Abir Love Story 35 | Published by Indranee Sharma | Love Story

:তুমি এবাৰ তেওঁক লগ কৰি লোৱা,প্লিজ ।
মা আচৰিত হ’ল।
:কাক ?
:অথনি যে ফটো..মানে এলবামত যে
:চুপ,একদম চুপ । এইবোৰ ধেমালি বুলি ভাবিছ নেকি মাজু । তোৰ এই যি মন যায় যেতিয়াই মন যায় কৈ দিয়া, কৰি দিয়া স্বভাৱটো এৰ ।
:নেৰোঁ, কিয় এৰিম । তুমি জানো নিজৰ জেদ এৰিছা ? সলাব পৰিছা নিজকে ? দেউতাক ভাল পাব পাৰিছা ? ভাল বোৱাৰী, ভাল মা, ভাল পত্নী হোৱাৰ অভিনয় কৰিব পাৰিছা ? নাই পৰা । সৱেই নোৱাৰে । অন্ততঃ তোমাৰ মোৰ দৰে মানুহে কেতিয়াও নোৱাৰে ।

Abir Love Story

Read more

Abir Love Story 34 | Published by Indranee Sharma | Love Story

তেওঁৰ চুলিৰপৰা এটোপাল পানী টুপকৈ মোৰ গালতে পৰিল । বডী ৱাছৰ সতেজ সুগন্ধি বিয়পি পৰিল মোৰ ভিতৰলৈকে ।
বহুত বেছি দিনো হোৱা নাই তথাপিও যেন এটা যুগৰ মূৰত মই আকৌ লগ পাইছোঁ তেওঁক ।
:I missed you to Anirudh.
হঠাৎ তেওঁৰ পিঠিত থকা মোৰ হাতখনৰ ওপৰত কোমল স্পৰ্শ এটা অনুভৱ কৰিলোঁ । নিজৰ সৰু হাতখনেৰে থুপুৱেও আঁকোৱালি ল’ব জানিছে অনিৰুদ্ধক ।
অলপ পাছত আৰু এটোপাল পানী পৰিল । চেঁচা নাছিল,চকুপানীৰ কুহুমীয়া পৰশ ।
মূৰ তুলি চালো, তেওঁৰ ধুনীয়া চকু দুটা উপচি আছে । মই কিবা কোৱাৰ আগতেই
:থুমি কেনে কানিছা ?

Abir Love Story 33 | Published by Indranee Sharma | Love Story

:Am not crying buddy.Come !
ভিতৰলৈ সোমাই গ’লো ।
:বহা । মই আহি আছো ৰ’বা ।

Read more

Abir Love Story 33 | Published by Indranee Sharma | Love Story

চকুৱে চকুৱেই বহুখিনি কথা কোৱা হৈ গৈছিল । তেওঁ কাষ চাপি নাহিল । মাৰ আগত মোক অসহজ নকৰিলে ।
:তুমি মাই-ই হয় ?
থুপুৱে মোক শেষবাৰৰ বাবে দেখোঁতে ফুটা নুফুটা মাতেৰে মাই বুলি মাতিবলৈ শিকাইছিল বায়ে । তাৰ চাগে মনত আছে  ।
:কেব পাম নে ইয়াতে ?

Abir Love Story 32

মায়ে কথাটো সলাবলৈ চেষ্টা কৰিলে । থুপুৰ মুখখন ভালকৈ চাইছোঁ । কিবা এটা যেন এতিয়াই ফুটি উঠিছে তাৰ মুখত । কোনে কয় সৰু ল’ৰা ছোৱালীয়ে কথা বুজি নাপায় বুলি ?
বুজে । সকলো বুজে সিহঁতে । মৰমৰ স্পৰ্শ,আদৰৰ মাত,অৱহেলাৰ ভাত..সকলো বুজে সিহঁতে । বাৰ শাহুৱেকৰ লগত সি কেনেকৈ আছিল ইমানদিনে সেইয়া ভাৱি আকৌ এবাৰ কঁপি উঠিলোঁ মই । বেছি জোৰেৰে সাৱটি ধৰিলোঁ তাক ।
মোক আচৰিত কৰি সি ও মোক মেৰিয়াই ধৰিলে । কান্ধতে মূৰটো পেলাই দিলে ।
OLA Zone ত গৈ কেবত উঠিলোঁ । তিনিটা বেগ । তাৰে আটাইতকৈ ডাঙৰটো বেগ থুপুৰ । মায়ে সকলো নতুনকৈ কিনি আনিছে ।
:তৰা, তই আগত বহ ।

(adsbygoogle = window.adsbygoogle || []).push({});

Read more

Abir Love Story 32 | Published by Indranee Sharma | Love Story

ক্লান্ত সময়
উন্মুক্ত বতাহ
ৰুগ্ন হৃদয়
ৰাঙলী আকাশ……..

Abir Love Story 31 | Published by Indranee Sharma | Love Story

ভাগৰ লাগিছে মোৰ । ভীষণ ভাগৰ । যি ভাগৰে হাড়লৈকে বিষন্নতা সিঁচি দিব পাৰে ঠিক তেনেকুৱা এটা ভাগৰে হেঁচা মাৰি ধৰিছে । ককাই গা ধুই সন্ধিয়াৰ প্ৰাৰ্থনা কৰিছে । ধূপ আৰু ধুনাৰ গোন্ধ মোৰ সৰু ঘৰটোত বিয়পি পৰিছে । আজিৰ এই সুগন্ধিয়ে কিয় নাজানো মোৰ বাবে বগা বাংলোৰ দিনবোৰৰ দৰে বিষ এটাহে লৈ আনিছে । নিয়মমাফিক মই ককাৰ বাবে গাখীৰত অ’টচ সিজাইছোঁ । খাবলৈ দিওঁতে ককাই কিবা ক’ব খুজিছিল ।
আঁতৰি আহিলোঁ । বেলকনিত বহি চিগাৰেট জলাইছোঁ বহুতদিনৰ মূৰত । মগজুৰ সন্তুলন প্ৰায় হেৰাই গৈছে আজি । অনিৰুদ্ধৰ সেমেকা চকুযোৰ আৰু উদাস চেহেৰাটো বাৰে বাৰে মনত ভাহি উঠিছে ।
চিগাৰেট টো দলিয়াই ককাৰ ওচৰলৈ আহিলোঁ ।
বিছনাত ওপৰলৈ মূৰ কৰি পৰি আছে ককা,গভীৰ চিন্তাত মগ্ন ।
:কিয় কৰিলা তেনেকুৱা ?
:কি কৰিলোঁ ?

(adsbygoogle = window.adsbygoogle || []).push({});

Read more

Abir Love Story 31 | Published by Indranee Sharma | Love Story

সুখবোৰ উপচি পৰিছে প্ৰথমবাৰৰ কাৰণে । থুপুক কাষতে পাম,চুই চাব পাৰিম,সাৱটি ৰাখিব পাৰিম ।
ইয়াতকৈ বেছি কিবা জানো বিচাৰিছিলোঁ । 
জীৱনত প্ৰথমবাৰৰ বাবে ইমানবোৰ ভাল লগা একেলগে । মন কৰিলোঁ,মই দুখতেই নহয়, সুখতো কথা ক’ব নোৱাৰোঁ । ককা আৰু আয়ুয়ে ইমান কথা কৈছে,মই একোৱেই শুনা নাই,ক’বও পৰা নাই । অলপ দেৰিৰ পাছত কলিং বেল বাজিল । আয়ুয়ে দৰ্জাখন খুলি দিলে ।
একেবাৰে পাতল গুলপীয়া ৰঙৰ চাৰ্ট আৰু ব্লেক কালাৰৰ পেণ্ট পিন্ধি মুখত এমুকুৰা হাঁহি লৈ সোমাই আহিছে তেওঁ ।

Abir Love Story 30 | Published by Indranee Sharma | Love Story

বুকুখন জুৰ পৰি যোৱা প্ৰশান্তিৰ এজাক বতাহ লৈ ।
চাই ৰৈছোঁ মাথোঁ । মন গৈছিল, সাৱটি লৈ কৈ যাম মোৰ সুখৰ কথা, দি যাম মোৰ প্ৰাপ্তিৰ বতৰা ।
তেওঁ ককাৰ ভৰি চুই সেৱা কৰিলে । এইটো তেওঁলোকৰ ফালে প্রচলিত নিয়ম । যেতিয়াই লগ পাই ডাঙৰক এনেকৈয়ে সন্মান দিয়ে ।
:মই অহাৰ দিনা ইমান সহায় কৰিলা, আজি এসাঁজ খুৱাইহে ভাল লাগিব মোৰ ।
তেওঁ মোৰ ফালে ফলমূলৰ টোপোলা এটা আগবঢ়াই দিলে । ককাৰ কাৰণে ।
আয়ুয়ে তাৰ পৰাই আপেল এটা উলিয়াই খাবলৈ লাগিল,ধোৱা মেলাৰ নিয়ম নাই ।

(adsbygoogle = window.adsbygoogle || []).push({});

আলপদেৰিৰ পাছত গোটেইবোৰ একেলগে খাবলৈ বহিলো । ককা আৰু মই খাব পৰা সৰু টেবুলখনত সবলৈকে নোজোৰে । ককাক ভালকৈ দি আমি হাতে হাতেই লৈছোঁ । অনিৰুদ্ধই নিৰামিষ খায় ।ধনীয়া,নেমুটেঙা আৰু বিলাহী দিয়া মছুৰ দাইল,হিবাই বনোৱা ছাহি পনীৰ, আয়ু আৰু ককাই মিলি বনোৱা আলুৰ পিটিকা,দৈ দি বনোৱা পটলৰ তৰকাৰী,ভেন্দীৰ শুকান ভাজি আৰু তৰাই দি পঠোৱা আচাৰৰ সৈতে একেবাৰেই সাধাৰণ এসাঁজ ভাত । মই বেছি একো ৰান্ধিবও নাজানো । হিবাই মাংসও বনাব লগীয়া হৈছে, কিমান কৰিব তাই । swiggy কৰি গোলাব জামুন আৰু আইচক্ৰীম অৰ্ডাৰ কৰিলোঁ।বছ সিমানেই ।
সৱকে খাবলৈ দি নিজেও বহিলো ।
:Can I have a spoon, please ?
:কি ????
মই ককা আয়ু তিনিওটাই চিঞৰ মাৰিয়েই দিয়াৰ দৰে হ’ল । চামুচ দি আকৌ কোনে ভাত খায়  !
:তই শেষ জাপৰী, ভাল হ’ল আৰু…
:চুপ,একদম চুপ ।
হিবাই চামুচ এখন আনি অনিৰুদ্ধক দিলে ।
আচলতে আমি হাতেৰে খোৱাটো হে তেওঁৰ কাৰণে ডাঙৰ কথা আছিল ।
:এই হেৰি নহয় অনিৰুদ্ধ,ইয়াত ভাল চাই ফ্লেট এটা লওঁ বুলি ভাবিছোঁ, ক’ত কেনেকৈ কি কৰিব লাগিব ।
ককাৰ কথাত মোৰ লগতে অনিৰুদ্ধ ও আচৰিত হ’ল ।
:আপোনাক কিমান মান বাজেটৰ ভিতৰত লাগে ?
:তেনেকুৱা কথা নাই,ঠাইখন ভাল আৰু অলপ সেউজীয়া পৰিবেশ হ’লেই হ’ব ।
অনিৰুদ্ধই মোৰ ফালে চালে,অলপ সন্দেহ দেখিলো মই ।
:নহয় মানে লোণৰ কাৰণে সুধিলোঁ, অনন্যাই কিমান পাব এতিয়া..
:তাই একো কৰিব নালাগে,মই কৰিম নহয় ।
:ককা বহুত ধনী আছে, গোটেইটো cash দি পেলাই লৈ ল’ব ন ককা ।
আয়ুয়ে টেপেচ কে মাত মাতিলে ।
:আপুনি চাৰ্ভিছ কৰিছিল ?

(adsbygoogle = window.adsbygoogle || []).push({});

Read more

Abir Love Story 30 | Published by Indranee Sharma | Love Story

:শুইছিলা নেকি ?
:নাই, ককাৰ লগত কথা পাতি আছিলোঁ, এইমাত্ৰ নিজৰ বিচনালে আহিছোঁ, আপুনি শোৱা নাই ?
:ওহোঁ  ।
:কিয় ?
:Was reading something.
:কি পঢ়ি আছে ?
:The Art of Thinking Clearly,its a good read.
:উম, পঢ়িছোঁ ।
:তোমাক কেতিয়াও সোধা নাই,তোমাৰ প্রিয় কিতাপ ?
:War and peace.
:And why ?

Abir Love Story 30 | Published by Indranee Sharma | Love Story

Read more

Abir Love Story 29 | Published by Indranee Sharma | Love Story

এখন নতুন ৰুটিন লৈ দিনবোৰ পাৰ হৈছে মোৰ । ককাৰ সৈতে আজি পোন্ধৰ দিন পাৰ হ’ল । ৰাতিপুৱা চাৰে পাঁচ বজাত উঠিবই লাগে । ঘৰ সৰা মচা কৰিবলৈ মানুহ এগৰাকী ছয় বজাত আহে । তেওঁ সেইবোৰ কৰে মানে মই ৰাতিপুৱা আৰু দুপৰীয়াৰ খোৱা যোগাৰ কৰোঁ । ককাই উঠি অলপ তলতে খোজ কাঢ়ি আহেগৈ । মই কেতিয়াবা লগত যাব পাৰোঁ, কেতিয়াবা নোৱাৰোঁ । দুপৰীয়াৰ কাৰণে দাইল ভাত ভাজি বনাই হটকেছত ভৰাই থৈ যাওঁ । যোৱা সপ্তাহত ফ্ৰীজ এটা কিনি আনিলোঁ । একেবাৰে সৰু ।ককাই ডাঙৰ এটা কিনিব খুজিছিল কিন্তু ঘৰটো চাই সৰু এটাকে কিনিলোঁ । ফলমূল অলপ সৰহকৈ আনি থওঁ । টি ভি টো কিনোতেও ঢেৰ তৰ্ক বিতৰ্ক । ককাই আয়ুৰ সৈতে গৈ কিনি আনিলে । মোক লগত নিলে বৰ চিকতামি কৰোঁ বুলি ঘৰতে থৈ গ’ল । আনি ফিটিং কৰি আয়ুৰ সৈতে বাহুৱলীও চালে ।কাটাপ্পা হেনো দেখিবলৈ দেউতাৰ লগৰ কোনোবা মানুহ এজনৰ নিচিনা । কেতিয়াবা এনেকুৱা লাগে,ককাই যেন বগা বাংলোত কৰিব নোৱাৰা কামবোৰ মন খুলি ইয়াত কৰিব বিচাৰে । সৰু বেলকনিটোৰ এটাকোণ বাছি লৈছে খেতি কৰিবলৈ । ধনীয়া, বিলাহী, পদিনা এইবোৰ । তুলসী এজোপাও ৰুইছে । ইতিমধ্যে দুজন নিজৰ বয়সৰ মানুহৰ লগত চিনাকিও হৈছে । ককাই ধুনীয়াকৈ হিন্দী ইংৰাজী ক’ব পাৰে । মই নিজৰ ফালৰপৰা ফোন এটা কিনি দিলোঁ । এদিনত এটাকৈ app বোৰ ব্যৱহাৰ কৰিবলৈ শিকাইছোঁ । লাহে লাহে পাৰিছেগৈ । ভাগৰি পৰিলেও ভাল পাইছোঁ এই ব্যস্ততা । মই ঘূৰি অহা দেৰি হ’লে ককাই টিভিৰ সন্মুখতে বহি পাচলি কাটে । মানা কৰিলেও নুশুনে । কৰিবই । এতিয়া লাগি আছে তৰা নাইবা বাহদূৰক লৈ আনিব । ডাঙৰ ঘৰ এটা ল’ব । কাজিয়াও হয় মোৰ লগত । গপ পাতি মুখ খন ফুলাই থাকে । আকৌ ইউটিবত কিবা এটা হাঁহি উঠা ভিডিঅ’ উলিয়াই ফুচুলাব লগীয়া হয় ।  চলি আছে এনেকৈ,ধুনীয়া ধুনীয়া অনুভৱ আৰু আদৰুৱা আৱেগেৰে ভৰপূৰ দিনবোৰ ।
মই সুখী,ৰ’দে জানে সেই কথা ।
মই সুখী ,বৰষুণেও শুনে সেই কথা ।

abir

(adsbygoogle = window.adsbygoogle || []).push({});

কিন্তু…
এজন মানুহ অলপ অসুখী,কাৰণ মোৰ সময়বোৰ এখন কটকটীয়া ৰুটিনত বান্ধ খাই পৰিছে । তেওঁৰ বাবে যেন মই অলপো সময় উলিয়াব পৰা নাই । গধূলি মই সুৰেশক কৈ ছয় বজাত ওলাই আহোঁ । সাত বজাৰ মিটিং খন ঘৰৰপৰাই জইন কৰোঁ । এনেও মোৰ বিশেষ ক’বলগীয়া নাথাকে । সুভাষিণী যোৱাৰ পাছত তেওঁৰ কামবোৰ যদিও মই কৰোঁ অমৃতে সেইয়া মনিটৰ কৰে,code review কৰে আৰু কিবা সুধিবলগীয়া হ’লে মিটিঙত তেওঁৱেই সুধে । অনিৰুদ্ধৰ মাত্ৰ দহদিন সময় বাকী আছেগৈ,তাৰ পিছত তেওঁ বেলেগ এটা প্ৰজেক্ট জইন কৰিব । আমাৰ তলৰ ফ্ল’ৰটোতে থাকিব বুলি গম পালোঁ । কিন্তু প্ৰথম এমাহৰ ট্ৰেইনিং তেওঁ হায়দৰাবাদত ল’বগৈ লাগিব । কথাটো তেওঁ মোক শুনাই থাকে, সেইদিনা অলপ কাজিয়াৰ দৰেও হ’ল,কিন্তু মোৰ উপায় নাই । দিনৰ দিনটো অকলে থকা ককাক মই ৰাতি ন দহ বজালৈকে অকলে ৰাখিবলৈ ভাল নাপাওঁ ।

(adsbygoogle = window.adsbygoogle || []).push({});

ৰাতিও ককাই খুব কথা পাতে মোৰ লগত । সদায় শোৱা দেৰি হয় । ককাৰ পুৰণা দিনৰ কথা,আইতাৰ কথা,ককাৰ ব্যৱসায়ৰ উত্থান পতনৰ কথা, সৱ কয়।কেতিয়াবা মোক ককাৰ ওচৰতে শুবলৈ কয় ।  আৰু এইবোৰৰ মাজত মোৰ অনিৰুদ্ধৰ লগত কথা পতাই নহয় ।

আজিও অফিচলৈ ওলাই ককাৰ খোৱাৰ যোগাৰ খিনি কৰি খৰধৰকৈ কাপোৰ কেইটা সলাই লওঁ বুলি লৈ দেখোঁ ককাই তলত কাৰোবাৰ লগত কথা পাতি আছে,বটল গ্ৰীণ কালাৰৰ টি ছাৰ্ট আৰু ব্লেক জিনছৰ সৈতে মানুহজন চিনি পাবলৈ মোৰ দিগদাৰ নহ’ল । কিন্তু এই অফিচৰ সময়ত অনিৰুদ্ধই ইয়াত কি কৰি আছে?আজি শুকুৰবাৰ । সেইবাবে চাগে কেজুৱেল পিন্ধি অফিচ আহিছে । কিন্তু ইমান বেছি কেজুৱেল?
আহ, আৰু ভাবি নাথাকোঁ ।

পিন্ধিবলৈ কাপোৰ ঢেৰ এতিয়া মোৰ । সেইয়াও ককাৰ কাৰণেই হৈছে । ভালকৈ কাপোৰ কানি নিপিন্ধ বুলি কিমান গালি দিলে । পুৰণা চোলা পিন্ধি যোৱা কাৰণে, মদৰুৱা ৰঙৰ কাপোৰ কিনাৰ কাৰণে,সৱ ক’লা ৰঙৰ কাপোৰ গোটোৱা বাবে । যোৱা দেওবাৰে কিনি অনা মেৰুণ কালাৰৰ টপটো আৰু ব্লু জিনছটোকে পিন্ধিলোঁ ।এইটো ককাই পছন্দ কৰি কিনি দিয়া । মোৰো ভাল লাগে । জোতাযোৰ পিন্ধি বেগটো লৈ ওলাই আহিলোঁ ।

:এওঁ বোলে এইফালে ক’ৰবাত থাকিলে কালি । লগৰ ল’ৰাৰ লগত । এ তিয়া যাওঁতে মোক মাতষাৰ দি গৈছে ।ভাল পালো দেই ।

কিমান মিছলীয়া মানুহ অ’ ।

বুঢ়া মানুহজনক অজলা পাই ঠগিছে চা ।
মোক দেখি চকুকেইটা টিপিয়াই হাঁহি দিলে ।
:এইটো পিন্ধিলি, ধুনীয়া লাগিছে । মোৰ পছন্দ যে ।
ককাই গালখন মোহাৰি দিলে ।
:হাই অনন্যা ।
:হাই ।
:ককা,এইটো ছাবি, তুমি ভাত খোৱাৰ অলপ আগতে দৈ খিনি ফ্ৰীজৰ পৰা উলিয়াই ৰাখিবা । ঠাণ্ডা কে নাখাবা ।
:হ’ব হ’ব।যা যা ।  অহ হেৰি নহয়, এওঁক দেওবাৰে ভাতকেইটা ইয়াতে খাবলৈ কৈছোঁ, তোৰ দিগদাৰ হ’ব নেকি ?

(adsbygoogle = window.adsbygoogle || []).push({});

অনিৰুদ্ধৰ মুখলৈ চালোঁ ।
না কোৱাৰ ইচ্ছা নহ’ল ।
ককা আঁতৰি গ’ল । দুয়ো আগবাঢ়িলোঁ, মই ইতিমধ্যে কেব বুক কৰিছিলোঁ । পাঁচ মিনিটত পাবহি ।
:Whats this ?
:what ?
:ইমান ৰাতিপুৱাই ইয়াত কি কৰি আছে আপুনি ?
:You are not going to office today.
: Tell me a better joke.
:I miss you Ananya.. can’t you just understand that ?
:মই ছুটি ল’ব নোৱাৰোঁ অনিৰুদ্ধ । আমি দুয়োটাই এনেকৈ ছুটি ল’লে সৱেই কি ভাবিব অফিচত । এনেই কম gossip হৈ আছে নেকি ?
তেওঁ মনে মনে থাকিল । হয়তো বুজিও পালে ।
:okay ,you go.
:আপুনি নাযায় ?
:মই অলৰেডি ছুটি ল’লো । আজি এনেই থাকিম । মুভি চাম,গেম খেলিম । You carry on.
মোৰ উত্তৰলৈ অপেক্ষা নকৰি তেওঁ গাড়ী লৈ আগবাঢ়িল । মোক আৰু একো কোৱাৰ সুযোগেই নিদিলে ।
মুখ খন ফুলি থাকিব এতিয়া ।

কাম অলপ বেছি আছিল আজি । লাঞ্চ কৰা নহ’ল ।তিনিটা বজাতহে খাব পাৰিছোঁ । তেওঁলৈ মেছেজ কৰিলোঁ । seen কৰি থৈ দিলে । মনটো বেয়া লাগিল ।ডেস্কলৈ আহিও মন নবহিল । পাঁচটা মান বজাত বেগটো লৈ ওলাই আহিলোঁ । টিমৰ সৱ বেডমিণ্টন খেলিবলৈ গৈছে । শুকুৰবাৰে কেতিয়াবা যায় এনেকৈ । ওচৰৰ indoor stadium খনত এঘণ্টা খেলি আহে । আজিও গৈছে । মই সদায় নিচিনাকৈ আজিও নাইযোৱা । সুৰেশক ঘৰৰ পৰা আকৌ connect কৰিম বুলি ওলাই গুচি আহিলোঁ ।

বহুত ভাবি তেওঁলৈ ফোন কৰিলোঁ ।
:কি হ’ল ?
:ইমান খং ?
:কাৰ ?
:Anyway,wana come to my home for tea ?
:No. You come here.
:What, no way.
:Okay.
:বেছি অলপ । :তুমি কম নে কি ?
:উফ ।
:উফ নহয় । Come here, say sorry, give me a hug.After that I will think about the invitation.
:Okay cool, keep daydreaming.

ফোনটো থৈ কেব বুক কৰিলোঁ, আৰু এবাৰো নভবাকৈ তেওঁৰ ঘৰৰ এড্ৰেচটো ড্ৰপ লকেচনত দি দিলোঁ । বুকুখন ধপধপাই উঠিল । ভয় নহয়, অলপ লাজ । এনেতো নহয় যে, প্ৰথমবাৰৰ বাবে আহিছোঁ তেওঁৰ ঘৰলৈ । কিয় ইমান নাৰ্ভাচ ফিল কৰিছোঁ নাজানো । আধা ঘণ্টাতকৈ বেছি সমলা

তেওঁৰ ঘৰৰ সন্মুখত ৰৈ চিকিউৰিটিক গৈ তেওঁৰ ফ্লেট নম্বৰ কওঁতেই তেওঁ গম পালে । লগে লগেই ফোন বাজিল ।
কাটি দিলোঁ ।
ওপৰলৈ উঠি যাওঁতেও ফোন বাজিয়েই আছে ।
আৰু লিফটখন খুলি প্ৰাণখোলা হাঁহিৰে সৈতে অনিৰুদ্ধকে থিয় হৈ থকা দেখিলোঁ ।
:Happy now ?
:Yeah.Very much.
:ভিতৰলৈ নাহা ?
:ককা ৰৈ আছে, ট্ৰেফিক বেছি হ’লে দেৰি হৈ যাব ।আপুনি লগ পাব খুজিছিল কাৰণে আহিলোঁ ।
:মই আৰু কিবা এটা কৈছিলোঁ ।
:মই নুশুনিলোঁ ।
তেওঁ ভিতৰলৈ সোমাই গ’ল । মই দৰ্জা মুখতে ৰৈ আছোঁ ।অলপ পিছত কোনোবাই টানি নিয়াৰ দৰে লাগিল ।
আৰু কিবা বুজি পোৱাৰ আগতেই তেওঁৰ ঘৰৰ মেইন দুৱাৰখনত মই নিজকে আউজি থকা পালোঁ । চকুৰ সন্মুখত অনিৰুদ্ধ । এইমাত্ৰ মাৰি অহা body mist ৰ সুগন্ধি উশাহত বিয়পি পৰিছে ।
:I missed you so much.
:ককা ৰৈ আছে … দেৰি হৈ যাব.. ইমান ট্ৰেফিক..
:You speak at wrong times..
ওঁঠ দুটা কেতিয়া তেওঁৰ ওঁঠত বন্দী হ’ল ধৰিবই নোৱাৰিলোঁ ।
ৰৈ ৰৈ বৈ আহিল আবেগ অভিমান খং মিশ্ৰিত মৰমৰ নৈ ।:

I missed you this much…!

:Hmm

(adsbygoogle = window.adsbygoogle || []).push({});

ইয়াতকৈ বেছি কি ক’ব পাৰিম মই ?

:Let’s go..

ঘূৰি আহোঁতে মোৰ গালখন ৰঙা, তেওঁ মোক তলতে নমাই থৈ গুচি গ’ল । ককাই নিজে মাতিছে যেতিয়া এনেকৈ আহি আমনি নকৰে তেওঁ ।
:মই মা পাপাক তোমাৰ কথা কৈছোঁ ।
:কিয় ?
:সদায় বিয়াৰ কথা কৈ থাকে কাৰণে ।
:মোক নুসুধাকৈ ?
:তুমি না ক’বা বুলি জানোৱেই যে । সেইকাৰণে কৈছোঁ মাক,এইটো জনমত নহ’বও পাৰে।
হাঁহি দিলোঁ ।
ঠিকেই কৈছে ।
মোৰ কথা খুব ভালকৈ জানে ।
দুগুণ ভালপোৱা বুকুত উপচাই আঁতৰি গ’ল তেওঁ ।

( আগলৈ )

Abir Love Story

Read more

Abir Love Story 28 | Published by Indranee Sharma | Love Story

অনিৰুদ্ধই উত্তৰলৈ বাট নাচালে । বেগটো হাতৰপৰা লৈ গাড়ীখনৰ ফালে আগবাঢ়িল । সন্মুখৰ দৰ্জাখন খুলি ককাক বহিবলৈ দিলে । আয়ু আৰু মই পিছফালে বহিলো । ভাগৰ লাগিছে এতিয়া । আয়ুয়ে তেতিয়াও ককাৰ লগত কিবাকিবি পাতিয়েই আছে । অনিৰুদ্ধ মনে মনে আছে।মাজতে ককাই সুধিলে
:তুমিও অসমৰে নেকি ?
:নহয় ককা, কিন্তু অসমীয়া জানো অলপ অলপ ।
:কেনেকৈ ?
তেওঁ অলপ হাউলি মোৰ ফালে চালে ।

(adsbygoogle = window.adsbygoogle || []).push({});

:কলেজত মোৰ ৰূমমেট অসমৰ আছিল । তেনেকৈয়ে অলপ শিকিছিলোঁ । এতিয়া আৰু বেছি শিকিছোঁ ।
:ঘৰ ক’ত তোমাৰ ?
:মধ্য প্ৰদেশ,ইণ্ড’ৰত ।
তাৰ পাছত আকৌ ককা আৰু আয়ুৰ শেষ নোহোৱা কথা আৰম্ভ হৈ গ’ল । ককা আগতে আহিছে ইয়ালৈ । এবাৰ দুবাৰ নহয় বহুতবাৰ । Assam Tea Board ৰ ফালৰপৰা, আইতাক লৈ কন্যাকুমাৰীকে আদি কৰি গোটেই দক্ষিণ ভাৰত ভ্ৰমণ কৰোঁতে, আৰু এতিয়া মোৰ লগত । আয়ুৰ লগত আকৌ ফুৰিব ককা । তাকেই প্লেন কৰিছে ।
মই ফোনটো উলিয়াই মেছেজ এটা লিখি send কৰিব পৰা নাই । ৰৈ গৈছোঁ বাৰে বাৰে । কথাবোৰ আচলতে ইমান সহজো নহয় মোৰ বাবে । মানুহজনীয়ে চাগে এতিয়াও ৰূমৰ দুৱাৰ বন্ধ কৰি কান্দি আছে । নাইবা চাদৰ ওপৰত অকলে বহি উচুপি আছে । মানুহজনীৰ মাজত ইমান শূন্যতা আছে যে তেওঁ বস্তুবাদী হৈও সেইয়া ঢাকিব নোৱাৰে । চেষ্টা কৰিছিল বহুত।নতুন বেগ, নতুন কাপোৰ, নতুন ছেণ্ডেল এইবিলাকৰ মাজত নিজকে বিলাই দিছিল,কিন্তু নোৱাৰিলে, সকলোৱে আচলতে নোৱাৰে ।

Abir Love Story 27 | Published by Indranee Sharma | Love Story

ফোনটো হাততে বাজিল ।
মা !
:হেল্ল’ !
:কেতিয়া পালিগৈ ?
:নাইপোৱাহি এতিয়াও, গৈ আছোঁ ।
মাত টো ভঙা।কিয় সেইয়া মই জানো ।
:বহুত দেৰি হ’ল,এতিয়া গৈ আকৌ ভাত ৰান্ধিবলৈ সময় আছেনে ?
:ককাক বাহিৰত খুৱাব নোৱাৰোঁ, বনাম কিবা এটা ।
:শুনচোন।
:কোৱা ।
:ককাই গৰম গাখীৰ অকণ আৰু কল দি ভাত খাই ভাল পায় । তেনেকৈয়ে দিবি আজি । তই কিবা এটা খাই শুই থাকিবি।
:হ’ব । তুমি ভাত খালা ?
:উম ।
মই জানো, একো নাইখোৱা তেওঁ । নোৱাৰে খাব । বুকুত সোপা মাৰি ধৰা বেজাৰৰ বুজা লৈ ভাত গিলিব নোৱাৰে মানুহে । খুন্দা মাৰি ধৰে, উকালি আহে, উশাহ বন্ধ হৈ যায় ।
মোৰ লগতো হয় ।
:মাজু ।
:হমম ।
:আকৌ ফোন কৰিব পাৰিম নে তোক ?
:হ’ব।মই কৰিম ।
কাটি দিলোঁ, আৰু কথা পাতিব নোৱাৰোঁ । গাড়ীৰ গ্লাছ খুলি দিছোঁ । মোৰো যেন উশাহ বন্ধ হৈ যাব এতিয়া । অনিৰুদ্ধই মিৰ’ৰ খনত চাই আছে মোক । বুজি পাইছে কিবা এটা হৈছে, কিন্তু সুধিব পৰা নাই ।
আমাৰ প্ৰতিটো কথা বুজি পোৱা মানুহ কিছুমান থাকে, যি আঁতৰি থাকিও ভিতৰখন দেখি থাকে ।


(adsbygoogle = window.adsbygoogle || []).push({});


(adsbygoogle = window.adsbygoogle || []).push({});

ঘৰ পাওঁতে দহটা বাজি গ’ল । আয়ুয়ে বেগবোৰ নমাইছে । ককাই ঠাইখন দেখি ভালেই পাইছে । বেগবোৰ নমাই হোৱাত অনিৰুদ্ধ তাৰপৰাই উভতি যাব খুজিলে ।
:এনেকৈ নাযাবা ৰ’বা।চাহ একাপ খাই যোৱা ।
অসমৰ মানুহ,শুদা মুখে কোনেও কাকো কেতিয়াও নপঠিয়াই । অনিৰুদ্ধই মোৰ ফালে চালে । ইফালে ঘৰত গাখীৰ নাই ।শাক পাচলিও নাই । ককাই কৈয়ে দিলে যেতিয়া উপায় নাই । বিল্ডিঙৰ সন্মুখৰ গ্ৰচেৰী দোকানখন এতিয়াও খোলা আছে বুলিহে বাচিছো ।
:আয়ু, শুনচোন ।

Also Check:  Fino Payment Bank Passbook Download

 
তাক মাতি গাখীৰ,বিস্কুটৰ পেকেট আৰু মেগী আনিবলৈ দিলোঁ । লগতে ঘিঁউৰ বটল আৰু এতিয়াৰ কাৰণে হোৱাকৈ এক কেজি চাউল । বাকী সৱ মই অনলাইন অৰ্ডাৰ দিলে ৰাতিপুৱা পাই যাম । দোকানখনৰ আগফালে ফলমূল অলপো দেখিলোঁ।তাক কল দুটামানো আনিবলৈ দিলোঁ ।
:পাঁচ শ দিছোঁ, বাকী কেইটা ঘূৰাই দিবি ।
:ইমান চিকটি অ’ এইজনী ।
সেইটো ভোৰভোৰাই দোকানৰ ফালে আগবাঢ়িল । অনিৰুদ্ধই দুফালে দুটা বেগ লৈ ৰৈ আছে।মই মোৰ নিজৰ বেগ আৰু ককাৰ হাতত ধৰি চিৰিৰ ফালে আগবাঢ়িলোঁ ।
দৰ্জাখন খুলি লাইটবোৰ জ্বলাই দিওঁতে দুদিন আগৰ নিশাটোৰ স্মৃতিয়ে আমাৰ দুয়োকে জোকাৰি গ’ল । অনিৰুদ্ধই মোলৈকে চাই আছে ।
:কৃষ্ণ প্ৰভু । ভালে কুশলে যে পোৱাই দিলাহি । বৰ ধুনীয়া ঘৰ অ’ গোসাঁনী । একদম জোখৰ ঘৰ ।
বগা বাংলোৰ ড্ৰয়িং ৰূমটো মোৰ এই ঘৰটোতকৈ ডাঙৰ । তথাপিও ককাই যে মোৰ মনটো ভাল লগাবলৈকে তেনেকৈ কৈছে মই বুজি পাইছোঁ ।
:তুমি বহা আকৌ ।
বেতৰ সৰু চকী খন অনিৰুদ্ধৰ ফালে আগবঢ়াই দিলে নিজেই ।
:মই পিছে গা ধুইহে পানী দুনী খাম দেই মাজনী । এইটো নেকি মোৰ ৰূম ?
:এটাই বেডৰূম ককা । তোমাৰেই । মই ইয়াতকৈ বেছি একো কৰিব নোৱাৰিলোঁ ।
:নাপাই তেনেকৈ ক’ব । এনেকুৱা এটা ঘৰৰ কাৰণেও কিমানে
কান্দি আছে । মই হাঁহেৰেও ৰাজী, মাহেৰেও ৰাজী মানুহ । বুইছ । দে দে, কাপোৰ কেইটা উলিয়াই দে । তৰাই মোৰ কপাহী কুৰ্তা পাইজামা বোৰ এইটোতে ভৰাইছে ,ওপৰতে আছে ।
:মই মুখ হাত ধুই লওঁ, তুমি অকণমান ৰৈ দিয়া ।
:হ’ব । মই তেতিয়ালৈকে আমাৰ অনিৰুদ্ধৰ লগতে কথা পাতিছোঁ ।
মুখ হাত ধুই কাপোৰ কানি সলাই ওলাই আহিলোঁ । একেবাৰে ভাত খাই শোৱাৰ আগতহে মই গা ধুম । এতিয়া ধুই লাভ নাই ।
ককাক কাপোৰ উলিয়াই গা ধোৱাৰ যোগাৰ কৰি দিলোঁ ।
ককা বাথৰূমত সোমাল । আয়ু তেতিয়াও আহি পোৱাহি নাই ।
মই ককাৰ বেগ দুটা দাঙি নি ৰূমত থলোঁগৈ । অনিৰুদ্ধই কিবা ক’ব খুজিও সুবিধা পোৱা নাই ।
:I am sorry for that day..
:Okay.
:I mean it Ananya.
:I really don’t care.

(adsbygoogle = window.adsbygoogle || []).push({});

Read more

Abir Love Story 27 | Published by Indranee Sharma | Love Story

ৰাতিপোৱাটো আজি সেমেকা ।
ককাৰ বাঁহীৰ মাতত সাৰ পাইছোঁ মই, কিয় বজাইছে ইমান কৰুণ সুৰ ?
জানকী কানন এৰি যাবলৈ কষ্ট হৈছে ককাৰ । মই বুজিছোঁ । জীৱনৰ শেষৰ সময়ছোৱাত বিচ্ছেদ হৈছে নিজৰ ঘৰ খনৰ পৰা, পত্নীৰ পৰশ থকা প্ৰতিটো বস্তুৰ পৰা ।
ঘড়ীটো চালো,সাত বাজি গৈছে । দহটাত ওলাই যাবই লাগিব । বস্তু বেছি নাই সমাৰিবলৈ । দুদিনৰ কাৰণে সৰু বেগ এটাতে সৱ ভৰাই আনিছিলোঁ । ককাৰ হে বস্তু বেছি ।
পিন্ধি যাবলগীয়া টপ আৰু জিনছটো হাতত লৈ বাথৰুমত সোমালো ।

 

Abir Love Story 26 | Published by Indranee Sharma | Love Story

ইমান বেয়াপোৱা ঘৰখনলৈ মোৰ আজি নতুন মোহ এটা কিয় জাগিছে মই বুজা নাই । অপৰিসীম ঘৃণা কঢ়িয়াই ফুৰা বুকুত অলপ যেন আদৰে উকমুকাইছে । মা বুলি ভাবি অহা মানুহজনীক বেয়া পাব খুজিও কালিৰপৰা মই একেবাৰেই বেয়া পাব পৰা নাই । আৰু এদিন যেন থাকি যাম তেওঁৰ কাষত,আৰু ক’ম ,তোমাৰ সকলো দুখ উজাৰি দিয়া, কৈ পেলোৱা বুকু গধুৰ কৰি থকা কথাবোৰ ।

:মাজু, চাহ কাপ তলতে খাবিহি ।
:আহি আছো ।
তললৈ নামি আহি সেই মানুহজনীৰ সৈতে মই আকৌ মুখামুখি হ’লো । কান্দোনৰ চিন স্পষ্ট যদিও কঠোৰ মুখখন আকৌ দেখিছোঁ । তেওঁ দুখ নেদেখুৱাই । বিশেষকৈ দেউতাৰ সন্মুখত । সাত বজাতেই ঘৰখন হুলস্থূল আজি । টেবুলত দেউতাক দেখি মই উভতি খোজ ল’লো ।
:মাজু । এইখন লৈ যা ।
:কি ?
এখন চেক । একৰ পিছত কেইবাটাও শূণ্য।হিচাপ কৰাৰ ইচ্ছা নহ’ল ।
:দৰকাৰ হ’ব ।
:নহয় ।
:দৰমহা কিমান পাৱ মই জানো, এতিয়া ককাক লৈ কেনেকৈ চলিবি ? আৰু দেউতাৰ কাৰণে গাড়ী এখনো লাগিব । এইটো বয়সত বাছত ঘূৰাই নুফুৰিবি ।
:হিচাপ লাগে ? শুনক,বৰ্তমান দৰমহা মাত্ৰ চল্লিছ হেজাৰ পাওঁ । তাৰে প্ৰায় পোন্ধৰ হাজাৰ ঘৰ ভাড়া আৰু ইটো সিটো বিল দিওঁতে পাঁচ হেজাৰ মান যাব । বাকীখিনিৰে চলিব লাগিব । সাঁচিব নোৱাৰো এতিয়া । কিন্তু মনত ৰাখিব ককাই মোৰ লগত কেতিয়াও কষ্ট নাপায় ।
:তই চলিব পৰিবি বুলি জানো ,কিন্তু হ’লেও…
::হ’লেও কি ??

(adsbygoogle = window.adsbygoogle || []).push({});

তাৰ পিছত দেউতাৰ ক’বলগীয়া একো নাথাকিল । লাহেকৈ উঠি গ’ল । ককাই গোটেই ঘৰতে ধূপ ধুনা ঘূৰাইছে । তৰা আৰু নতুন সহায়কাৰী মানুহজনীয়ে ঘৰ চফা কৰিছে । আগতে কেতিয়াও পাকঘৰত একো কাম নকৰা মায়ে কিবা ৰান্ধি আছে । সোমাই যাওঁ বুলিও ৰৈ গৈছোঁ । আইতা গুচি যোৱাৰ পিছত ৰান্ধিনিয়ে ৰন্ধাই খাইছোঁ,পাকঘৰটো ও আগৰ দৰে হৈ থকা নাই।সলনি হ’ল ।
:ফ্রেছ হ’লি ?
:উম ।
:ৰাতিপুৱা কি খাবলৈ দিয়ে তাত ?
:চাউথ ইণ্ডিয়ান ব্ৰেকফাষ্ট থাকে প্ৰায়ে, লগত চাহ ।
:খালী পেটত গৰম পানী এগিলাচ খাবি, লগত পাৰিলে মৌ অকণ দি ল’বি ।
:উম ।
:বাহাদুৰৰ ঘৰৰ গাখীৰ খিনি ভাল, চাহ একাপ খাবি নেকি এতিয়া?ময়ো খোৱা নাই ।
:মই বনাও নেকি ? দুইজনীলৈকে বনাম ।
কেক ফেটি থকা মানুহজনীৰ হাত খন ৰৈ গ’ল, ঘূৰি চালে।শোক এটা হয়তো উজাই আহিছে, মুখত কিন্তু কোনো অভিব্যক্তি নাই ।
:তুমি অকণ বাহিৰলৈ যোৱা ।
নতুন কুকজন মোৰ কাষেৰেই পাৰ হৈ গ’ল ।
মোক বস্তুবোৰ দেখুৱাই দিলে তেওঁ । বাহাদুৰৰ ঘৰৰ গাখীৰবোৰ ডাঠ । অকণমান পানী মিহলাই দুকাপৰ জোখাৰে চছপেনটোত ঢালি দিলোঁ ।
:তুমি জিমলৈ নোযোৱা আজিকালি ?
:নাই,অলপ ঘৰতে খোজকাঢ়ি থাকোঁ, ওলাই যাবলৈ মন নাযায় ।
:পাৰিলে Yoga কৰিবা ।
:হমম ।
:লোৱা ।
চাহ কাপ লৈ তেওঁ চুমুক দি চালে ।
:ক’ত শিকিলি, ভাল হৈছে।
:কলিকতাত ।
:মাজু, ককাক লৈ তোৰ কষ্ট হ’ব । ৰন্ধা বঢ়া, অফিচৰ কাম সৱ কেনেকৈ কৰিবি ?
:পাৰিম । আজি অতবছৰে কষ্টই কৰি আহিছো । এতিয়া অন্ততঃ মনৰ কষ্ট কমিব ।
আঁতৰি আহিলোঁ, বেছি কথা পাতিলেই মই দুৰ্বল হৈ যাম ।

মায়ে ৰন্ধা বস্তুৰে ভৰা টেবুলখনত একেলগে খাবলৈ দেউতাও বহিছে । মন কৰিছোঁ আগৰ সেই দম্ভ অহংকাৰ লাহে লাহে যেন ম্লান পৰিছে । ককাক মই সঁচাকৈয়ে লৈ যাম বুলি হয়তো দেউতাই ভবাই নাছিল । এতিয়া সেইয়া সঁচা হোৱা দেখি অলপ হলেও তেওঁ লাজ পাইছে । পোৱা উচিত ।

কণ বিলাহী দিয়া মছুৰ দাইল, গাখীৰৰ সৰ দি ৰন্ধা ছাগলীৰ মাংস, জহা চাউলৰ পোলাও,ঘৰত বনোৱা পনীৰ আৰু নাৰিকলৰ গাখীৰ দি ৰন্ধা মাৰ স্পেচিয়েল ৰেছিপি, তৰাই বনোৱা চাটনি, পিটিকাৰে ৰাতিপুৱা চাৰে ন বজাতে খাবলৈ বহিছোঁ।ভোক লগা নাই । কিন্তু মায়ে যেন শেষবাৰৰ বাবে মোক খুৱাব খুজিছে । মানুহজনীক বহুবাৰ উপেক্ষা কৰিছোঁ, উফৰাই দিছোঁ তেওঁৰ অনুৰোধ, আদেশ, আব্দাৰ সকলোবোৰ । আজি কিন্তু পৰা নাই । সন্মুখত বহি ইটো সিটো যাচি থকা মানুহজনী ভীষণ কষ্টত আছে । মই বুজোঁ । আজি আৰু মই তেওঁক নতুনকৈ বিষ এটা দি থৈ নাযাওঁ ।
:মাজু, গাড়ী এখন ময়ে..

(adsbygoogle = window.adsbygoogle || []).push({});

:মনে মনে থাকা অধীৰ, বাপেকটো হৈ তাইক আজিও বুজি নাপালা । কি মানুহ হে তুমি।নিজৰ ভৰিত থিয় হৈ আজি তোমাৰ দেউতাকো চম্ভালিব পৰা ছোৱালীজনীৰ এই পইচা কেইটাৰ লোভ নাই বুলি কিয় বুজি পোৱা নাই তুমি ? চোৱা এবাৰ তাইক । আমাতকৈ কিমান বেলেগ, কিমান স্থিৰ । বস্তুবাদী নহয় তাই । তোমাৰ মোৰ দৰে কাৰো সৈতে প্ৰতিযোগিতাত নমা নাই । নিজৰ মতেই জীয়াই আছে । থাকিবলৈ দিয়া । তাইক যি লাগে তাই নিজেই ল’ব,আৰু নোৱাৰাখিনি তাই নিবিচাৰেও । সৱ মানুহে ঢুকি নোপোৱা বস্তু আজুৰি নিচিঙে ।

শেষৰ শাৰীটো যেন এপাত কাঁড় হে আছিল । দেউতাক ধৰাশায়ী কৰি পেলোৱা সেইপাত শৰ মায়ে যেন বহুদিনৰ পৰাই সাজু ৰাখিছিল । ককালৈ চালোঁ । তললৈ মূৰ কৰি ভাত খাইছে । নিৰ্লিপ্ততা বিৰাজমান । এইজন ককা দেউতাৰ ওচৰত কঠোৰ । কিন্তু সেইয়া কৰোঁতে ককাই বহুত দেৰি কৰিলে যেন লাগে কেতিয়াবা।দেউতা উঠি যাব খুজিলে
:মোৰ মনত কাৰো প্ৰতি একো নাই এতিয়া, মোক মাত্ৰ নিজৰ মতে থাকিব দিলেই ভাল পাম ।

তেওঁ আঁতৰি গৈছে । অলপ পাছত গাড়ী ষ্টাৰ্ট দিয়াৰ শব্দ ।
:গোসাঁনী, মোৰ কাগজপত্ৰ বোৰ ক’ত ল’ব লাগিব ।
:কিহৰ কাগজ ?
:কালি উইল খন কৰিলোঁ নহয়, তই ভাত খাবলৈ যাওঁতে । সেইবোৰ কাগজ লৈ যাব লাগিব ।
:কি আছে তাত ?
:তোক এতিয়া নকওঁ, পিছত গম পাবি ।

(adsbygoogle = window.adsbygoogle || []).push({});

দহ বজাত যোগেশ দায়ে গাড়ী ৰেডি কৰিলে, ককা কেতিয়াও মা বা দেউতাৰ গাড়ীত নুঠে । বহুতদিনৰ মূৰত ককাৰ কনটেছাৰ আহি চোতালত ৰ’লহি । সেইখন আজিকালি ঘৰত নাথাকে, দেউতাই কাৰোবাক বিক্ৰী কৰিব খোজাৰ বাবে সেইখন ককাই যোগেশ দাৰ ঘৰতহে থয় । ককাৰ দুয়োটা ট্ৰলী যোগেশ দাদায়ে ডিকিত ভৰালে ।
শেষৰবাৰৰ বাবে ৰূমটোত কিবা থাকি গৈছে নেকি চাই থাকোঁতে মা আহিল
:এইটো লৈ যা ।
:কি?এলবাম ?
:তাত গৈ চাবি । এতিয়া ভৰাই ল ।
মায়ে দিয়া পুৰণি এলবামটো বেগত ভৰাই ল’লো ।
:কিবা এটা দিলে ল’বি নে ?
:দিয়া ।
মায়ে হয়তো সপোনতো ভবা নাছিল তেনে এটি উত্তৰ । এক মিনিট সময়ো ৰৈ নাথাকি নিজৰ ৰূমলৈ দৌৰি গ’ল । ঘূৰি আহোঁতে হাতত এটা পেকেট ।
:এইটো তোৰ ।
:কি আছে ? খুলি চাওঁ নে ?
:উমম ।
এযোৰ ধুনীয়া মেখেলা চাদৰ । ৰঙা ৰঙৰ কাপুৰযোৰত গুনাৰ ফুল বাছি থোৱা আছে ।
:এইবোৰ কিয় দিছা?ক’ত পিন্ধিম মই ?
:তই যেতিয়া মনেৰে মিলা মানুহ বিচাৰি পাবি, এইযোৰ পিন্ধি ফটো এখন তুলি মোলৈ পঠাবি । ছোৱালীৰ বিয়া পতাৰ হেঁপাহ মোৰ নাই, কিন্তু এজনীকো কইনা সাজত নেদেখিম বুলি ভাবিলে কেতিয়াবা দুখ এটাই…..
:তুমিও সেইবোৰ ভাবা নে ?
:বাদ দে সেইবোৰ । লৈ যা । মই নিজেই বোৱাইছোঁ শালত দি । ডিজাইনটো মোৰ । লৈ যাচোন, প্লিজ ।
বেগত ভৰোৱা দেখি তেওঁৰ চকুৰপানী বৈ আহিল।মই বুজি পাওঁ । তেওঁ মোক থবলৈ নাযায়।ককাৰ সৈতে যাওঁ বুলি ক’বলৈ তেওঁক তেওঁৰ ইগ’ য়ে বাধা দিছে।ইমান সোনকালে মানুহ সলনি হ’ব নোৱাৰে । তাতে ককাই মানা কৰি দিলে তেওঁৰ আত্মসন্মানত আঘাত লাগিব । মই বুজোঁ, জেদী মানুহৰো আচলতে বহুত দুখ থাকে ।
দুৱাৰমুখত ৰৈ আছে তেওঁ । ককা গৈ গাড়ীত বহিল । তৰাই জোৰ কৰি খোৱাবস্তু অলপ ককাৰ বেগতে ভৰাই দিছে ।মাৰ খোজবোৰ নচলাৰ দৰে । মই গাড়ীৰ ফালে আগবাঢ়ি অহা দেখি তেওঁ কঁপিছে, হ’লেও ইমানবোৰ মানুহৰ আগত তেওঁ কান্দিব নোৱাৰে, মোক সাৱটি ধৰিবও নোৱাৰে মই জানো…
কিন্তু মই নোৱাৰিলোঁ..


(adsbygoogle = window.adsbygoogle || []).push({});

উভতি গৈ দুহাতেৰে চপাই ললোঁ ৰৈ ৰৈ কঁপি থকা ধুনীয়া মানুহজনী..
মাবোৰৰ বোলে এটা সুকীয়া সুগন্ধি থাকে, মই নাজানো । আজি যেন বিচাৰি পাইছোঁ..
:মই তোক একোৱেই দিব নোৱাৰিলোঁ…
:তোমাৰ মন গ’লেই আহিবা মোৰ ওচৰলৈ ।
:মোক বেয়া পায় নেথাকিবি মাজু…
:যাওঁ..

গাড়ীত উঠি আকৌ এবাৰ ঘূৰি চালো, দুৱাৰমুখত বহি দিছে মানুহজনী, বাহাদুৰে গেইট খুলি দিছে, ওলাই আহিছোঁ জানকী কাননৰ প্ৰকাণ্ড গেইটৰ সিপাৰে । পিছৰ ছিটত ফেঁকুৰি কন্দা ককাই বাৰে বাৰে বিৰবিৰাইছে..
:মই আকৌ আহিম শেৱালি.. থাকিবা ভালকৈ । মাধৱ, শকতি দিয়া ।

যোগেশ দায়ে চকু কেইটা টিপিয়াই দিওঁতে টপটপকৈ পানী পৰিছে…মই বাৰু সকলোকে দুখ হে দিলোঁ নেকি ?????

কলিকতাত দুঘণ্টা ৰৈ নিশা চাৰে আঠ বজাত হে বেংগালুৰু এয়াৰপোৰ্ট পালোহি । বেগ লৈ ওলাই মেলি আহোঁতে নটা বাজিলে । আয়ু আহিছে । ফোন অন কৰোঁতেই মেছেজ । কিয় আহিছে নাজানো । মই কেব লৈ গুচি যাব পাৰিলোঁহেনে । সি আহি কাম হে বঢ়াই দিলে । দুটাকৈ বেগ,লগতে ককাক লৈ আয়ুৰ location বিচাৰি বিচাৰি অৱশেষত পালোগৈ । সি দৌৰি আহিছে । আৰু তাৰ পিছে পিছে গম্ভীৰ খোজেৰে সেইয়া…

অনিৰুদ্ধ !
বুকুখন সশব্দে কঁপি উঠিল ।
আয়ুয়ে ককাৰ ভৰি চুই সেৱা কৰিলে । ককাই তাৰ গালে মূৰে হাত ফুৰাই ঢেৰ কিবাকিবি সুধিছে ।
:এওঁ কোন ?
অনিৰুদ্ধই সামান্য হাউলি ককাৰ ভৰি কেইটা চুই দিলে ।
কোন বুলি কম এতিয়া ককাক ?
:মোৰ ফ্রেণ্ড ককা ।
আয়ুয়ে উত্তৰ দিলে । বেগ এটা আয়ুক দিলোঁ।আনটো বেগ অনিৰুদ্ধই মোৰ হাতৰপৰা ল’ব খুজিছিল, এৰি নিদিলোঁ । ককা আৰু আয়ু অলপ আগবাঢ়িল ।
:কিয় আহিছে ?
:তোমাক চাবলৈ ।
:Nonsense.
:I agree.
:
:বেগটো দিয়া নহ’লে তোমাকে ডাঙি লৈ যাম । And you know I can do that.

( আগলৈ )

Abir Love Story

Read more

Abir Love Story 26 | Published by Indranee Sharma | Love Story

মোৰ জীৱনটো মিছাৰেই আৰম্ভ, আশা কৰিছোঁ মিছাতেই যাতে শেষ নহওক ।
মা
হেনো এদিন এইখন ঘৰ এৰি গুচি গৈছিল।জীৱনত কোনোদিন ইয়ালৈ ঘূৰি নাহোঁ
বুলি । লগত তিনি বছৰীয়া বা । ককা আইতাই হাজাৰ চেষ্টা কৰিও ঘূৰাই আনিব পৰা নাছিল
মাক । দেউতাই হাত তুলিছিল মাৰ গাত।কোনোদিন মাকৰ ঘৰত কাৰো গালি এটাও শুনি
নোপোৱা মায়ে সেইয়া সহিব নোৱাৰি গুচি গৈছিল ।
মামাৰ ঘৰখন সমানেই চহকী । এনে নাছিল যে মাৰ থাকিবলৈ জেগা নহ’ব ।

var aax_size=’728×90′;
var aax_pubname = ‘pbcenter20-21′;
var aax_src=’302’;

:তোৰ বাপেৰে মোৰ গাত জ্বলা চিগাৰেট লগাই দিছিল।কন্দা নাছিলোঁ মই । দুই চৰ মাৰি ঘৰ এৰি গুচি গৈছিলোঁ ।

 

Abir Love Story 25 | Published by Indranee Sharma | Love Story

কিন্তু মাৰ সেই সিদ্ধান্ত স্থায়ী
নহ’ল । গুচি যোৱাৰ পিছতেই মায়ে গম পালে যে মাৰ পেটত দ্বিতীয় সন্তানে উশাহ
লৈছে ।সকলোৱে মাক বুজাই বঢ়াই সিদ্ধান্ত সলনি কৰিবলৈ জোৰ কৰিলে । সমাজৰ ভয়ত,
মানুহে কি ক’ব, আগলৈ কি হ’ব ,কথা একেবোৰেই ।
খবৰ পাই দেউতা ও মাৰ ওচৰত
নতশিৰে থিয় হৈ ক্ষমা খুজিলেগৈ । ককা আইতাৰ বুজনি, দেউতাৰ কাকূতি মিনতি আৰু
নিজৰ মাক দেউতাকৰ বুজনিত মা আকৌ এইখন ঘৰলৈ ঘূৰি আহিল ।
দেউতাই ল’ৰা বিচাৰি পূজা আৰম্ভ কৰিলে । সম্পত্তিৰ উত্তৰাধিকাৰী লাগে তেওঁক ।
কিন্তু…


(adsbygoogle = window.adsbygoogle || []).push({});

সময়ত মাৰ দ্বিতীয় সন্তান জন্ম হ’ল,গৰ্ভতে প্ৰাণ হেৰুৱা এটা পুত্ৰ সন্তান । দেউতাক জনাইছিল ডক্টৰে ।
সপোন ভাঙিলেও দেউতাৰ ব্যৱসায়ী মন ভঙা নাছিল ।
মা,
ককা, আইতা কোনেও নজনাকৈ দেউতাই ডক্টৰৰ সতে লগলাগি লিখিছিল মোৰ জীৱন
কাহিনী । কেঁচুৱাৰ উশাহ লোৱাত কষ্ট হৈছে বুলি দুদিন কাকো নেদেখুৱালে মৃত
ভাইটিক ।
আৰু কোনেও নজনাকৈ কোনোবা কন্যা সন্তান বুলিয়েই হস্পিতালত এৰি থৈ যোৱা মোক লৈ আনি দেউতাই মাক দেখুৱাইছিল ।
“ছোৱালী হৈছে”
সেই মিছাৰেই মোৰ এইখন ঘৰলৈ আগমন।মায়ে মৰম কৰিছিল মোক।ককা আইতাইও সাৱটি লৈছিল নিজৰ বুলি ।
কিন্তু
মাকে জানো চিনি নাপাব নিজৰ তেজক,দেউতাৰ মিছা বেছিদিন লুকাই নাথাকিল । সকলো
গম পোৱাৰ পাছত মায়ে মোক তুলি ল’বও নোৱাৰিলে,পেলাই দিবও নোৱাৰিলে । দেউতাই
নিজৰ হৈ যুক্তি দিলে, মাক হেৰুওৱাৰ ভয়তে হেনো তেওঁ তেনেকুৱা কৰিলে । কাৰণ
কেৱল আহিবলগীয়া সন্তানৰ শপত দি ঘূৰাই অনা মানুহজনী যে আকৌ গুচি যাব পাৰে,
সেইয়া তেওঁ ও জানিছিল।ককা আইতাই ভাগ্যৰ লিখন বুলি মানি মোকেই নিজৰ কৰি
লৈছিল ।
কিন্তু মায়ে নোৱাৰিলে ।
এতিয়াও পৰা নাই ।
মাৰ দ্বিতীয়
সন্তানতকৈ দুদিন আগত মই এই পৃথিৱীলৈ আহিছিলো । মায়ে কেতিয়াও পাহৰিব খোজা
নাছিল মাৰ লগত হোৱা সেই অন্যায়, সেই প্ৰতাৰণা।মোক দেখিলেই যাতে তেওঁ দেউতাৰ
প্রতি থকা ক্ষোভ জগাই তুলিব পাৰে, সেইবাবে মোৰ নাম ৰাখিলে
“মাজু’”
:মৰিলেও তো সি মোৰ ল’ৰা আছিল, ঘৰখনৰ সৰু ।

Abir Love Story 25 | Published by Indranee Sharma | Love Story

 

কি
শুনি আছোঁ মই । এই মাজৰাতি মোৰ ৰূমত নিজৰ কাহিনী কৈ থকা মানুহজনী মই আজিও
বুজিব নোৱাৰিলোঁ । ককাই অথনি একো নক’লে মোক । খঙত গুচি আহি ৰূমতেই বন্ধ কৰি
ৰাখিছিলোঁ নিজকে । তৰাই ভাত খাবলৈ মাতি মাতি নিব নোৱাৰিলে মোক । মা নিজেই
আহিল।ওলাই নগ’লো । ককা আহি দুৱাৰমুখত ৰৈ ৰৈ ভাগৰি যোৱা দেখিহে ওলাই
গৈছিলোঁ ।দেউতাক দেখিও নেদেখাৰ দৰে তললৈ মূৰ কৰি ককাৰ ওচৰত বহি কিবা এটা
গিলিলো । আকৌ আহি বহি আছিলোঁহি ৰূমত অকলে।মাজনিশা দুৱাৰখন টুকৰিয়াই মা বুলি
ভাবি অহা মানুহজনীয়ে কেইবাবাৰো মাতিলত দুৱাৰ খুলি দিছিলোঁ । আৰু তাৰ পাছত…
বিচনাত
এফালৰ পৰা নিজৰ অতীত মেলি বহি আছে এজনী অসহায় যেন লগা কঠোৰ মুখৰ
মানুহ । ইমান দুখ, ইমান অপমান, ইমান প্ৰতাৰণা মনত পেলাইয়ো এটোপাল চকুপানী
টোকা নাই কিয় এই মানুহজনীয়ে ।
কিয় এবাৰো উচুপি উঠা নাই হেৰাই যোৱা সন্তানটোৰ কথা ভাবি ?
কিয় কন্দা নাই আনৰ সন্তানক নিজৰ কৰিব নোৱাৰাৰ দুখত ?
কিয় কন্দা নাই কেৱল মানুহৰ হেঁচাত অপ্ৰেমৰ সৈতে সহবাস কৰাৰ দুখত ?
:মই
সৱকে বেয়া পাওঁ মাজু । তোৰ নিচিনাকৈ । মোৰ মা দেউতাই যদি মোক পঠিয়াই নিদি লগতে
থাক বুলি ক’লেহেঁতেন ।আজি জীৱনটো বেলেগ হ’লহেঁতেন । তাৰ পাছৰপৰাই বাদ দিলোঁ
ঘৰলৈ যোৱা । কাৰোৰে সৈতে সম্পৰ্ক নাই মোৰ । কোনো নাই মোৰ ।

 

(adsbygoogle = window.adsbygoogle || []).push({});

কি উত্তৰ দিম মই।সৱ মানুহ বেচেৰী হ’ব নোৱাৰে, হ’ব নোখোজে।সেইবোৰ
মানুহক মানুহে সহজে ভাল নাপায় । মায়ে নোৱাৰিলে কান্দিব, দুখ কৰিব । কঠোৰ হৈয়ে
পাৰ কৰিলে জীৱনৰ দুঃসময় । এতিয়াও কন্দা নাই মানুহজনীয়ে।
:চিগাৰেট আছে নেকি ?
থতমত খালোঁ।মায়ে Smoke কৰে মাজে মাজে,সেইয়া মই জানো । কিন্তু মোক এনেকৈ খুজিছে যে !
:তই এইবোৰ এৰিবি, নিজৰে ধ্বংস হয় । কিন্তু মোক এটা লাগে । দেচোন আছে যদি ।
উলিয়াই দিলোঁ । পাফ কেইটামান টানি খিড়িকীৰে পেলাই দিলে ।
এইবাৰ মই বহি থকা চকী খনৰ ওচৰলৈ আহি তেওঁ মোৰ চুলিখিনি মোহাৰি দিলে
:মই বেলেগ মাজু । স্বাৰ্থপৰ বুলিও ভাবিব পাৰ।হয়তো হয় ।
তোৰ
আইতাৰ দৰে আদৰ্শ বোৱাৰী আদৰ্শ মাক মই নহয় । ভাল মানুহ আছিল তেখেত । কিন্তু
পুত্ৰস্নেহত অন্ধ আছিল ।ককাৰো একেই।কিন্তু মানুহজনে তোক মনে প্ৰাণে ভাল
পায়।লৈ যা । সুখেৰে থাক গৈ । ইয়ালৈ নালাগে আহিব । একো বাকী নাই ইয়াত ।

মোৰ বুকুত ধুমুহা নমাই ইমান প্ৰশান্ত হৈ আছে কেনেকৈ ।
কি ভাবিম,কি কৰিম কি লৈ জীয়াই থাকিম ।
একোৱেই চোন উত্তৰ নাই মোৰ ওচৰত ।
:মই এতিয়া কি কৰিম ?
যাব খোজা মানুহজনী ৰৈ গ’ল

(adsbygoogle = window.adsbygoogle || []).push({});

:একো কৰিব নালাগে।মাত্ৰ এটা ভাবি সুখী হ, যে তোৰ লগত অন্যায় কৰা মানুহজনী তোৰ নাছিলেই কোনোদিন । পাতল লাগিব।মোক বেয়া পাবলৈ সহজ হ’ব ।
:হমম।ঠিকেই
কৈছা । তোমাৰ লগত যি হ’ল সেইয়া শুনি মোৰ দুখ লাগিছে । কিন্তু সেইবুলিয়েই মই
তোমাৰ সকলো ভুল পাহৰি ভাল পাব নোৱাৰোঁ তোমাক । মা বুলি মাতিবও নোৱাৰিম ।
:মা বুলি ভাবিব নালাগে, বন্ধু বুলিয়েই ভাবিবি । তোৰ সুখ দুখত থাকিম । থুপুক আনি দিম মই । সি তোৰ । বহুত ভুল কৰিলোঁ, খঙত, জেদত ,দুখত ।
:Thank you.
:মাজু,মোৰ দৰে জীৱনটো ধ্বংস নকৰিবি । বৰ কষ্ট হ’ব পিছত।নিজৰ ভাল লগাবোৰ লৈ আগবাঢ়ি যা ।
:হমম।
:শুই থাক।মই ইয়াতে আছোঁ । কাইলৈ যাব লাগিব নহয় ।
:ইয়াত শুবা তুমি ?
:চকীতে বহিছোঁ, তই শুবলৈ চেষ্টা কৰ ।
ঘড়ীটোলৈ চালোঁ ,আঢ়ৈ বাজিছে । মাৰ কথামতে গাৰুত মূৰ থৈ চকুদুটা জপাই দিলোঁ । মোৰ আজি দুখ লগা নাই কিয় ?
মায়ে
কোৱাৰ দৰে যেন অলপ সুখী হে হৈছোঁ এইয়া জানি যে যিবোৰ মানুহৰ মৰম বিচাৰি
হাহাকাৰ কৰিছিলোঁ সেই মানুহবোৰ মোৰ নিজৰ নাছিল । এইয়া কেনেকুৱা অনুভৱ মই
নাজানো।মাৰ প্ৰতি মোৰ আক্ষেপ বোৰ হঠাতে নাইকিয়া হৈ নাযায়, কিন্তু আজি
তেওঁলৈ মোৰ খং উঠা নাই । আঁৰ চকুৰে চালোঁ, ডিম লাইটতো জ্বলাই খিড়িকীৰ
পর্দাবোৰ টানি দিছে ।চকীখনত বহি এবাৰ মোৰ ফালে চাই এবাৰ ওপৰলৈ চাই চকুকেইটা
হেঁচা মাৰি ধৰে । কান্দিবও নাজানে চাগে মোৰ দৰেই ।
কিয় মই পৰা নাই তেওঁক সান্তনা দিব ?
কিয় পৰা নাই সাৱটি ধৰিব ?
এনে দূৰত্ব সদায় কিয় থাকে আমাৰ মাজত ?

Abir Love Story 25 | Published by Indranee Sharma | Love Story

সময়বোৰ ঘড়ীৰ টিক টিক শব্দৰ সৈতে পল অনুপল কৈ হেৰাই গৈছে । মা তেনেকৈয়ে বহি আছে এতিয়াও । আঁতৰি যোৱা নাই ।
:তোমাক এতিয়া কি বুলি মাতিব লাগিব মই ?
মানুহজনী উঠি আহিল, মোৰ কাষতে বহিল ।
:তোৰ যি মন যায় ।
:মা বুলিয়েই মাতিম নেকি?এতিয়া আৰু বেলেগ কিবা..
:মাজু অ’
এইবাৰ মোক জোৰেৰে সাৱটি পাগলৰ দৰে কান্দিছে কঠোৰ মানুহজনীয়ে।কঁপি কঁপি বিৰিবিৰাইছে মোৰ গোপনে সাঁচি ৰখা কথাবোৰ ।
আৰু এতিয়াও মই দুহাত মেলি ধৰিব পৰা নাই তেওঁক…
উফ কি এই বিষৰ নাম ?

পাঁচ বজালৈকে উচুপি উচুপি কান্দি থকা মানুহজনী মোৰ কাষৰ খালি ঠাইখিনিত
ক্ষন্তেক আগতে টোপনি গৈছে । লাহেকৈ উঠি গৈ বাথৰূমত চকু হাল ধুই
আহিলোঁ । silent কৰি ৰখামোবাইলটো চাওঁতে দেখোঁ এটা আকাংক্ষিত মেছেজ ।
অনিৰুদ্ধৰ ।
“Please come back soon, I can’t take this pain anymore”
আৰু মই কাক কওঁ, মোৰো যে সহিব নোৱাৰাকৈ বিষ জমা হৈছে ।

( আগলৈ )

Abir Love Story

Read more