বুকুৰ কোণত এসোপা অভিমান লৈ ৰাতিটো পাৰ কৰিলোঁ । অনিৰুদ্ধই ফোন মেছেজ একোৱেই নকৰিলে । ৰাতিপুৱাই উঠি আহি দেখোঁ আয়ুৰ মাক বাৰাণ্ডাত বহি আছে । ককাৰ চকীখনৰ কাষতে সৰু টুল এখন লৈ বহিছে । একেই আছে খুড়ী । বগা, অলপ শকত, থুপুকী । আয়ুৰ সৈতে মুখ খন একেই ।সেন্দূৰৰ ফোঁটটো জোখতকৈ অলপ ডাঙৰ কৈ লয়।মুখত তামোল থাকেই । নামটোও ধুনীয়া, তগৰ ।
:ভালনে খুড়ী ।
:ইয়’,ইমান বেলেগ হ’লি দেখিবলৈ, কালিয়েই আহি যে সোমাই আছহি, আমাৰ ফালে পাক এটা মাৰিব নাপায় নে ?
:কালি অকণ ভাগৰ লাগিলে ।
:ই আই, তাইৰ ভাগৰ চোৱা । ওচৰলৈ আহচোন ।
তামোলৰ মুখ খন গালত লগাই চুমা খোৱাৰ দৰে কৰে খুড়ীয়ে । আয়ৈ,ইয়’ই শব্দবোৰ থাকেই ।
:আমাৰ এইটোক থৈ আহিলি কেলেই ? দুইটা অহা হ’লে বেছি ভাল লাগিলেহেঁতেন ক’।
:সি আহিব কেইদিনমান পিছত, ছুটি নাইপোৱা ।
আয়ুয়ে হিবাক অকলশৰীয়া কৰি এৰি থৈ আহিব নোৱাৰে।মই থাকিলেও বেলেগ কথা । ভায়েকৰ ৰিলিজ হৈ নোযোৱালৈকে সি আহিব নুখুজিলে ।
:ভাত আমাৰ ঘৰতহে খাবি আজি ন । সৱ গোটাই থৈছো । ন-ছোৱালী কামত লাগিলেই । তই তাইক দেখাই নাই নহয় ।
আয়ুৰ নবৌয়েক । বিয়াৰ কথা জানিছিলোঁ । আয়ুৰ ফোনত ফটো দেখিছোঁ যদিও লগ পোৱা নাই ।
:ইমান ৰাতিপুৱাই ভাত ? নটা বাজিছেহে খুড়ী । আৰু মই ব্ৰাছ কৰাই নাই ।
:যা যা । সাউৎকৈ ওলাই আহ । গা আমাৰ ঘৰতে ধুবি । আগতে কিমান গা ধুৱাই দিওঁ মই দুয়োটাকে।ধূলি বালি লৈ খেলি থাক যে । মাৰে গালি পাৰে বুলি আকৌ ।
খুড়ীক ককাৰ সৈতে কথা পাতিবলৈ দি ভিতৰলৈ আহি টেবুলত মাক ব্ৰেকফাষ্ট সজাই থকা দেখিলোঁ।
:মই আয়ুহঁতৰ ঘৰত ভাত খাম আজি । গা ধুই যামেই। মোলৈ সজাব নালাগে ।
:ভাত তাত খাবি, ব্ৰেকফাষ্ট কৰি যা । খুড়ীয়েও খাব ইয়াতে ।
মায়ে খুড়ীৰ সৈতে কেতিয়াও ভালকৈ কথা পতাও দেখা নাছিলোঁ । আজি কি হৈছে ধৰিব পৰা নাই । গা ধুই কাপোৰ কানি পিন্ধি ওলাই আহি দেখোঁ টেবুলত খুড়ী, ককা, মা একেলগে বহি চাহ খাই আছে । লগতে বহি খালোঁ । মায়ে গৰু ঘিঁউত লুচী ভাজিছে । মোৰ থালত দি থাকোঁতেই দেউতা আহিল ।
:মাজু,কাইলৈ ফ্লাইট কেইটাত তোৰ ?
Also Check: Abir Love Story 23 | Published by Indranee Sharma
:দুটাত ।
:ইমান কম দিনৰ কাৰণে আহিলি যে ?
:মোৰ বেছি যেনেই লাগিছে ।
কথাবোৰ সিমানতে অন্ত পৰিল । চাহকাপ খাই খুড়ীৰ সৈতে ওলাই আহিলোঁ ।
আয়ুহঁতৰ ঘৰখন আগতকৈ সলনি হ’ল । আগফালে নানা ৰঙী টাবত ধুনীয়া ধুনীয়া ফুল সজাই থোৱা আছে । গেইটখন নতুন । জুৰি বা বিয়া হৈ গ’ল।অপূৰ্ব দাদাৰ নতুন কইনা আহিল । অকণমানি মাইনা এটাও আছে । এবছৰ হোৱাই নাই । মই আৰু খুড়ী সোমাই যাওঁতেই অপূৰ্ব দাদা ওলাই আহিল..
:সেইজনী আমাৰ ছোৱালীজনী, কালিয়েই আহিলি বোলে । বহুত ডাঙৰ হৈ গলি অ’ । আহ আহ । হে’ৰা, আহিলে দেই তোমাৰ আলহী ।
(adsbygoogle = window.adsbygoogle || []).push({});
