্টৰ । হয়ভৰ দিছে দেউতাৰ কথাত ।
:দুখ লাগিল জানি । চিকিৎসা কৰাই থাকক, ভাল পাব ।এতিয়া আচল কথালৈ আহোঁ, আজিৰ পৰা এইখন ঘৰত হয় মই থাকিম, নহয় আপুনি ।
:বেমাৰৰ সময়ত এতিয়া মোক তহঁত সৱেই মিলি অকলশৰীয়া কৰিবলৈ ষড়যন্ত্ৰ কৰিছ ।
ককা ওলাই আহিছে ড্ৰয়িং ৰূমলৈ । মানুহজনক কষ্ট নিদিওঁ বুলিয়েই যিমান পাৰোঁ ধৈৰ্য্য ধৰি আছোঁ । কিন্তু লাহে লাহে নোৱাৰা হৈ আহিছোঁ মই ।
:ককা,সিদ্ধান্ত তোমাৰ । কিন্তু এখেত ইয়াত থাকিলে, থুপুক লৈ মই যামগৈ । মোৰ কোনো আপত্তি নাই যোৱাত । আপুনি যি ভাল দেখে কৰক ।
হঠাৎ ভীষণ ভাৱে স্বাৰ্থপৰ হ’বলৈ ইচ্ছা হ’ল মোৰ । কেৱল থুপুৰ কথা ভাবিৱৰ মন গ’ল । তাক জহৰা বুলি কোৱা মানুহটোক শেষ কৰি দিবলৈ মন গ’ল ।
:মোক এই শেষৰ দিনকেইটা শান্তি লাগে মাত্ৰ । ভাবিছিলোঁ আটাইকেইটা মানুহ একেলগে থাকিব পাৰিলে ভালেই হয় ।কিন্তু এতিয়াচোন..
ককাৰ শেষৰফালে মাতটো লাগি ধৰিছে । চকু কেইটাত পানী । মোৰ কিন্তু অলপো দুখ লগা নাই । কাৰোৰে কাৰণেই চকুপানী বোৱাবলৈ ইচ্ছা যোৱা নাই । দেউতাই তেতিয়াও চালে বেৰে কোবাই কথা কৈয়ে আছে ।
:মা, তুমি কিবা ক’বা ?
:মাজু, মই স্বাৰ্থপৰ মানুহ,বেয়া মানুহ, তেনেকৈয়ে থাকিবলৈ দে । হঠাৎ তোৰ দেউতাৰৰ সকলো ইচ্ছাকৃত ভুল মাফ কৰি মই মহান হ’ব নোখোজোঁ । ইচ্ছা আৰু সময় এটাও নাই । নিৰ্দিষ্ট দূৰত্বত থাকি ভাল পাম । আৰু তেনেকৈয়ে সুখীও হ’ম ।
তোৰ আৰু ককাৰ সুখৰ বাবে মানুহটোক এইখন ঘৰত আজীৱন সহ্য কৰিম । কথা দিছোঁ । কিন্তু আঁকোৱালি নলওঁ, কেতিয়াও নলওঁ । দৰকাৰ হ’লে নাৰ্ছ হিচাপে এজন ৰোগীৰ শুশ্ৰূষা কৰিম।পত্নী হ’ব কিন্তু নোৱাৰোঁ ।
সিদ্ধান্ত শেষত ময়েই ল’লো । লোৱাটো জৰুৰী আছিল ।
:আপোনালোক এতিয়া যাওক, উকিলৰ লগত আহিব পিছৰবাৰ ।
কাকো একো কোৱাৰ সুযোগ নিদি ৰূমত সোমালোঁ । নিজকে চম্ভালিব পৰা হৈছোঁ এতিয়া । কিন্তু থুপুৰ লগত কোনোবাই বেয়া কৰাটো মই কেতিয়াই সহ্য কৰিব নোৱাৰোঁ । আজীৱন নোৱাৰিম চাগে ।
থুপুক বুকুতে বান্ধি ৰাখিলো । অনিৰুদ্ধক ফোন কৰি সমস্ত কথা খুলি ক’লো ।
:He is definitely sick, be careful.
:Hmm.
:সঁচা হ’বও পাৰে ।
:হ’ব পাৰে । যদি সঁচাকৈয়ে মানসিকভাৱে অসুস্থ তেন্তে মোৰ সমবেদনা আছে । বাকী খিনি ডক্টৰে কৰিব । মই একো নকৰোঁ সেইটো সঁচা । মই ইমান ‘ভাল’ মানুহ নহয়, হ’বৰ মন নাই ।
পইচাৰ হিচাপ, মানুহক মেনিপুলেট কৰা কামবোৰ দেখোন ঠিকেই কৰে, তেতিয়া মেণ্টেল প্ৰব্লেম টো ক’লৈ যায় ?
:তোমাৰ বহুত খং উঠি আছে, শুই যোৱা এতিয়া ।
:অনিৰুদ্ধ ।
:কোৱা ।
:মই কিবা এটা ভাবিছোঁ, আপোনাক জনাম ।
এসপ্তাহ লাগিল সকলো কাম কৰোঁতে । কিন্তু সিদ্ধান্ত ময়েই ল’লো । ককাৰ লগত আলোচনা কৰি দেউতাৰ লগতে বা আৰু ৰাজু দাদা কো ফোন কৰি মাতিলো ।
অকণমানি কেঁচুৱা এৰি বা নাহিল । ৰাজু দা আৰু দেউতা একেলগেই বগা বাংলোৰ ভিতৰত প্ৰৱেশ কৰিলে ।
ককাৰ বিশাল সম্পত্তিৰ ভাগ হ’ল ।
২৫% শতাংশ দেউতাৰ নামত ।
২৫% মাৰ নামত ।
২৫% বাৰ নামত ।
২৫% যোগেশ দাৰ নামত ।
ককাৰ ইচ্ছামতে বগা বাংলো মাৰ নামত থাকিল ।
দেউতাৰ অলেখ আপত্তি, নুশুনিলো ।
ৰাজু দা সুখী । বায়েও ফোন কৰি ভালকৈ কথা পাতিব পৰা হ’ল । কাৰণ নামচাইত এশ বিঘা মাটিৰ বাগানৰ মালিক হ’ল তাই । পুৰণি সকলো কথা পাহৰাই দিব পৰা সুখ তাইৰ বাবে ।
:নিজৰ কাৰণে একো নাৰাখিলি ?
মায়ে সুধিলে । ককাই এইটো কথাত বেয়া পায় মোৰ লগত কথা পতা প্ৰায় বন্ধই কৰি দিছে । বুজিছোঁ বেয়া পাইছে মোক ।
:ককা,বেয়া পাইছা ?
:তই আমাতকৈ বেলেগ । বুজি পাওঁ এতিয়া । বেয়া পোৱা নাই । যোগেশক যে তাৰ ভাগটো দিলি, বৰ সুখ পালোঁ । মাৰৰ ভাগৰ খিনি তহঁত দুইজনীয়ে মিলি ভালকৈ চলাবি । যোগেশ থাকিবই । বাকী যি যেনেকৈ পাব লাগে পাইছে । আপত্তি কৰিবলৈ থল নাই । তই যে একো নল’লি ।
:কিবা এটা খুজিম দিবা ?
:কি লাগে ক আকৌ ।
:মা আৰু যোগেশ দাৰ কাষত সহায় হিচাপে মই সদায় থাকিম, যি কৰিব লাগে কৰিম । কিন্তু মই সদায় ইয়াত থাকিব নোৱাৰিম । সকলো ঠিক কৰি থুপুক লৈ গুচি যাম মই ।অনুমতি দিবা নে ?
ককা উঠি গ’ল,একো উত্তৰ নিদিলে । আজিৰ দিনটো বহু কিবা কিবি ঘটি গ’ল, হয়তো ককাক সময় লাগিব ইমানবোৰ নিজৰ মাজত সামৰিবলৈ ।
দেউতাই ঘৰৰ বহুকেইটা পুৰণা বস্তু মাৰ্ঘেৰিটাৰ ঘৰলৈ লৈ গৈছে ।
মানুহজনলৈ খং নুঠা হৈছে আজিকালি । দুখ হে লাগে ।বস্তুবাদী মানুহৰ সুখ নাই বুলি এনেই নকয় । অধীৰ গোস্বামী তাৰ জ্বলন্ত উদাহৰণ । ৰাজু দাক লৈ মাৰ্ঘেৰিটাৰ পাৰ্টি কৰিব আজি ।
কৰক । ভালে থাকক তেওঁলোক । মাত্ৰ মোৰ পৰা, মাৰ পৰা, ককাৰ পৰা আৰু বিশেষকৈ থুপুৰ পৰা বহুত দূৰৈত থাকক ।তিনিটা মাহ পাৰ হৈ গ’ল ।
ককা আৰু যোগেশদাৰ লগত বহু কাম, কথা শিকিছোঁ । কিছু পুৰণি কৰ্মচাৰী দেউতাৰ লগত গুচি যোৱাৰ বাবে ফেক্টৰীত নতুন কৰ্মচাৰী নিয়োগ কৰিব লগীয়া হৈছে । পাত কঢ়িওৱা ট্ৰাক কেইখনৰ প্ৰতিখনৰ ড্ৰাইভাৰ আৰু লগত যোৱা ল’ৰাকেইজনক এতিয়া নামেৰে সৈতে চিনি পোৱা হৈছোঁ ।ওচৰৰ সৰু সৰু বাগানবোৰৰ যিসকলে আমাৰ ফেক্টৰীত চাহপাত দিয়েহি তেওঁলোকৰ সৈতেও চিনাকি হৈছোঁ । মায়ে আগৰপৰাই চিনি পায় । মন কৰিছোঁ দেউতাতকৈ বহুত বেছি ভালকৈ মায়ে সকলো মেনেজ কৰিব পাৰে । বহু কথা জানে ।হয়তো সেইবাবেই দেউতাৰ ইমান মেইল ইগো হাৰ্ট হয় মাৰ সন্মুখত ।
ককা লাহে লাহে সুস্থ হৈছে । তিনিমাহৰ প্রতিটো দিন মই ককাৰ লগতেই পাৰ কৰিছোঁ । খুব কথা পাতিছোঁ । থুপু,মই, মা আৰু ককা একেলগে বহি লুডু খেলিছো, পুৰণা হিন্দী চিনেমা চাই হাঁহিছোঁ । ফুৰিবলৈ গৈছোঁ ।
দেউতাৰ বাবেই ককাৰ পৰাও আঁতৰ হোৱা আত্মীয় মানুহৰ ঘৰলৈ ককাক লৈ গৈছোঁ । মানুহবোৰ কোনো বেয়া নহয়,মাত্ৰ দেউতাই হে ভাল নাপালে কাকোৱেই । মোৰো দিনবোৰ সলনি হ’ল । মদ, চিগাৰেট বাদ দিলোঁ । নিয়মিত যোগ কৰোঁ । কাৰণ মোৰ ব্লাড প্ৰেচাৰ বাঢ়ি বহুত বেছি হৈছিল । যাৰ বাবে নাকৰ পৰা তেজ ওলোৱা ঘনাই হ’বলৈ ধৰিছিল । ডক্টৰে সকলো ধৰণৰ নিচা এৰিবলৈ কৈছিল । নিৰ্দিষ্ট এক ডায়েট মানি চলিছোঁ । যিমান পাৰোঁ । নিজৰ যত্ন লওঁ । আৰু মায়ে মাহৰ মূৰত পাৰ্লাৰলৈ টানি আজুৰি নি ছাল চুলি বোৰ ঠিক কৰি দিয়ে । সেইদিনা ঘৰত বেলেগ এখন যুদ্ধ চলে ।
থুপুৰ ৰুটিন বেলেগ । ককাৰ লগতেই দিনটো থাকে । আনকি চেৰেলেক দুবাটি বনাই দিব লাগে, দুয়ো একেলগে খায় । কোন বেছি কেঁচুৱা বুজাই টান হৈছে । শেৱালিৰ সুবাস লৈ আহিনো আহিল । আহিনৰ দিনবোৰ এনেও প্রিয় ককাৰ ।আইতাক ঘূৰাই পোৱা যেন লাগে হেনো ।
আজিও ৰাতিপুৱাই উঠি সৰু বাঁহৰ খৰাহী এটাত শেৱালি ফুল বুটলি আনিছে । লগত আমাৰ থুপু ।
:ই কেতিয়া পাবহি ?
:উফ পাবহি ৰ’ব । ফ্লাইট হ’লেও সময় লাগে নহয় ।
অনিৰুদ্ধক নিজেই মাতিছে ককাই । কেইদিনমানৰ পৰা বেংগালুৰৰ মোৰ ঘৰটোৰ ওচৰৰ এখন বিশেষ মিঠাইৰ দোকানৰ পৰা কাজু মাইচুৰ পাক খাবলৈ মন গৈছে । লৈ আনিবলৈ কৈছে । যদিও বাহিৰত দেখুৱাই দিয়া নাই, ককা আৰু থুপুৰ দৰেই মোৰ মনটো ও যে উগুল থুগুল । বাৰে বাৰে ঘড়ী চাইছোঁ । এক বাজিবলৈ এতিয়াও দহ মিনিট ।ফোনটো হাততে ৰাখিছোঁ । এয়াৰপোৰ্টৰ সন্মুখত ৰৈ ৰৈ ভাবি আছোঁ । তেওঁ বাৰু একেই আছে নে সলনি হ’ল ।
হোৱাইট টি চাৰ্টৰ ওপৰত এটা পাতল ডেনিম চাৰ্ট, বুটামকেইটা খোলা, ব্লেক জিনছ পিন্ধি ওলাই আহিছে অনিৰুদ্ধ । একেই আছে । অলপো সলনি হোৱা নাই । মাত্ৰ চুলি খিনি অকণমান আগতকৈ দীঘল হ’ল ।
পিঠিত এটা সৰু বেগ । দেখাৰ লগে লগে দৌৰি আহিল ।
:Missed you like hell.
মানুহৰ মাজতে গাৰ জোৰেৰে সাৱটি ধৰিলে মোক । সৱেই চাইছে । নাই তেওঁৰ ভ্ৰূক্ষেপ নাই ।
:ময়ো বহুত মিছ কৰিলোঁ ।
:You became more beautiful,more like my wife.
কথাবোৰো অলপো সলনি হোৱা নাই । মোৰ হে কিয় জানো তেওঁলৈ অলপ লাজ লগাৰ দৰে লাগিল ।
:তুমি চলাবা ?
:কিয় ? নাজানো বুলি ভাবিছে ? ক্লাছ এইটতে শিকিছিলোঁ যোগেশ দাৰ পৰা । এতিয়া বেছি ভালকৈ পৰা হ’লো ।
গোটেই ৰাস্তাটো অনিৰুদ্ধৰ কথা শেষ নহ’ল । ককা আৰু থুপু বাৰাণ্ডাতে ৰৈয়ে আছিল । সদায় ভিডিঅ’ কলত দেখা ‘অনিমুন’ক সন্মুখত দেখি থুপু দৌৰি আহি কোঁচত উঠিল ।ককাই আথে বেথে নি বহুৱালে । মই কেনেকৈ সৱ কাম চম্ভালি আছোঁ বুজালে । মোৰ গুণ গাবলৈ পালে ককাক একোৱেই নালাগে । মায়ে খোৱাৰ যোগাৰ কৰাত লাগিল ।
:তুমি fresh হৈ লোৱা যোৱা।মাজু, তেওঁক টাৱেল এখন দি দে।
:মো ধুনু খন দিবা দেই ।
থুপুৰ chota bheem অঁকা টাৱেল খন সি এনেই কাকো নিদিয়ে, কিন্তু অনিৰুদ্ধক দিব ।
:তুমি বহুত সলনি হ’লা ।
:মায়ে জোৰ কৰি হ’লেও পাৰ্লাৰলৈ লৈ যায় যে ।
:No I am seriouse.You are happy from inside now.You are glowing.
উত্তৰ নিদিলোঁ । তেওঁৰ ওচৰ চাপি দীঘলকৈ এটা উশাহ টানি লৈছোঁ ।
উফ ।
কিমান যে মিছ কৰিছিলোঁ ‘অনিৰুদ্ধ অনিৰুদ্ধ’ লগা মোৰ এই চিনাকি সুবাস ।
:তিনিমাহ, দহদিন, ১৪ ঘণ্টা আৰু চল্লিছ মিনিট পিছত দেখিছোঁ তোমাক ।
:হিচাপ কৰি আছিল আপুনি ?
:আৰু বহুত হিচাপ বাকী আছে ।
আঁতৰি আহিব খোজতেই তেওঁ টানি নিলে, দৰ্জা খোলা । তলত সৱ বহি আছে ।
যিমানেই এৰাই আহিব খুজিলোঁ, তেওঁ আৰু জোৰেৰে সাৱটি ধৰিলে ।
:থুমি মাক কিয় ধই লৈথা ? মা দুপ পাব । মাজত সুমাই দুয়োটাকে বেলেগ কৰিহে শান্তি তাৰ । :বাপ কা দুচমন !ভোৰভোৰাই অনিৰুদ্ধ বাথৰুমত সোমাল । থুপুক কোলাত লৈ তললৈ নামি আহিলোঁ ।
( আগলৈ )
Note - Next Part Coming Soon
-------------------------------------------------------------------------------------------------------------------------------------------------------

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )