Aabir Love Story Part 5

:I love you Ananya.
পিছফালৰ পৰা মোক দুহাতেৰে সামৰি ল’লে অনিৰুদ্ধই । মোৰ চুলিত মুখ গুজি ভালপোৱাৰ প্ৰকাশ কৰা মানুহজন সঁচা নে ?

Aabir Love Story Part 5

মোক এনেকৈ সামৰি লোৱা মানুহ আছেনে ?
মোক ভালপাওঁ বুলি কোৱাও সহজ নে ?
এইয়া ক্ষন্তেকীয়া আৱেগ নে জীৱনজোৰা সমৰ্পনৰ আৱাহনী সংগীত ?
অনিৰুদ্ধৰ সৱল দুবাহুত চটফটাই উঠিলোঁ মই ।
হঠাৎ তেওঁ কি কৰি পেলালে হয়তো তেওঁ নিজেই নাজানে ।
মই আচৰিত হোৱাই নহয়, অস্থিৰো হৈছোঁ ।
বুকুৰ শুকান শুকান অনুভৱবোৰ তেওঁৰ উশাহৰ উমত গলি গলি মোৰ চকুৱে দি বৈ আহিছে ।
নিৰৱধি ।


শোক এটাই খুন্দা মাৰি ধৰিছে ।
এইবাৰ যে হুকহুকাই কান্দিছো মই, আৰু যিমান জোৰেৰে মই কান্দিছো,সিমানেই সৱল ভাৱে অনিৰুদ্ধই সাৱটি ধৰিছে মোক ।
:Shhh,please Ananya no.
বগা বাংলোৰ অকলশৰীয়া দিনবোৰ, নিজক ঘিণ কৰি দিনটোত দহবাৰকৈ গা ধোৱা সময়বোৰ,থুপুক সাৱটি অকলে কন্দা ৰাতিবোৰ, সকলোবোৰে যেন আজি একেলগে হেঁচা মাৰি ধৰিছে মোক ।
:Leave me… Anirudh… Please


(adsbygoogle = window.adsbygoogle || []).push({});

নাই, এৰি দিয়া নাই মোক, ধৰিয়েই ৰাখিছে । এইবাৰ তেওঁ মোক ঘূৰাই দিলে নিজৰ ফালে । মূৰত হাত ফুৰাই কৈ উঠিল
:এনেকৈ কিয় কান্দিছা অন্যান্য,সকলো ঠিক হৈ যাব, তুমি কৰিবা ঠিক, মই আছোঁ,মই তোমাক হেৰাই যাবলৈ দিব নোৱাৰোঁ ।
:কিয় ??
অনিৰুদ্ধই কিমান বুজিছে মোৰ কথা সেইয়া মই নাজানোঁ, কিন্তু মোক এনেকৈ কোৱা মানুহ ককাৰ পাছত চাগে এইয়াই প্ৰথম ।
বিশ্বাস হোৱা নাই মোৰ ।
অনিৰুদ্ধক সজোৰে ঠেলি আঁতৰাই পঠাইছোঁ ।
মোৰ সোঁহাতখন তেতিয়াও তেওঁৰ হাতৰ মুঠিত ।
:কোনে ক’লে মই হেৰাই যাম বুলি ? কিয় ভাবিছে মই শেষ হৈ যাম বুলি । অনন্যা আছিল,আছে আৰু থাকিব । এবাৰ মৰা মানুহক আকৌ কোনে মাৰিব হা ?? মই অকলেই জীয়াই থাকিম । থাকিব পাৰিম ।
:I am sorry, may be I just got carried away Ananya..



(adsbygoogle = window.adsbygoogle || []).push({});

:Excuse me ! You said you love me because you got carried away ? You hugged me because you got carried away ? Have you lost it Mr. Anirudh ?

তেওঁৰ ওচৰত উত্তৰ নাই । এটি অবোধ শিশুৰ দৰে তলমূৰ কৰি তেওঁ শুনি আছে । আৰু তেওঁক দেখি মোৰ যেন খঙটো আৰু বেছি বাঢ়ি হে গৈছে । সকলোৰে ওপৰত উঠি থকা সীমাহীন খং আজি মই তেওঁৰ ওপৰতে যেন উজাৰি দিম । আৰু তাৰ পাছতহে যেন মই শান্তি পাম । কৈয়ে আছোঁ,মোৰ মুখৰ পৰা ওলোৱা প্ৰতিটো শব্দৰ তীক্ষ্ণ বাণ তেওঁ বুকুপাতি গ্ৰহণ কৰিছে ।
মনে মনে ।
অসহায় ভাৱে ।
ভালপোৱাই মানুহক জানো অসহায় কৰিব পাৰে ?
নে ভালপোৱাৰ অভিনয় কৰা মানুহবোৰে সময়ত উপযুক্ত সংলাপ বিচাৰি নাপাই এনেকৈ অসহায় হোৱাৰ অভিনয় কৰে ।
উফ ।
কিয় যে আহিছিলোঁ মোৰ তেনেকুৱা লাগিছে এই সময়ত ।
:I know men like you very well ! You can only think of one thing.
কৈয়ে আঁতৰি আহিব খুজিলো, কিন্তু এইবাৰ মোৰ সন্মুখত যেন আন এজন অনিৰুদ্ধ ।
চকুত খংবোৰ আঙাঠাৰ দৰে দল দলকৈ জ্বলিছে । তথাপি চাই ৰ’লো পলক নেপেলোৱাকৈ।চকু তল কৰা মানুহ মই নহয় ।

:Dont you dare cross your limit Ananya.



(adsbygoogle = window.adsbygoogle || []).push({});

অনিৰুদ্ধৰ এনে ৰূপ মই দেখা নাই কেতিয়াও । হয়তো মই কোৱা কথাই তেওঁৰ male ego হাৰ্ট কৰিছে ।
বেয়া নহয় ।
হোৱাটো বিচাৰোঁ ।
মোৰ কাম হৈ গৈছে ইতিমধ্যে ।

কথাবোৰ আৰু বেয়ালৈ যোৱাৰ আগতেই তাৰ পৰা আঁতৰি আহিব খুজিলো । কিন্তু মোক আকৌ এবাৰ আচৰিত কৰি মোৰ কঁকালত বাওঁহাতেৰে মেৰিয়াই ধৰি ওচৰ চপাই নিলে অনিৰুদ্ধই।তেওঁৰ বুকুত খুন্দা খাই যোৱাকৈ ।
:What did you say ? Man like ‘This’. You think I am dying to touch you right ?

অনিৰুদ্ধই কথা কোৱা নাই, চিঞঁৰিছে, মোৰ চকুত চকু থৈ । তেওঁৰ উশাহবোৰ ঘন ঘন।লগতে মোৰো ।কিন্তু কিয় জানো তেওঁৰ চকুত মই সঁচা কিবা এটা দেখিলোঁ ।
:কি ভাবিছা তুমি অনন্যা।I am school going teenager ?
I am a thirty year old man do you bloody understand ? I have seen life, hell everything. So what if you have a child, I am not vergin too. Its just that I was careful and didn’t become a father. Put this to your tiny brain, there is much more in this world rather than someone’s verginity.


(adsbygoogle = window.adsbygoogle || []).push({});

অনিৰুদ্ধ ফোঁপাইছে,মন কৰিলোঁ, যদিওবা মই তেওঁৰ ইমান কাষত এতিয়াও ৰৈ আছোঁ তেওঁৰ হাতখন কিন্তু কেতিয়াবাই আঁতৰাই নিছে । অলপ আঁতৰি থিয় হলো । খঙত কি কৈ দিলোঁ তেতিয়া মই নাভাবিলো । কিন্তু এতিয়া মোৰ বেয়া লাগিছে । হয়তো মই তেনেকৈ ক’ব নালাগিছিল । কাঠৰ দলং খনৰ ৰেলিং খনত ধৰি তেওঁ পানী খিনি চাই আছে । একো কোৱা নাই ।
আচলতে কিবা কবলৈ একো বাকীয়েই ৰোৱা নাই । সকলো কোৱা হৈ গৈছে । হয়তো এইয়াই আমাৰ শেষ কথা আছিল ।
হোৱা উচিত ।
আকাশলৈ চালোঁ, আইতাই তেতিয়াও চাই আছে আমাক ।
মোক দেখি আকৌ এবাৰ তিৰবিৰাই উঠিল ।
মই বাৰু অনিৰুদ্ধক ক্ষমা খোজা উচিত নেকি ?
নাই, মই ইমান সৰু হৈ যাব নোৱাৰোঁ ।
তেওঁৰ ফালে চালোঁ, মোৰ ফালে তেতিয়াও ঘূৰি চোৱা নাই ।


এখোজ দুখোজকৈ তাৰপৰা আঁতৰি আহিব ধৰিলোঁ ।
:Ananya, he was my roommate in Delhi.
কাৰ কথা কৈছে অনিৰুদ্ধই ??
বুজিবলৈ বেছি সময় নালাগিল ।
ঠাইতে ৰৈ গলো মই ।
বজ্ৰপাত পৰি যে মাজে মাজে ফালি নিয়ে গছবোৰক, অনিৰুদ্ধৰ কথাষাৰেও মোক তেনেকৈয়ে ফালি নিলে মোক ।
মুহূৰ্ততে যেন ছাই হৈ উৰি গল মোৰ খং, অভিমান, সন্মান,সকলোবোৰ ।
বিকাশৰ আসুৰিক তৃপ্তিৰ ভাগ তাৰমানে অনিৰুদ্ধয়ো লৈছে ?
আৰু সেইবাবেই অনিৰুদ্ধৰ মোৰ প্ৰতি এই অহেতুক আত্মীয়তা !
নে মই সহজেই ধৰা দিম বুলি ভাবি তৰা এখন জাল ।
ধুমুহাৰ গতিৰে আগুৱাই গ’লো অনিৰুদ্ধৰ ফালে, গাৰ সমস্ত জোৰেৰে তেওঁক জোকাৰি দিলোঁ ।
:I hate you Anirudh, I hate you.
বহুত কিবাকিবি কোৱাৰ ইচ্ছা আছিল, কিন্তু নোৱাৰিলোঁ ।

:Ananya, stop. মোক ক’বলৈ দিয়া প্লিজ ।
কৈ গৈছে তেওঁ ।
বিকাশ অনিৰুদ্ধৰ চিনিয়ৰ।দুয়ো একেখন কলেজতে পঢ়িছিল । চাৰিবছৰ একেটা ৰূমতে আছিল ।অসমীয়া শিকিছিল তেতিয়াই । হোষ্টেলৰ সকলোৰে মাজত এতিয়াও ভাল সম্পৰ্ক । কিছুদিন আগতে কথা পাতি সকলো মিলি ফুৰিবলৈ গৈছিল । তাতে নিজৰ পত্নীক লৈ বিকাশো আহিছিল । অনিৰুদ্ধই যেতিয়া অসমৰ ছোৱালী তেওঁৰ টিমত আছে বুলি কয় আৰু মোৰ নাম উল্লেখ কৰে তেতিয়া বিকাশ অস্থিৰ হৈ উঠে মোৰ ফটো চাবলৈ । আৰু তাৰ পাছত ৰাতি অকলে অনিৰুদ্ধক মাতি নি সকলো কথা কয় । বিকাশ হেনো অনুতপ্ত ।
কথাটো শুনাৰ লগে লগে যেন বিকাশৰ সলনি অনিৰুদ্ধকে চৰ মাৰি দিম মোৰ তেনে লাগিল ।
অনুতপ্ত ।
My foot.
:I never knew him well Ananya.



(adsbygoogle = window.adsbygoogle || []).push({});

:
: I left the trip in between and just came here to meet you, trust me, please.Please dont misunderstand, please.
মোৰ সন্মুখত আঁঠু লৈ কি কৈছে অনিৰুদ্ধই সেইয়া শুনাৰ শক্তি মোৰ নাই ।

একো ক’ব পৰা হৈ থকা নাই মই । অনিৰুদ্ধক সেই ঠাইতে এৰি মই খোজ ললো, জীৱনৰ নতুন প্ৰত্যাহ্বান ।

অনন্যাৰ মৃত্যু যেন সমাগত ।

( আগলৈ )


(adsbygoogle = window.adsbygoogle || []).push({});

——————————————————————————————————————————————————-

Indranee


Published by Indranee Sharma

Leave a Comment