অনিৰুদ্ধ !!!
মমৰ দৰে যেন গলি গলি শেষ হৈ যাব । জোৰকৈ খামুচি ধৰিছে মোক, বুকুত মূৰ থৈ সৰু ল’ৰাৰ দৰে কান্দিছে । কেনেকৈ সামৰি ৰাখিছিল তেওঁ ইমানখিনি দুখ !
কেনেকৈ হাঁহি আছিল আমাৰ আগত ?
ঘন চুলিকোচাত হাত ফুৰাই দিওঁতে ময়ো কঁপিছোঁ ।
আপোন কাৰোবাক হেৰুৱাৰ দুখ মই নুবুজোঁ, কিন্ত নিজৰ আপোন বুলিবলৈ কোনো নথকা মানুহে দুখবোৰ বেছিকৈ বুজি পায় । মই তেওঁক আজি নাকান্দিব বুলিও নকওঁ ।
কান্দি কান্দি যদি তেওঁ ভাগৰি পৰে, বিষাদবোৰো ভাগৰি পৰিব । মোৰো মন যায় এনেকৈ কান্দিবলৈ, কিন্তু মই নোৱাৰোঁ । যেতিয়াই বেছিকৈ দুখ লাগে,বিলাতী সুৰাৰ বটল খালী কৰি পেলাওঁ । লানি নিছিগাকৈ চিগাৰেট জ্বলাই থাকোঁ । কিন্তু চকুৰপৰা পানী নোলায় । মুখৰ পৰা গালি ওলাই, শেষ কৰি দিবলৈ মন যায় সকলো, ভাঙি পেলাবলৈ মন যায় চাৰিওফালৰ বস্তুবোৰ ।
কিন্তু কান্দিব নোৱাৰোঁ ।

