:I love you Ananya.
পিছফালৰ পৰা মোক দুহাতেৰে সামৰি ল’লে অনিৰুদ্ধই । মোৰ চুলিত মুখ গুজি ভালপোৱাৰ প্ৰকাশ কৰা মানুহজন সঁচা নে ?
মোক এনেকৈ সামৰি লোৱা মানুহ আছেনে ?
মোক ভালপাওঁ বুলি কোৱাও সহজ নে ?
এইয়া ক্ষন্তেকীয়া আৱেগ নে জীৱনজোৰা সমৰ্পনৰ আৱাহনী সংগীত ?
অনিৰুদ্ধৰ সৱল দুবাহুত চটফটাই উঠিলোঁ মই ।
হঠাৎ তেওঁ কি কৰি পেলালে হয়তো তেওঁ নিজেই নাজানে ।
মই আচৰিত হোৱাই নহয়, অস্থিৰো হৈছোঁ ।
বুকুৰ শুকান শুকান অনুভৱবোৰ তেওঁৰ উশাহৰ উমত গলি গলি মোৰ চকুৱে দি বৈ আহিছে ।
নিৰৱধি ।